Logo
image

চন্দ্ৰলৈ উৰা মাৰিলে ৰাছিয়াৰ লুনাই

মস্কো, ১২ আগষ্টঃ ১৯৭৫ চনৰ পাছত অৰ্থাৎ ৪৭ বছৰৰ পাছত প্ৰথমবাৰলৈ ৰাছিয়াই চন্দ্ৰ অভিযান আৰম্ভ কৰে৷ শুকুৰবাৰে পুৱা ৮.১০ বজাত ৰাছিয়াৰ মাহাকাশ এজেন্সী ৰ’স্কোস্মোছে লুনা-২৫ক চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰে৷ প্ৰকাশিত বাতৰি অনুসৰি লুনা-২৫ৰ লেণ্ডাৰে ২১ আগষ্টতে চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৃষ্ঠত অৱতৰণ কৰিব৷ ৰাছিয়াৰ লুনা-২৫ লেণ্ডাৰক ছোয়ুজ ২.১ বি ৰকেটেৰে চন্দ্ৰ অভিমুখে লৈ যায়৷ এই ৰকেটৰ উচ্ছতা হৈছে প্ৰায় ৪৬.৩ মিটাৰ৷ ৰকেটৰ ওজন হৈছে ৩১৩টন৷ ৰাছিয়াৰ এই অভিযানক লুনা-লোব মিছন বুলিও কোৱা হয়৷ ভাৰতৰ চন্দ্ৰযান-৩ৰ দুদিন পূৰ্বে ৰাছিয়াৰ লুনা-২৫ লেণ্ডাৰে চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰাৰ কথা৷ লুনা-২৫ লেণ্ডাৰক সম্পূৰ্ণৰূপে ৰাছিয়াতে তৈয়াৰ কৰা হয়৷ এই প্ৰথমবাৰলৈ ৰাছিয়াই নিজৰ চন্দ্ৰ অভিযানৰ বাবে সকলো প্ৰস্তুতি নিজাকৈ কৰে৷ ইয়াৰ পূৰ্বে ইএছএছআৰে ১৯৫৮ আৰু ১৯৭৬ চনৰ ভিতৰত ২৪টা লুনা অভিযান চলাইছিল৷ শুকুৰবাৰে ৰাছিয়াই ৪৭ বছৰৰ পাছত আৰম্ভ কৰা চন্দ্ৰ অভিযান সফল হয়, তেন্তে  এয়া হ’ব দেশখনৰ বাবে ডাঙৰ সফলতা৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে ৰাছিয়াই এই অভিযান আৰম্ভ কৰে৷ এই অভিযান আৰু আগতেই হ’লহেঁতেন৷ কিন্তু আমেৰিকা আৰু আন আন দেশে ৰাছিয়াৰ ওপৰত অৰ্থিক নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত কিছু দেৰি হয়৷