Logo
image

সাজ-পোছাক

তৃণমূল কংগ্ৰেছৰ বাকপটু সাংসদ মহুৱা মৈত্ৰই চলিত সংসদৰ অধিৱেশনৰ এদিন গুলপীয়া ৰঙৰ এখন উজ্জ্বল শাৰী পৰিধান কৰি আহিছিল৷ তেওঁৰ এই পোছাক পৰিধানৰ উদ্দেশ্য সম্পৰ্কে স্পষ্ট ভাষাত প্ৰকাশ কৰি সংসদৰ দুৱাৰমুখতে কৈছিল– বিজেপিৰ সাংসদক লোকসভা টিভিয়ে যিদৰে গুৰুত্ব আৰোপ কৰে তাৰ তুলনাত বিজেপি বিৰোধী সাংসদসকলক সামান্যতমো গুৰুত্ব দিয়া নহয়৷ সংসদত বিৰোধীৰ অনাস্থা প্ৰস্তাৱ বিতৰ্কৰ সময়ত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বক্তৃতা দি থকা অৱস্থাত লোকসভা টিভিয়ে ৭১ শতাংশ সময় কেমেৰাৰ ফ’কাছ ৰাখিছিল অধ্যক্ষ ওম বিৰলাক৷ চৰকাৰ নিয়ন্ত্ৰিত লোকসভা টিভিৰ ভূমিকাক কঠোৰ সমালোচনা কৰা সাংসদ মহুৱা মৈত্ৰই  গুলপীয়া পোছাকৰ যোগেদি যিকোনো প্ৰকাৰে আকৰ্ষিত কৰিবলৈ কৰা চেষ্টাৰ যোগেদি সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিৱেশ সম্পৰ্কে দৃষ্টি আকৰ্ষণ কৰাটো তাৎপৰ্যপূৰ্ণ৷ মানুহে পোছাক পৰিধান কৰে লজ্জা নিবাৰণৰ লগতে নিজকে আকৰ্ষণীয় কৰি তোলাৰ বাবে৷ বহু লোকে অৱশ্যে নিজকে আকৰ্ষণীয় কৰাত গুৰুত্ব নিদিয়ে যদিও মাৰ্জিতভাৱে পৰিষ্কাৰ-পৰিচ্ছন্ন সাজ-পোছাকযোৰে মানুহৰ ব্যক্তিত্বকো প্ৰতিফলিত কৰে৷ পুৰুষ, নাৰী উভয়ে পৰিৱেশ, পৰিস্থিতি সাপেক্ষে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰে৷ বিয়া-বাৰু বা অন্যান্য সামাজিক-সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকে নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰাৰ বিপৰীতে অফিচ, কাৰ্যালয় আদিত চৰকাৰী নীতি-নিয়মৰ লগতে সামাজিক নীতি-নিয়ম আদিতো বহুতে গুৰুত্ব আৰোপ কৰে৷ পূৰ্বৰ তুলনাত বৰ্তমান সময়ত সময়ে অনা পৰিৱৰ্তনৰ লগত সংগতি ৰাখি বিভিন্ন সময়ত পৰিধান কৰা সাজ-পোছাকবোৰ সলনি হৈছে আৰু সমাজেও ক্ৰমান্বয়ে তাক স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে৷ দেশ স্বাধীনতাৰ পাছত বিশেষকৈ কংগ্ৰেছ নেতা-কৰ্মীয়ে কিছুদিনলৈকে খদ্দৰৰ পোছাক পিন্ধাৰ লগতে টুপীও পৰিধান কৰিছিল যদিও সময়ৰ সোঁতত কংগ্ৰেছীৰ সেই পোছাক হেৰাই গ’ল৷ নৰেন্দ্ৰ মোদী ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা মোদীয়ে পৰিধান কৰা হাফ জেকেটটো যাক মোদী জেকেটৰূপেও জনা যায়– এতিয়া সকলো দলৰ নেতা-পালিনেতাৰ বাবে আদৰৰ৷ লক্ষণীয়ভাৱে আজিৰ সময়ত বিভিন্ন জাতি-জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা সাজ-পোছাকসমূহে সংশ্লিষ্ট জাতি-জনগোষ্ঠীৰ লোক-সংস্কৃতিৰ উপাদান তথা স্বকীয় বৈশিষ্ট ৰক্ষা কৰাৰ লগতে সকলো ধৰণৰ লোকে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিবলৈ লোৱাত এখন ভাল বজাৰৰো সৃষ্টি হৈছে৷ উল্লেখ্য, অসমত থলুৱাভাৱে নিৰ্মিত এৰী, মুগা আদি কাপোৰৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে ইয়াৰ মূল্যবৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এনে কাপোৰৰ স্থান অধিকাৰ কৰিছে বহিঃৰাজ্য, বহিঃৰাষ্ট্ৰৰ পৰা আমদানিকৃত টছ’ বা তেনেধৰণৰ সূতাৰে নিৰ্মিত কাপোৰে৷ এনেদৰে আমি পৰিধান কৰা কাপোৰযোৰৰ লগত সামাজিক-সাংস্কৃতিক, অৰ্থনৈতিক আদি বহু দিশেই জড়িত হৈ থাকে৷ সাধাৰণতে মানুহে পৰিধান কৰা পোছাকযোৰ কেনে হ’ব সেয়া সংশ্লিষ্ট ব্যক্তিজনৰ ব্যক্তিগত বিষয় হ’লেও উপৰিউক্ত বিষয়সমূহক অগ্ৰাধিকাৰ দি এক অলিখিত নিয়মৰ আধাৰত ই অসমৰ দৰে ৰাজ্যত বৰ্তি আছে৷ কিছুদিন পূৰ্বে অসম চৰকাৰে চৰকাৰী বিভাগসমূহত কৰ্মৰত বিষয়া-কৰ্মচাৰীক সপ্তাহৰ এটা দিনত জাতীয় পোছাক পৰিধান কৰাৰ বাবে আহ্বান জনাইছিল৷ চৰকাৰী আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰথমতে একাংশই তেনে পোছাক পিন্ধি আহিছিল যদিও পাছলৈ সেয়া নাইকিয়া হ’ল৷ অসম চৰকাৰৰ শিক্ষা বিভাগেও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকললৈ এক নিৰ্দেশনাযোগে বিদ্যালয়ত থকা সময়ত কি পোচাক পিন্ধিব লাগিব সেই সম্পৰ্কে উল্লেখ কৰিছিল৷ লক্ষণীয়ভাৱে উক্ত নিৰ্দেশনাত চেলোৱাৰ কামিজকো অন্তৰ্ভুক্ত কৰা হৈছিল৷ তেনে এক সময়তে অলপতে নামনি অসমৰ এখন কলেজত শিক্ষয়িত্ৰীয়ে চেলোৱাৰ কামিজ পিন্ধাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰাক লৈ এক বিতৰ্কৰ সূত্ৰপাত হৈছে৷ ইতিমধ্যে সংবাদ মাধ্যম, সামাজিক মাধ্যমত এই বিষয়ক লৈ বহু চৰ্চাও হৈছে৷ সম্প্ৰতি অসমৰ উচ্ছ শিক্ষাৰ জগতখনত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ প্ৰয়োগৰ যোগেদি এক নতুন যুগৰ সূচনা কৰা হৈছে৷ পূৰ্বৰ পাঠ্যক্ৰমৰ অৱসান ঘটাই বৰ্তমান আন্তঃবৈষয়িক পাঠ্যক্ৰমকে ধৰি বহুবোৰ নতুন দিশৰ সংযোজন ঘটোৱা হৈছে৷ এক পৰম্পৰাগত ব্যৱস্থাৰ সলনি ঘটাই এক নতুন শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তনৰ সময়ছোৱা চৰকাৰ, শিক্ষা বিভাগ, শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলোৰে বাবে অতি প্ৰত্যাহ৩ানজনক৷ তেনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সকলো স্তৰৰ লোকে এই বিষয়সমূহৰ প্ৰতি মনোনিৱেশ কৰাটো ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয়৷ কিন্তু ইয়াৰ পৰিৱৰ্তে যদি শিক্ষয়িত্ৰীয়ে চেলোৱাৰ পিন্ধাক লৈ বিতৰ্কৰ সূচনা কৰা হয় তেন্তে মূল ইছ্যুবোৰ হেৰাই যোৱাৰ উপক্ৰম হ’ব৷ ছাত্ৰ সমাজেও ইয়াক উপলব্ধি কৰাৰ সময় সমাগত৷ মনৰ পোছাকযোৰ সৱল হোৱাটো আজিৰ দিনৰ বাবে অতি প্ৰয়োজন৷ এই পোছাকযোৰ যদি ৰুচিসন্মত হয় তেন্তে অৱধাৰিতভাৱে বাহ্যিক পোছাকযোৰো সুন্দৰ হ’ব৷