Logo
image

পুনৰ স্বাধীনতা দিৱস বৰ্জন আলফাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ আগষ্টঃ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ দুটা দিন বাকী থকাৰ সময়ত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা [স্বাধীন], এনএছচিএন আৰু জিপিআৰএনে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক বাৰম্বাৰ আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনোৱাৰ সময়ত আলফাসহ তিনি বিদ্ৰোহী সংগঠনে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা আৰু আলফা [স্বাধীন]ৰ প্ৰচাৰ বিভাগৰ সদস্য  ৰুমেল অসম স্বাক্ষৰিত যৌথ বিবৃতিত কয়– ‘১৯৪৭ চনৰ ১৫ আগষ্টত ক্ষমতা হস্তান্তৰৰ জৰিয়তে ব্ৰিটিছ আঁতৰি গ’ল, কিন্তু অসম, নাগালেণ্ডকে ধৰি পশ্চিম দক্ষিণ-পূব এছিয়া অঞ্চলৰ স্বাধীনচিতীয়া জাতিসমূহৰ ওপৰত চলা ঔপনিৱেশিক শোষণ-শাসনৰ চৰিত্ৰ আৰু সমস্যাবোৰ একেই থাকিল৷ আজিকোপতি অৰ্থনৈতিক পৰিকল্পনা, সম্পদৰ সদ্ব্যৱহাৰ, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ লগতে জাতীয় অস্তিত্বৰ সৈতে সম্পৰ্কিত যিকোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই৷ বৰং ভাৰতৰ ঔপনিৱেশিক শাসকসকলে সৃষ্টি কৰা প্ৰব্ৰজনৰ [ভাৰতীয়, অভাৰতীয়] বিষয়টোৱে থলগিৰিৰ জনগাঁথনিক অস্থিৰ কৰি তুলিছে৷ এনে ভুৱা স্বাধীনতাই সম্পূৰ্ণ পৃথক সত্তাৰ অধিকাৰী পশ্চিম দক্ষিণ-পূব এছিয়া অঞ্চলৰ জাতিসমূহৰ অস্তিত্বক বিগত ৭৬ বছৰে সুৰক্ষা দিব নোৱাৰিলে৷ আনকি বৰ্তমানেও ঔপনিৱেশিক শাসকগোষ্ঠীয়ে আমাৰ এই অঞ্চলৰ স’তে থকা ৰাজনৈতিক সংঘাতক তথাকথিত আইন-শৃংখলাজনিত সমস্যা বুলি গণ্য কৰি নিৰ্বিবাদে ৰাষ্ট্ৰ সন্ত্ৰাস অব্যাহত ৰাখিছে৷ সেয়েহে, কৃত্ৰিম ভাৰতৰাষ্ট্ৰই অখণ্ডতাৰ নামত উদ্‌যাপন কৰি অহা তথাকথিত ‘স্বাধীনতা দিৱস’ বুৰঞ্জীপ্ৰসিদ্ধ স্বাধীন জাতিসমূহৰ থলগিৰি জনগণৰ বাবে কেতিয়াও আদৰ্শ হ’ব নোৱাৰে৷ বিশ্বৰ প্ৰতিটো জাতিৰ লক্ষ্য নিজ জাতিটোক স্বকীয় গৰিমাৰে অবাধে আগবঢ়াই নিয়া৷ কিন্তু আমাৰ এই ঐতিহ্যমণ্ডিত ভূখণ্ডত সকলো সিদ্ধান্ত নিৰূপিত বা জাপি দিয়া হয় হিন্দীবলয়ৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত, য’ত থলগিৰিৰ আশা-আকাংক্ষাৰ কোনো মূল্য নাই৷ একমাত্ৰ নিৰ্বাচনী দাসত্বৰ ৰাজনীতিৰ উদ্দেশ্যে হিতাধিকাৰী সৃষ্টিৰে থলগিৰি জাতি-জনগোষ্ঠীক আভুৱা ভাঁৰি পুতলা নচুৱাদি নচুৱাইছে৷ আচলতে, আঁচনি যিমানেই মহৎ নহওক, ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ সৰ্বগ্ৰাসী আগ্ৰাসনৰ পৰা মুক্ত নোহোৱালৈকে পৰিত্ৰাণ নাই৷ এনে সন্ধিক্ষণত কান্ধে কান্ধ মিলাই আত্মৰক্ষা নকৰিলে অসম, নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চল থলগিৰিৰ হৈ নাথাকিব৷ সেয়েহে, প্ৰতি বছৰে ঔপনিৱেশিক ভাৰতৰ ভুৱা ‘স্বাধীনতা দিৱস’ উদ্‌যাপন কৰাত আমি বিৰোধিতা কৰি আহিছোঁ৷ এইবেলিও অসম, নাগালেণ্ড আৰু অৰুণাচলৰ সমূহ ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠন তথা মুক্তিকামী জনগণক বৈৰী ভাৰতৰাষ্ট˜ৰ নিৰ্ধাৰিত যিকোনো কাৰ্যসূচী বৰ্জনৰ বাবে আহ্বান জনালোঁ৷ তদুপৰি উক্ত সময়ছোৱাত সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান কিম্বা ব্যক্তিবিশেষেও প্ৰত্যাখ্যান কৰক৷ ভুৱা ‘স্বাধীনতা দিৱস’ বৰ্জনৰ আহ্বান আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্যতম হ’ব ১৪ আগষ্টৰ নিশা ১ বজাৰ পৰা ১৫ আগষ্টৰ গধূলি ৬ বজালৈকে সৰ্বাত্মক বন্ধ৷ অৱশ্যে এই বন্ধৰ সময়ছোৱাত জৰুৰীকালীন বিভাগবোৰ, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা হোৱা নাই৷’ স্মৰ্তব্য আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ো একাধিকবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ভূমিকাৰ শলাগ লৈ আহিছে৷