Logo
image

গুজৰাটৰ পৰা আহিছে ১৫ লাখ ৰাষ্ট্ৰীয় পতাকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ আগষ্টঃ লোকচানৰ দোহাই দি ৰাজ্যৰ অন্যতম সম্ভাৱনাপূৰ্ণ ৰাজহুৱা প্ৰতিষ্ঠান আৰ্টফেডক মৃত্যুৰ মুখলৈ ঠেলি দিয়া অসম চৰকাৰে এইবাৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসত ৰাইজৰ পদূলিয়ে পদূলিয়ে উৰুৱাব গুজৰাটৰ পৰা অনা ৰাষ্ট্ৰীয় পতাকা৷ কেন্দ্ৰীয় চৰকাৰৰ ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী ৰূপায়ণৰ নামত সুদূৰ ছুৰাটৰ ব্যৱসায়ীৰ পৰা অসম চৰকাৰে ক্ৰয় কৰিছে ১৫ লাখ পতাকা৷ অসম চৰকাৰে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ ন’ডেল বিভাগ ভাৰতীয় ডাক সেৱা অৰ্থাৎ মেঘদূত ভৱনৰ জৰিয়তে গুজৰাটৰ প্ৰতিষ্ঠানৰ পৰা ১৫ লাখ পতাকা যোগান ধৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছে৷ অসম চৰকাৰে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকা ব্যয়ৰে পতাকা ক্ৰয় কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ নিজা বিভাগ খাদী ব’ৰ্ডক কাৰ্যতঃ যেন মৃত্যুৰ দিশলৈ ঠেলি দিছে৷ কিয়নো খাদী ব’ৰ্ডে এইবাৰ ৮ হাজাৰ পতাকাহে তৈয়াৰ কৰিছে৷ তাতো ৰাজ্য চৰকাৰে নগন্য সংখ্যক পতাকাহে ক্ৰয় কৰিব খাদী ব’ৰ্ডৰ পৰা৷ নক’লেও হ’ব যে ৰাজ্য চৰকাৰৰ থলুৱা বিৰোধী এই নীতি বাবেই আৰ্টফেডৰ দৰেই এদিন লোকচানৰ দোহাই দি খাদী ব’ৰ্ডকো বন্ধ কৰি দিয়াৰ পৰিৱেশ উদ্ভৱ হ’ব৷ ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাসে বিগত ৮ আগষ্টত এটা নিৰ্দেশনা যোগে মেঘদূত ভৱনৰ চীফ পোষ্ট মাষ্টাৰ জেনেৰেলক ১৫ লাখ ৰাষ্ট্ৰীয় পতাকা যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে৷ ২০X৩০ ইঞ্চি জোখৰ প্ৰতিখন পতাকাৰ বাবদ মূল্য নিৰ্ধাৰণ কৰি দিছে ২৫ টকাকৈ৷ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ অধীনত জিলাই জিলাই পতাকাসমূহ প্ৰেৰণ কৰাৰ কথাও উল্লেখ আছে নিৰ্দেশনাটোত৷ লক্ষণীয় বিষয়টো হৈছে ১৫ লাখ পতাকাৰ বাবদ প্ৰতিখনৰে মূল্য ২৫ টকাকৈ ধাৰ্য কৰাত অসম চৰকাৰে ৩.৭৫ কোটি টকাৰে পতাকা ক্ৰয় কৰাটো নিশ্চিত হৈ পৰিছে৷ স্বাধীনতা দিৱসৰ এসপ্তাহ পূৰ্বে অৰ্থাৎ ৮ আগষ্টত খৰখেদাকৈ ১৫ লাখ পতাকা যোগানৰ ঠিকা দিয়া কাৰ্যই এই ঠিকা ল’বলৈ যে পূৰ্বৰে পৰা ঠিকাদাৰ সাজু হৈ আছে সেয়া সকলেও স্পষ্ট৷ মেঘদূত ভৱনৰ সূত্ৰই সদৰী কৰা মতে– এই সমষ্ট পতাকা যোগান ধৰিব গুজৰাটৰ ছুৰাটৰ ব্যৱসায়ীয়ে৷ লক্ষণীয় বিষয়টো হৈছে কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ ন’ডেল বিভাগ ডাক বিভাগ হয় যদিও ৰাজ্য চৰকাৰে মেঘদূত  ভৱনৰ জৰিয়তে পতাকা ক্ৰয় কৰিব লাগিব বুলি কোনো বাধ্য বাধকতা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ নিয়ম মতে ৰাজ্য চৰকাৰে কেৱল হৰ ঘৰ ত্ৰিৰাংগা কাৰ্যসূচী সফল কৰিবহে লাগে৷ ইয়াৰ বাবে পতাকা নিজাকৈ যোগান ধৰিব পাৰে ৰাজ্যসমূহে৷ অসম চৰকাৰে ইচ্ছা কৰা হ’লে খাদী ব’ৰ্ড বা মৃত আৰ্টফেডক জীয়াই তুলি ১৫ লাখ পতাকা তৈয়াৰ কৰিবলৈ নিৰ্দেশ দি ৩ কোটি ৭৫ লাখ টকাৰে উক্ত পতাকা ক্ৰয় কৰিব পাৰিলেহেঁতেন!কিন্তু অসম চৰকাৰে গুজৰাটী বণিয়াৰ পৰা পলিষ্টাৰৰ ১৫ লাখ পতাকা ক্ৰয় কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰ নিজা বিভাগ খাদী ব’ৰ্ডক এলাগী কৰাহে দেখা গ’ল৷ এইবাৰ খাদী ব’ৰ্ডে মাত্ৰ ৮ হাজাৰখনহে পতাকাহে তৈয়াৰ কৰিছে৷ অৰ্থাৎ গুজৰাটী বণিয়াৰ ৩ কোটি ৭৫ লাখ টকাৰ পতাকা যোগান ধৰিবলৈ ঠিকা দি ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ পৰা ক্ৰয় কৰিব মাত্ৰ ১০-১৫ লাখ টকাৰ পতাকা৷ খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৮ হাজাৰ পতাকা তৈয়াৰ কৰিলেও চৰকাৰে নগন্য সংখ্যকহে ক্ৰয় কৰিব৷ বাকী পতাকা সমূহ খাদী ব’ৰ্ডে জিলাই জিলাই নিজাববীয়াকৈ বিক্ৰী কৰি ব্যয় হোৱা ধন সংগ্ৰহ কৰিব লাগিব৷