Logo
image

মহাআড়ম্বৰেৰে এয়াৰ ইণ্ডিয়াৰ ল’গ’ উন্মোচন

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ আগষ্টঃ টাটা গোষ্ঠীয়ে পুনৰ নিজৰ হাতলৈ নিয়া এয়াৰ ইণ্ডিয়াৰ ৰং-ৰূপ সম্পূৰ্ণ সলনি কৰি চকুতলগা আৰু অত্যাধুনিক কৰি তুলিছে৷ বহু বিলিয়ন ডলাৰেৰে ৪৭০খন নতুন এয়াৰক্ৰেফট ক্ৰয়ৰ বাবে চুক্তি সম্পন্ন কৰা এয়াৰ ইণ্ডিয়াৰ বিমানৰ ৰূপ এইবাৰ সম্পূৰ্ণ ভিন্ন আৰু আকৰ্ষণীয় হ’ব৷ সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমানৰ ল’গ’৷ বৃহস্পতিবাৰে টাটা গোষ্ঠীয়ে এয়াৰ ইণ্ডিয়াৰ নতুন ল’গ’ আৰু বিমানৰ ‘লিভাৰি’ৰ নতুন ৰূপ উন্মোচন কৰে৷ এয়াৰ ইণ্ডিয়াৰ নতুন ল’গ’ৰ নাম হ’ব ‘দ্য ভিস্তা’৷ সোণোৱালী খিৰিকিৰ ফ্ৰেমৰ পৰা প্ৰেৰণা লৈ ‘দ্য ভিস্তা’ নামৰ নতুন ল’গ’ৰ নক্সা কৰা হৈছে৷ এই নতুন ল’গ’ৱে নতুন সাহসী ভাৰত, সীমাহীন সম্ভাৱনীয়তা, প্ৰগতিশীলতাক প্ৰতিনিধিত্ব কৰিব৷ এয়াৰ ইণ্ডিয়াৰ যাত্ৰীয়ে নতুন ল’গ’ চলিত বছৰৰ শেষত ডিচেম্বৰত নতুন এয়াৰবাছ এ৩৫০ত দেখিবলৈ পাব৷ ‘লিভাৰি ডিজাইন’ বা বিমানৰ শৰীৰৰ ৰং হ’ব গাঢ় ৰঙা, য’ত সোণালী পৰশ থাকিব৷ নতুন ল’গ’, ‘লিভাৰি ডিজাইন’ উন্মোচন কৰি এয়াৰ ইণ্ডিয়াৰ চিইঅ’ কেম্পবেল উইলছনে কয়– ‘আমাৰ এই ৰূপ পৰিৱৰ্তন আৰু নতুন ব্ৰেণ্ডে এয়াৰ ইণ্ডিয়াক বিশ্বমানৰ এয়াৰলাইন্স হিচাপে গঢ়ি তোলা আৰু অতিথিক সৰ্বোচ্ছ পৰ্যায়ৰ সেৱা আগবঢ়োৱাৰ মানসিকতাক প্ৰতিফলিত কৰিব৷ ইয়াৰ জৰিয়তে এটা ভাৰতীয় বিমান পৰিৱহন সংস্থাই বিশ্ব পৰ্যায়ত ভাৰতক শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰিব৷’ ল’গ’ আৰু ‘লিভাৰি ডিজাইন’ উন্মোচনী অনুষ্ঠানত টাটা গোষ্ঠীৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণো উপস্থিত আছিল৷ উল্লেখ্য, টাটাই এয়াৰ ইণ্ডিয়াৰ বাবে ৭০ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰি ৪৭০খন এয়াৰবাছ আৰু বয়িং বিমান ক্ৰয়ৰ চুক্তি সম্পাদন কৰিছে৷ এই বিলাসী পৰিকল্পনাৰ অংশ হিচাপে অহা নৱেম্বৰত এয়াৰ ইণ্ডিয়াই প্ৰথমখন বিমান লাভ কৰিব৷ বিগত জুনত পেৰিছত অনুষ্ঠিত এয়াৰ শ্ব’ত এই চুক্তি সম্পাদিত হৈছিল৷ সেই চুক্তি অনুসৰি এয়াৰ ইণ্ডিয়াই ৩৪খন এ৩৫০-১০০০, ৬খন এ৩৫০-৯০০, ২০খন বয়িং ৭৮৭ ড্ৰিমলাইনাৰ, ১০খন বয়িং ৭৭৭x ৱাইডবডী, ১৪০খন এয়াৰবাছ এ৩২০, ৭০খন এয়াৰবাছ এ৩২১ নিঅ’, ১৯০খন বয়িং ৭৩৭ মেক্স বিমান ক্ৰয় কৰিব৷