Logo
image

উক্তি-বক্ৰোক্তি

তৃণমূল কংগ্ৰেছে পঞ্চায়তৰ নিৰ্বাচনত কেনেদৰে তেজৰ খেলা খেলিছে সেয়া সমগ্ৰ দেশে দেখিছে৷ তেওঁলোকৰ ভোট পদ্ধতি আছিল বিৰোধীক সময় নিদিয়া, মনোনয়ন জমা দিবলৈ নিদিয়া৷ নিৰ্বাচনত বিৰোধী বা বিজেপিৰ প্ৰাৰ্থী থাকিলে তেওঁক আক্ৰমণ কৰা৷ সেয়া আছিল সম্পূৰ্ণ ৰক্তক্ষয়ী খেল৷

– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


মই মুছলমানৰ ভোট নিবিচাৰোঁ৷ ২০১৬তো বিচৰা নাই, ২০১৯তো বিচৰা নাই৷ এইবাৰৰ নিৰ্বাচনতো মই মুছলমানৰ ভোট বিচাৰি মুছলিমপ্ৰধান অঞ্চলত নিৰ্বাচনী সভালৈ নাযাওঁ৷ কিন্তু প্ৰত্যেক মাহতে একোটা মুছলিম বসতিপ্ৰধান অঞ্চল ভ্ৰমণ কৰোঁ৷ অহা দহ বছৰত তেওঁলোকৰ উন্নয়ন সাধন কৰিম৷

– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


তেওঁ সমগ্ৰ ভাৰতৰ প্ৰতিনিধি৷ মোৰো প্ৰতিনিধি৷ কিন্তু ক’বলৈ বাধ্য হৈছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ গুৰুত্ব কি সেয়া তেওঁ নুবুজে৷ মণিপুৰত মানুহৰ মৃত্যু হৈছে, মহিলা নিৰ্যাতনৰ চিকাৰ হৈছে, কিন্তু তেওঁ সংসদত মণিপুৰৰ কথা বাদ দি পূৰ্বৰ চৰকাৰৰ দোষ খুঁচৰি ঠাট্টা-মস্কৰাত মগ্ন হৈছে৷ 

– কংগ্ৰেছ নেতা ৰাহুল গান্ধী


প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে দৰিদ্ৰ মানুহ মৰি যাওক, সাধাৰণ মানুহ দুৰ্ভোগত ভুগি থাকক৷ ‘ইণ্ডিয়া’ জোঁট সন্দৰ্ভত তেওঁ যি মন যায় তাকে কৈছে৷ তেওঁ বিচাৰিছে সকলো মৰি যাওক, কেৱল বিজেপি জীয়াই থাকক৷

– পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী


ৰাইজৰ জিএছটিৰ টকাৰে দিল্লীত কেবিনেট পাতি নিশা ফাইভ ষ্টাৰ হোটেলত আড্ডা মাৰিছে অসমৰ মন্ত্ৰীয়ে৷ 

– কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ


প্ৰতিদিনে ১৮১ পৰা ২০ ঘণ্টা কাম কৰে হিমন্ত বিশ্ব শৰ্মাই৷ তথাপি কেতিয়াও তেওঁ ভাগৰি পৰা দেখা নাই৷ হিমন্ত বিশ্ব শৰ্মাৰ মুখত সদায় হাঁহি এটা লাগিয়েই থাকে৷

– বাবা ৰামদেৱ


স্বাধিকাৰ ৰক্ষা কমিটীয়ে মাতিলে মই যাম, কিন্তু ক্ষমা নোখোজোঁ৷ মই কোনো অসংসদীয় শব্দ ব্যৱহাৰ কৰা নাই৷ কেৱল মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীক কিয় ‘নীৰৱ মোদী’ বুলি প্ৰশ্ন কৰিছোঁ৷

– পশ্চিম বংগৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী


নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকা সম্পূৰ্ণ সংবিধানবিৰোধী৷ এই তালিকা ৰাইজৰ দলে কেতিয়াও মানি নলয়৷ 

 – শিৱসাগৰৰ বিধায়ক অখিল গগৈ


বিজেপিয়ে সমষ্টিসমূহ নিজৰ সুবিধাজনকভাৱে নিৰ্ধাৰণ কৰি লৈছে৷ 

– তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰা