Logo
image

নিজৰ বনকৰা মহিলাৰ বিৰুদ্ধেই গোচৰ তৰিলে ডাঃ সংগীতাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ আগষ্টঃ অবৈধভাৱে তুলি লোৱা দুই দেৱতুল্য সন্তানক যৌন উৎপীড়ন চলোৱাৰ অভিযোগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই গোচৰৰ পৰা ৰেহাই পোৱা বাবে চেষ্টাৰ যেন ক্ৰটি কৰা নাই৷ পক্‌ছ’ আইনৰ অধীনত ৰুজু হোৱা দুটাকৈ গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে শাস্তিৰ পৰা নিজক বচোৱাৰ বাবে এইবাৰ বনকৰা মহিলালৈ দোষ ঠেলি দিয়াৰ কৌশল ৰচনা কৰিছে৷ ইতিপূৰ্বে চিকিৎসক দম্পতীৰ বিৰুদ্ধে পক্‌ছ’ৰ দুয়োটা গোচৰতে অভিযোগনামা দাখিল কৰিছে তদন্তকাৰী পল্টনবজাৰ  আৰক্ষীয়ে৷ আনকি ডাঃ সংগীতা দত্তৰ জামিন আবেদনো নাকচ কৰিছে কামৰূপ মহানগৰ জিলা পক্‌ছ’ বিশেষ আদালতে৷ গোচৰটোৰ সাক্ষীক ভয়-ভাবুকিৰে নোহোৱা কৰি দিয়াৰ আশংকা থকাৰ যুক্তিতেই ডাঃ সংগীতাৰ জামিন নাকচ কৰিছিল আদালতে৷ স্বাভাৱিকতেই দীঘলীয়া সময়ৰ বাবে কাৰাগাৰত বন্দী হৈ থকাটো নিশ্চিত হৈ পৰাত উদ্ধাৰৰ আশাৰে অতি কৌশলপূৰ্ণভাৱে এইবাৰ ঘৰুৱা কাম কৰা মহিলা লক্ষী ৰায় আৰু ব্যক্তিগত সহাকৰ ৰিজু ৰয়ৰ বিৰুদ্ধে সকলো দোষ ঠেলি দি পল্টনবজাৰ থানাত এজাহাৰ দাখিল কৰিছে ডাঃ সংগীতা দত্তই৷ বিগত পহিলা জুলাইতেই কাৰাগাৰ কতৃৰ্পক্ষৰ জৰিয়তে এই এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন নকৰাৰ অভিযোগ তুলি এইবাৰ আদালতৰ দ্বাৰস্থ হৈছে ডাঃ সংগীতা দত্ত৷ ডাঃ সংগীতাৰ এই আবেদনৰ শুনানি গ্ৰহণ শুকুৰবাৰে পক্‌ছ’ৰ বিশেষ আদালতে পল্টনবজাৰ আৰক্ষীক সংগীতা দত্তই দিয়া এজাহাৰ পঞ্জীয়ন কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিছে৷ অৱশ্যে অভিযুক্ত চিকিৎসক দম্পতীৰ এই কৌশলে কাম দিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷