Logo
image

জনজাতীয়ৰ বাবে সংৰক্ষিত ১৯ সমষ্টি, অনুসূচিতৰ বাবে ৯টা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ আগষ্টঃ বহু জল্পনা-কল্পনাৰ অন্ততঃ শুকুৰবাৰে দেশৰ নিৰ্বাচন আয়োগে ১২৬টা বিধানসভা সমষ্টি আৰু ১৪টা লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা ঘোষণা কৰে৷ এই তালিকা অনুসৰি এতিয়াৰে পৰা ৰাজ্যৰ ১৯টা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে আৰু ৯টা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হ’ব৷  চূড়ান্ত তালিকা অনুসৰি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ সংখ্যা ৮ৰ পৰা ৯টালৈ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ১৬টাৰ পৰা ১৯টালৈ বৃদ্ধি পালে৷ ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত থাকিব৷ সেই অনুসৰি অনুসূচীত জনজাতিৰ বাবে ১৯টা বিধানসভা সমষ্টি সংৰক্ষিত থাকিব৷ এই সমষ্টিকেইটা হ’ল– দোতমা, কোক্‌ৰাঝাৰ, দুধনৈ, চিদলী-চিৰাং, বকো-ছয়গাঁও, বাগ্‌সা, তামুলপুৰ, ওদালগুৰি, ঢকুৱাখনা, জোনাই, মাজুলী, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখং, আমৰি, হাফলং, গোৱালপাৰা [পশ্চিম] আৰু ধেমাজি৷ অনুসূচিত জাতিৰ বাবে বৰপেটা, হাজো, শুৱালকুছি, ডিমৰীয়া, জাগীৰোড, ৰহা, বিহালী, নাওৱৈছা, ধলাই আৰু ৰামকৃষ্ণনগৰ সমষ্টি সংৰক্ষণ কৰা হয়৷