Logo
image

ৰিক্সা চলাই, চৰ্বত বিক্ৰী কৰিও জীৱনযুঁজত হাৰি গ’ল এমএ ডিগ্ৰীধাৰী প্ৰণৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্টঃ ছুইচাইড নোটসহ শুকুৰবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ খানাপাৰাত এজোপা গছৰ ডালত উদ্ধাৰ হৈছিল মানকাচাৰত কৰ্মৰত প্ৰণৱ মিলি নামৰ টেট শিক্ষকজনৰ মৃতদেহ৷ টে’ট শিক্ষক প্ৰণৱ মিলিৰ মৃত্যুৰ পাছতে বহু কথাই পোহৰলৈ আহিছে৷ কাৰ্যতঃ ভিৰৰ মাজত এজন ব্যতিক্ৰমী আছিল টে’ট শিক্ষক প্ৰণৱ মিলি৷ মাজুলীৰ সম্প্ৰতি  ব্ৰহ্মপুত্ৰত জাহ যোৱা এক নং বনৰীয়া চাপৰিগাঁৱৰ এটা অত্যন্ত দৰিদ্ৰ মিছিং পৰিয়ালৰ সন্তান প্ৰণৱ মিলিৰ জীৱন সংগ্ৰাম আছিল উপন্যাসোপম৷ শৈশৱৰ পৰাই তীব্ৰ দাৰিদ্ৰতাৰ সৈতে যুঁজি যুঁজি জীৱনৰ ৰামধেনু গঢ়াৰ পণ লৈছিল প্ৰণৱ মিলিয়ে৷ আনৰ ঘৰত হাজিৰা কৰি, টিউচন কৰি, ৰিক্সা চলাই সৰুৰে পৰাই বি এ, এম এ পঢ়া পৰ্যন্ত পঢ়াৰ পৰা উলিয়াইছিল প্ৰণৱ মিলিয়ে৷ এক কথা ক’বলৈ গ’লে একালত জীৱন যুঁজৰ অক্লান্ত সেনানী অনেকৰ বাবে প্ৰেৰণাৰ উৎস আছিল প্ৰণৱ মিলি, বৰ শক্তিশালী মনৰ মানুহ আছিল প্ৰণৱ মিলি৷ তেওঁ একালত পঢ়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহুকেইজন প্ৰাক্তন সহপাঠীয়ে প্ৰণৱ মিলিক সোঁৱৰি তেওঁৰ জীৱনৰ সন্দৰ্ভত সদৰি কৰিছে বহু বিস্ময়কৰ তথ্য৷ সামাজিক মাধ্যমত বিভিন্নজন গুণমুগ্ধই তুলি ধৰিছে প্ৰণৱ মিলিৰ জীৱন সংগ্ৰামৰ কথা৷ জানিব পৰা মতে প্ৰণৱ মিলিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এম এ পঢ়ি থকা কালত পাৰ্টটাইম ৰিক্সা চলাই পঢ়াৰ খৰচ উলিয়াইছিল৷ পৰৱৰ্তী পৰ্যায়ত কৰ্মৰ সন্ধানত গুৱাহাটীলৈ অহা প্ৰণৱ মিলিয়ে মহানগৰীতো ৰিক্সা চলোৱাৰ লগতে এসময়ত গণেশগুৰিত নেমু চৰবত তথা চাকৰিৰ বিজ্ঞাপনৰ আবেদন পত্ৰ বিক্ৰী কৰি নিজৰ লগতে পৰিয়ালক পোহপাল দিছিল৷ প্ৰণৱ মিলিৰ জীৱন সংগ্ৰামৰ সন্দৰ্ভত ‘এম এ পাছ ৰিক্সাৱালা’ বুলি এসময়ত গুৱাহাটীৰ পৰা প্ৰকাশিত সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছিল৷ সেই সময়ত ৰাজ্যত আছিল তৰুণ গগৈৰ চৰকাৰ আৰু প্ৰণৱ মিলিয়ে খানাপাৰা, বেলতলাৰ আশে পাশে ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিছিল৷ এনে দুখ কষ্টৰ মাজতে ২০১৬ চনত তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাধ্যমেৰে টে’ট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে আৰু এক নতুন জীৱন আৰম্ভ কৰে৷ জানিব পৰামতে প্ৰণৱ মিলি প্ৰথমে ধুবুৰীত নিযুক্তি হৈছিল যদিও পাছত মানকাচাৰলৈ বদলি হয়৷ মানকাচাৰত যিখন বিদ্যালয়ত কাম কৰিছিল সেই বিদ্যালয়ত তেওঁ পকেটৰ পইছা খৰচ কৰিও সৰু সুৰা উন্নয়নৰ কাম কৰিছিল৷ কিন্তু কাৰ বাবে বা কোনে কি কৰিলে তেওঁক হঠাৎ মিচুৱেল দিয়া হ’ল জিলাখনৰ ভিতৰৰ আন এখন বিদ্যালয়লৈ৷ এজন লোকেল শিক্ষকে আহি প্ৰণৱ মিলিৰ চকী দখল কৰি লয়৷ কাৰ্যতঃ টে’ট শিক্ষক মাহেকীয়া ৩০û৪০ হাজাৰ টকাৰ দৰমহাৰে [জানিব পৰা মতে জুলাই মাহৰ দৰমহা তেওঁ পোৱা নাছিল] গুৱাহাটী, মাজুলী আৰু মানকাচাৰত তিনিখনকৈ ঘৰ চলাবলৈ অসম্ভৱ হৈ পৰা, আভ্যন্তৰিণ চক্ৰান্ত, ডিঙিলৈ ধাৰ, গুৱাহাটীত থকা ল’ৰা-ছোৱালী তথা পৰিয়ালৰ প্ৰতি মোহ– এই সকলোবোৰ চিন্তাই মিলি যেন জীৱনক দুঃসহবোধ কৰালে নিশা মানকাচাৰলৈ বুলি বাছ ধৰিবলৈ অহা প্ৰণৱ মিলিক৷ একালৰ প্ৰচণ্ড সংগ্ৰামী লোকজনে হয়তো তিলতিলকৈ উপলব্ধি কৰিলে– তেওঁ ক’ৰবাত হাৰি গৈছে জীৱনত৷ ছুইচাইড নোটত সকলো দুৰণিবটীয়া টে’ট শিক্ষকৰে হৈ তেওঁ মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনালে– সাধাৰণ স্কুল শিক্ষকসকলক ঘৰৰ ওচৰতে পোষ্টিং দি অলপ সহাক দিয়ক৷ অৱশ্যে কালিৰ প্ৰণৱ মিলিৰ শেষ অনুৰোধটো নিউজৰ ধুমুহাত পেলাই গ’ল৷ উল্লেখ্য যে টে’ট শিক্ষক প্ৰণৱ মিলিৰ মৃত্যুৰ পাছতে ৰাজ্যৰ ধিমাকৈ হ’লেও দিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এক বিবৃতিৰ জৰিয়তে আজি এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ কয় যে আত্মহত্যা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ কিন্তু আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তলৈ একোজন উচ্ছ শিক্ষিত লোক যাবলগীয়া হোৱাতো গম্ভীৰ বিষয়৷ শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হোৱাৰ পিচতো আত্মহত্যা কৰাৰ কথা মনলৈ আহিব লগা পৰিস্থিতিটো কি তাক উদ্ধাৰ কৰাটো চৰকাৰৰ দায়িত্ব৷ হাজাৰ হাজাৰ শিক্ষকৰ ভৱিষ্যতৰ স্বাৰ্থত অতি শীঘ্ৰে চৰকাৰে এই ঘোষণা দিয়ক৷ গুৱাহাটীৰ খানাপাৰাত যোৱা ১১ আগষ্টত উদ্ধাৰ হোৱা টেট্‌ উত্তীৰ্ণ শিক্ষক প্ৰণৱ মিলিৰ আত্মহত্যাৰ খৱৰে শিক্ষক সমাজক জোকাৰি তুলিছে৷ মাজুলীৰ পৰা গৈ দক্ষিণ শালমাৰা মানকাচাৰ জিলাত কৰ্মৰত শিক্ষক জনৰ মৃতদেহ খানাপাৰাত উদ্ধাৰ হৈছে৷ মৃতদেহৰ সৈতে উদ্ধাৰ হোৱা চুইচাইড নোটত ঋণৰ বোজা আৰু কম দৰমহাৰ বাবে আত্মহত্যা কৰা বুলি লিখা আছে বুলি জানিব পৰা গৈছে৷ বানে ধোৱা মাজুলীত ভয়াবহ গৰা খহনীয়াৰ কবলত পৰি ব্ৰহ্মপুত্ৰত জাহ যোৱা এখন গাঁৱৰ মিলিয়ে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ বাসিন্দা হৈছিল৷ প্ৰাপ্তখৱৰ মতে নিজৰ অনিচ্ছাত বুজাবুজিৰ বদলি কৰোৱাক লৈ মিলি অশান্ত আছিল৷ যি মানসিক অন্তৰদন্দ্বই এনে চৰম সিদ্ধান্ত লবলৈ বাধ্য কৰালো সেয়া উচিত তদন্ত হোৱা উচিত৷’ পৰিয়ালটোৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্যৰাখি উপযুক্ততাৰ ভিত্তিত মিলি পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰ বাবে সন্মিলনীয়ে লগতে দাবী জনাইছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে নিশা কৰুণভাৱে জীবনৰ ইতি পেলালে প্ৰণৱ মিলি নামৰ টে’ট শিক্ষকজনে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাই ঋণগ্ৰস্ত টে’ট শিক্ষকজনে গুৱাহাটীৰ খানাপাৰাৰ জি এছ ৰোডত আত্মঘাতী হয়৷ মূলতঃ বেংকৰ ঋণৰ বোজা বহন কৰিব  নোৱাৰি শিক্ষকজনে গছত চিপ লৈ আত্মহত্যা কৰে৷ শুকুৰবাৰে পুৱা গুৱাহাটীৰ খানাপাৰাৰ জি এছ ৰোডৰ কাষৰ এডাল গছত উদ্ধাৰ কৰা হয় এটি মৃতদেহ৷ এজোপা গছত ওলমি থকা মৃতদেহটো শিক্ষক প্ৰণৱ মিলিৰ বুলি আৰক্ষীয়ে পৰিয়ালৰ সহযোগত চিনাক্ত কৰে৷ মহানগৰীৰ খানাপাৰাৰ প্ৰণৱ মিলিয়ে ২০১৬ চনত ধুবুৰীৰ এখন বিদ্যালয়ত টে’ট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল৷ পাছত তেওঁ মানকাচাৰলৈ বদলি হৈছিল৷ গৰমৰ বন্ধত ঘৰলৈ আহিছিল প্ৰণৱ মিলি৷ বৃহস্পতিবাৰে ঘৰৰ পৰা কৰ্মস্থলীলৈ যাবলৈ ওলাই আহিছিল প্ৰণৱ৷ কিন্তু কৰ্মস্থলীলৈ নগ’ল প্ৰণৱ৷  শুকুৰবাৰে পুৱা খানাপাৰাৰ এজোপা সৰু গছত চিপ লৈ থকা অৱস্থাত স্থানীয় লোকে দেখা পায় প্ৰণৱ মিলিক৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত দিছপুৰ আৰক্ষী, চি আই ডি আৰু ফৰেনছিকৰ দল উপস্থিত হৈ আৰম্ভ কৰে তদন্ত৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে৷ উদ্ধাৰ কৰা হৈছে প্ৰণৱ মিলিৰ ছুইচাইড নোট৷ য’ত তেওঁ লিখিছে যে দৰমহা কম হোৱা বাবে তেওঁ চলিব নোৱাৰে৷ তাৰ পাছত লিখিছে– ‘ল’ৰা-ছোৱালী মাকৰ লগত থাকিব লগা হয়৷ সৰু ল’ৰা এটাও আছে৷ এছবিআইত লোন আছে৷ চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল’লোঁ৷ মোৰ মৃত্যুৱে যাতে সিহঁতৰ জীৱনত ক্ষতি নকৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী, প্ৰশাসনক খাতিৰ কৰিলোঁ৷ যিহেতু ১৫টা বছৰ চাকৰিকাল আছে৷ মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালোঁ৷ শান্তি পাব মোৰ আত্মাই৷’ তদন্তকাৰী আৰক্ষীৰ মতে, ঋণৰ বোজাৰ বাবেই চৰম সিদ্ধান্ত ল’লে প্ৰণৱ মিলিয়ে৷ আৰক্ষীয়ে প্ৰণৱ মিলিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত ইউ ডি গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷