Logo
image

আঁতৰিব ৪২০ ধাৰা, ৩০২ হ’বগৈ ১০১

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ আগষ্টঃ ভাৰতীয় আইনত এনে কি ধাৰা আছে, যিটো ধাৰা ব্যৱহাৰ কৰি গালি-শপনিও পৰা হয়? অথবা দেশৰ আইনত থকা কোন ধাৰাৰ পৰা অনুপ্ৰাণিত হৈ বলীউডে ছবিও নিৰ্মাণ কৰিছে? এনে এটা প্ৰশ্ন যদি ৰাজহুৱা ঠাইত কুইজ হিচাপে এৰি দিয়া হয়, তেন্তে ৯ৰ পৰা ৯৯লৈ সকলোৱেই শুদ্ধ উত্তৰ দিব– ৪২০৷ প্ৰবঞ্চনাৰ অপৰাধত দিয়া ৪২০ ধাৰাৰ শাস্তি আৰু এই ভাৰতীয় দণ্ডবিধিৰ ধাৰা দেশত অতদিনে ইমানেই পৰিচিত হৈ পৰিছিল যে অলপ কথাৰ ইফাল-সিফাল হ’লেই ৪২০ বুলি অভিহিত কৰিবলৈ কোনেও ভ্ৰূক্ষেপ নকৰে৷ সন্দেহাতীতভাৱে ভাৰতীয়   আইনৰ এই ধাৰা সৰ্বাধিক জনপ্ৰিয়, কিয়নো অনেকেই ৪২০ সংখ্যাকেইটা বহু সময়ত গালি-শপনি হিচাপেও ব্যৱহাৰ কৰে৷ এতিয়াৰ পৰা পিছে ভাৰতীয় আইনৰ ৪২০ ধাৰাই পূৰ্বৰ ‘মৰ্যাদা’ হেৰুৱাব৷ কিয়নো শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দাখিল কৰা ভাৰতীয় ফৌজদাৰী আইনৰ আমূল সংশোধন ঘটোৱা ‘ভাৰতীয় সংহিতা সুৰক্ষা বিধেয়ক-২০২৩’ত ৪২০ ধাৰা নাই৷ অৱশ্যে ৪২০ ধাৰা বিলুপ্ত হোৱা নাই, সেয়ে ৪২০ নথকা বুলি কোৱাটো সম্পূৰ্ণ শুদ্ধ নহয়৷ বৰং পৰিষ্কাৰভাৱে ক’বলৈ হ’লে– প্ৰৱঞ্চনাৰ অপৰাধৰ শাস্তিৰ নিদান এতিয়াৰ পৰা ৪২০ ধাৰা নহয়, ইয়াৰ পৰিৱৰ্তে প্ৰৱঞ্চনাৰ শাস্তিৰ দিহা থাকিব ৩১৬ ধাৰাৰ অধীনত৷ ১৬৩ বছৰীয়া প্ৰাচীন ভাৰতীয় ফৌজদাৰী আইন সংশোধন কৰি নৰেন্দ্ৰ মোদী চৰকাৰে যি নতুন আইন বলৱৎ কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছে, সেই বিধেয়কৰ খচৰাত এনেদৰেই উল্লেখ কৰা হৈছে৷ উল্লেখ্য, ‘ভাৰতীয় সংহিতা সুৰক্ষা বিধেয়ক-২০২৩’ৰ অন্তৰ্গত প্ৰস্তাৱিত ৩খন নতুন ফৌজদাৰী আইনৰ ‘ভাৰতীয় ন্যায় সংহিতা’ৰ অন্তৰ্ভুক্ত হৈছে প্ৰৱঞ্চনাৰ অপৰাধৰ নব্য ধাৰা– ৩১৬৷ ফলত এতিয়াৰ পৰা প্ৰৱঞ্চকক হকে বিহকে ৪২০ বুলি গালি পৰাৰ সুযোগ নাথাকিব৷ ধাৰা ‘ব্যৱহাৰ’ কৰি কাৰোবাক প্ৰৱঞ্চক বুলি অভিযোগ কৰাৰ অভ্যাস কমি আহিব, যদিহে ৩১৬ ধাৰাই জনপ্ৰিয়তা অৰ্জন কৰিব নোৱাৰে৷ স্মৰ্তব্য, ১৯৫৫ চনত যশস্বী চলচ্ছিত্ৰ পৰিচালক ৰাজ কাপুৰে প্ৰৱঞ্চনাৰ অপৰাধৰ শাস্তিৰ নিদান থকা এই ৪২০ ধাৰাৰ পৰা অনুপ্ৰেৰণা লৈ নিৰ্মাণ কৰিছিল বলীউডৰ জনপ্ৰিয় ছবি ‘শ্ৰী৪২০’৷ ছবিখনত অভিনয় কৰিছিল ৰাজ কাপুৰ, নাৰ্গিছ দত্ত, নাদিৰাৰ দৰে তাৰকাই৷ অম্লমধুৰ, মেল’ড্ৰামা আৰু ছাছপেন্সধৰ্মী শ্ৰী৪২০ ছবিখন ’৬০ৰ দশকৰ মাজভাগত হিট হৈছিল৷

কেৱল ৪২০ সলনি কৰিয়েই ক্ষান্ত থকা নাই মোদী চৰকাৰ৷ অতিশয় গুৰুতৰ ফৌজদাৰী আইনৰ ধাৰা সলনি কৰাৰো প্ৰস্তাৱ কৰা হৈছে নতুন সংহিতাত৷ গুৰুতৰ ধাৰা হিচাপে ব্যাপক পৰিচিতি আছে ৩০২ৰ৷ হত্যাৰ অপৰাধত ৩০২ ধাৰাৰ অধীনত ইমানদিনে দেশৰ ফৌজদাৰী গোচৰত শাস্তি প্ৰদান কৰা হৈছিল৷ সেই দিশৰ পৰা ৩০২ আছিল বহুতৰ বাবে উচ্ছাৰণ কৰিবলৈকে ভয়লগা এটা ধাৰা৷ অন্যাৰ্থত ৩০২ ধাৰাৰ অধীনতে দেশত সবাতোকৈ গুৰুতৰ শাস্তি যেনে প্ৰাণদণ্ড, যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছিল৷ নতুন আইনত ৩০২ ধাৰাৰ ঠাই ল’ব ১০১ ধাৰাই৷ অৰ্থাৎ হত্যাৰ বিচাৰৰ ধাৰা সলনি হ’ব ১০১ ধাৰালৈ৷ আনহাতে, ৪২০১ ঠিক পিছতে দেশত পৰিচিত ধাৰা আছিল ১৪৪৷ এই ধাৰাৰ অধীনত অধিক জনসমাগম ৰোধ কৰা হৈছিল৷ সম্ভৱতঃ ১৪৪য়েই হৈছে দেশত সৰ্বাধিক বলৱৎ কৰা ধাৰা৷ অৰ্থাৎ ১৪৪ ধাৰা যিমানবাৰ দেশত ব্যৱহাৰ কৰা হৈছে, তৰ্কাতীতভাৱে ক’ব পাৰি, আন কোনো ভাৰতীয় ধাৰা দেশত ইমানবাৰ ব্যৱহাৰ কৰা হোৱা নাই৷ নতুন সংহিতাত ১৪৪ ধাৰা নাথাকিব, ইয়াৰ বিকল্প হ’ব ১৮৭ ধাৰা৷