প্ৰটিনযুক্ত এইবোৰ খাদ্যই ওজন কমোৱাত সহায় কৰে
খাদ্য তালিকাত যদি পৰ্যাপ্ত পৰিমাণে প্ৰটিন নাথাকে তেন্তে সুস্বাস্থ্য বজাই ৰখাটো কঠিন হৈ পৰে৷ দেহৰ অতিৰিক্ত ওজন কমোৱাৰ ক্ষেত্ৰত প্ৰটিনৰ ভূমিকা অপৰিসীম৷ সেয়ে পুষ্টি বিশেষজ্ঞসকলে প্ৰটিন খোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰে৷ প্ৰটিনে অসুস্থ লোক এজনক সোনকালে সুস্থ কৰি তোলাতো সহায় কৰে৷ প্ৰটিনযুক্ত খাদ্যৰ তালিকা অতি দীঘলীয়া৷ সকলোবোৰ প্ৰটিনযুক্ত খাদ্যই আকৌ ওজন কমোৱাত সহায় কৰাৰ সলনি ওজন বৃদ্ধিহে কৰে৷ সেয়ে ওজন কমাবলৈ হ’লে কিছুমান নিৰ্দিষ্ট প্ৰটিনযুক্ত খাদ্যহে খাব লাগে৷ উল্লেখ কৰা হ’ল তেনে কেইবিধমান প্ৰটিনযুক্ত খাদ্য–
মাছঃ ওজন কমাবলৈ খাদ্য তালিকাত কোনবিধ মাছ ৰাখিব লাগে সেই বিষয়ে বহুতেই নাজানে৷ ওজন কমাবলৈ হ’লে ওমেগা-৩ আৰু প্ৰটিন থকা মাছ খোৱা উচিত৷
পনীৰঃ পনীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে৷ ওজন কমাবলৈ এইবিধ দুগ্ধজাত খাদ্য আপুনি অনায়াসে খাব পাৰে৷ পনীৰত প্ৰটিনৰ উপৰিও কেলছিয়াম থাকে৷ ফলত সুস্বাস্থ্য বজাই ৰখাত সহায় হয়৷ পনীৰে হাড় মজবুত কৰাতো সহায় কৰে৷
দাইলঃ দাইলেও ওজন কমোৱাত সহায় কৰে৷ মচুৰ, মগু, ৰহৰ আদি সকলোবিধ দাইলতে প্ৰটিন থাকে৷ সেয়ে পুষ্টি বিশেষজ্ঞসকলে যিকোনো ৰোগৰ পৰা সুস্থ হ’বলৈ দাইলৰ পানী খাবলৈ পৰামৰ্শ দিয়ে৷ দাইলে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে৷
কলা উৰহীঃ কলা উৰহীত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে৷ এইবিধ উৰহীয়ে ওজন কমোৱাৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ সেয়ে সেউজীয়া উৰহীতকৈ কলা উৰহী খোৱাত গুৰুত্ব দিয়ে পুষ্টি বিশেষজ্ঞসকলে৷