Logo
image

১৫ আগষ্টত পুনৰ উভতিব ৪খন জিলা?

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্টঃ আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে অসমবাসীয়ে উভতাই পাব নেকি ৪খন জিলা? চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চাৰিখনকৈ জিলা বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা চাৰিখন জিলা হ’ল ক্ৰমে বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ৷ উল্লেখ্য, নতুন দিল্লীত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷  দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা জাৰিৰ পূৰ্বে কাৰ্যকৰী কৰা হৈছিল এই সিদ্ধান্ত৷ অৱশ্যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে ‘অস্থায়ী’ বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত এই চাৰিখন জিলাক নতুন ৰূপত উভতাই দিয়াৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে লগতে স্পষ্ট কৰি দিছিল৷ বিশ্বনাথ জিলাক শোণিতপুৰ, হোজাই জিলাক নগাঁও, বজালী জিলাক বৰপেটা আৰু তামুলপুৰ জিলাক বাগ্‌সাৰ লগত লগ লগাই দিয়া হয়৷ অৱশ্যে এই চাৰিখন জিলাৰ প্ৰশাসনীয় পৰ্যায়ত সালসলনি হ’লেও আৰক্ষী আৰু ন্যায়িক জিলাৰ কোনোধৰণৰ সালসলনি হোৱা নাছিল৷ মূলতঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেতবোৰ কাৰিকৰী কাৰণত এই চাৰিখন জিলা সাময়িকভাৱে বিলুপ্ত কৰা বুলি চৰকাৰে দাবী কৰিছিল৷ চৰকাৰৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি সেই সময়ত বিলুপ্ত হোৱা চাৰিখন জিলাত যথেষ্ট প্ৰতিবাদ সাব্যস্ত হৈছিল৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া শুকুৰবাৰে সম্পূৰ্ণ হোৱাৰ পাছত এতিয়া পুনৰ প্ৰাংসগিক হৈ পৰিছে বিলুপ্ত হোৱা চাৰিখন জিলা উভতাই দিয়াৰ বিষয়টো৷ কাৰণ সেই সময়ত সকলোকে আচৰিত কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল চাৰি জিলাৰ বিলুপ্তিৰ সিদ্ধান্ত৷ সন্মুখত ১৫ আগষ্ট৷ মুখ্যমন্ত্ৰীয়ে পূৰ্বেতে কৰা ঘোষণা অনুসৰি ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰে উভতাই দিব নেকি এই চাৰিখন জিলা? কাৰণ সোনকালে এই চাৰিখন জিলা উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে৷ ইয়াক অতি সাময়িক আৰু অন্তৱৰ্তীকালিন সিদ্ধান্ত বুলিও কৈছিল মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে পুনৰ উভতাই দিলেও জিলাবিলাকৰ পৰিসৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সলনি যে হ’ব সেয়া নিশ্চিত৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কেৱল জিলাই নহয়, পঞ্চায়ত, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আদি পৰ্যায়তো বহু সালসলনি হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ৷