Logo
image

‘নীৰৱ মোদী’ বুলি কৈ নিলম্বিত কংগ্ৰেছৰ দলনেতা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ আগষ্টঃ বেংকৰ পৰা ঋণ লৈ দেশ এৰি পলায়ন কৰা গুজৰাটী ব্যৱসায়ী নীৰৱ মোদীৰ নাম লৈ সদনৰ পৰা নিলম্বিত হ’ল কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰী৷ অৱশ্যে তেওঁ নীৰৱ মোদী প্ৰসংগত কোনো বক্তব্য উত্থাপন কৰা নাছিল, মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক তেওঁ ‘নীৰৱ মোদী’ বুলি মন্তব্য কৰিছিল৷ ফলত আশোভনীয় আচৰণৰ বাবে কংগ্ৰেছৰ লোকসভাৰ সংসদীয় দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীক অধিৱেশনৰ প্ৰায় শেষ সময়ত, প্ৰধানমন্ত্ৰীৰ বক্তৃতাৰ অন্তত লোকসভাৰ পৰা নিলম্বিত কৰে৷ বৃহস্পতিবাৰে তেওঁ প্ৰধানমন্ত্ৰীক মণিপুৰ প্ৰসংগত নীৰৱ মোদী বুলি মন্তব্য কৰিছিল৷ অৱশ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উত্থাপন কৰা প্ৰস্তাৱত সেই কথা উল্লেখ নাই, বৰং দুৰ্বব্যৱহাৰৰ বাবে তেওঁক নিলম্বিত কৰিব লাগে বুলি প্ৰস্তাৱ উত্থাপন কৰে৷ যোশীৰ মতে কংগ্ৰেছৰ দলনেতাজনে চৰকাৰী পক্ষৰ বক্তাৰ বক্তৃতাৰ মাজত বহুসময়ত হস্তক্ষেপ কৰি আছিল৷ বিৰোধী শূন্য সদনত সেই প্ৰস্তাৱ বিনা বাধাই গৃহীত হয়৷ উল্লেখ্য, ইয়াৰ পূৰ্বে দেশৰ সংসদীয় ইতিহাসত কেতিয়াও কংগ্ৰেছৰ লোকসভাৰ দলপতিক নিলম্বিত কৰা হোৱা নাছিল৷ এতিয়া এই প্ৰস্তাৱ সদনৰ ‘প্ৰিভিলেজ কমিটী’লৈ প্ৰেৰণ কৰা হৈছে৷ যেতিয়ালৈকে ‘প্ৰিভিলেজে কমিটী’য়ে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে অধীৰ ৰঞ্জন চৌধুৰী নিলম্বিত হৈ থাকিব৷