Logo
image

মণিপুৰ সশস্ত্ৰবাহিনীৰ দখলত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ আগষ্টঃ একেৰাহে চাৰে তিনি মাহ ধৰি চলি থকা প্ৰবল হিংসাত্মক পৰিস্থিতিত গৃহযুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হোৱা মণিপুৰৰ বাসিন্দা এইবাৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰিবলৈ মুঠেই আগ্ৰহী নহয়৷ মণিপুৰৰ বাসিন্দাৰ প্ৰচণ্ড ক্ষোভৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত বিদ্ৰোহী কাৰ্যকলাপ অব্যাহত ৰখা কেইবাটাও সশস্ত্ৰ সংগঠনে এইবাৰ মণিপুৰত স্বাধীনতা দিৱস বৰ্জনৰ ভাবুকি দিছে৷ ১৫ আগষ্টৰ দিনা মণিপুৰত সৰ্বাত্মক ধৰ্মঘটৰ আহ্বান জনাইছে কেইবাটাও সশস্ত্ৰ বিদ্ৰোহী সংগঠনে৷ এনে পৰিস্থিতিত উপায়হীন হৈ নৰেন্দ্ৰ মোদী চৰকাৰে বিশাল নিৰাপত্তাবাহিনী নিয়োজিত কৰি মণিপুৰত এইবাৰৰ স্বাধীনতা দিৱস আয়োজন কৰিবলৈ প্ৰস্তুতি চলাইছে৷ সেই উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সমগ্ৰ ৰাজ্য নিৰাপত্তাবাহিনীৰে ভৰাই পেলাইছে, যাতে সশস্ত্ৰ সেনা, অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত মণিপুৰত নিৰ্বিঘ্নে স্বাধীনতা দিৱস আয়োজন কৰিব পৰা যায়৷ দেশৰ বিৰোধী ৰাজনৈতিক দল, বিভিন্ন পক্ষৰ তীব্ৰ সমালোচনাত জৰ্জৰিত হৈ পৰা মোদী চৰকাৰৰ বাবে সুকলমে মণিপুৰত স্বাধীনতা দিৱস আয়োজন কৰি দেখুওৱা অতি প্ৰয়োজনীয় হৈ পৰিছে৷ অন্ততঃ নিৰ্বিঘ্নে স্বাধীনতা দিৱস আয়োজন কৰিবলৈ সক্ষম হ’লে মোদী চৰকাৰে ৰাজ্যখনলৈ শান্তি উভতি অহা বুলি কৰা দাবী প্ৰতিপন্ন কৰিব পাৰিব৷ কিয়নো বিগত চাৰে তিনিমাহ ধৰি গোষ্ঠীসংঘৰ্ষ চলি থকা ৰাজ্যখনত মোদী চৰকাৰে পৰিস্থিতি চম্ভলাত ব্যৰ্থ হৈছে আৰু দেশজুৰি সমালোচিত হৈছে৷ ঘাইকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক লৈ নীৰৱতা পালন কৰি থকাৰ ঘটনাই কেন্দ্ৰীয় চৰকাৰক শলঠেকত পেলাইছে৷ 
এনে পৰিস্থিতিত মোদী চৰকাৰে মণিপুৰৰ স্বাধীনতা দিৱস আয়োজনৰ বিষয়টো বেছ গুৰুত্বসহকাৰে লৈছে৷ সেই উদ্দেশ্য সমগ্ৰ মণিপুৰত সশস্ত্ৰ কেন্দ্ৰীয় নিৰাপত্তাবাহিনী নিয়োগ কৰা হৈছে৷ মোদী চৰকাৰৰ মূল লক্ষ্য হৈছে মণিপুৰৰ ৰাজধানী ইম্ফলত নিৰাপদভাৱে স্বাধীনতা দিৱস উদ্‌যাপন৷ সম্প্ৰতি ৰাজধানী ইম্ফল সম্পূৰ্ণৰূপে সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ দখলত৷ ইম্ফলত অস্থায়ী লোহাৰ প্ৰাচীৰ নিৰ্মাণ কৰি স্বাধীনতা দিৱস উদ্‌যাপনৰ পেৰেডৰ প্ৰস্তুতি চলাইছে নিৰাপত্তাবাহিনীয়ে৷ ৰাজ্যৰ আন আন জিলাত একেদৰেই প্ৰস্তুতি চলোৱা হৈছে৷ সেনাবাহিনী, চি আৰ পি এফ, বি এছ এফ, আছাম ৰাইফলছ, অন্যান্য কেন্দ্ৰীয় বাহিনীক ধৰি মণিপুৰত এই মুহূৰ্তত এক লক্ষাধিক নিৰাপত্তাবাহিনী নিয়োজিত কৰি ৰাখিছে মোদী চৰকাৰে৷ স্বাধীনতা দিৱসৰ প্ৰাক্‌মুহূৰ্তত সকলোকে বেৰেকৰ পৰা উলিয়াই আনি ঠায়ে ঠায়ে মোতায়েন কৰিছে৷ দেওবাৰে নিৰাপত্তাবাহিনীয়ে বিষ্ণুপুৰ, চূড়াচান্দপুৰ, থৌবাল, পূব আৰু পশ্চিম ইম্ফলকে ধৰি মুঠতে ৫খন জিলাত ব্যাপক তালাচী চলায়৷ এই তালাচীত ১২টা আগ্নেয়াস্ত্ৰ, অসংখ্য গুলী আৰু বহুসংখ্যক বিস্ফোৰক তথা ২৭ কেজি আফিঙো উদ্ধাৰ কৰা হয়৷ পিছে বিগত চাৰে তিনিমাহত আৰক্ষী আৰু সশস্ত্ৰ বাহিনীৰ পৰা লুট কৰি নিয়া কেইবাজাৰ অস্ত্ৰ-শস্ত্ৰ আৰু অসংখ্য গুলী-বাৰুদ এতিয়াও উদ্ধাৰ হোৱা নাই৷ সেই অস্ত্ৰ-শস্ত্ৰ ইতিমধ্যে বিদ্ৰোহী সংগঠনৰ হাতত পৰিছে৷ এনে পৰিস্থিতিত মণিপুৰ ক’-অৰ্ডিনেটিং কমিটীৰ অন্তৰ্গত বিদ্ৰোহী সংগঠন ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট, পিপলছ লিবাৰেচন আৰ্মী, প্ৰিপাক আৰু দুটা নিষিদ্ধ ঘোষিত সংগঠনে ১৫ আগষ্টৰ মাজ নিশা ৰ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে সৰ্বাত্মক ধৰ্মঘটৰ আহ৩ান জনোৱাত উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ মণিপুৰ নিৰাপত্তা বাহিনীৰ  হাতত তুলি দিছে৷ এই আশংকা আৰু উদ্বিগ্নতাৰ মাজতে আৰম্ভ হৈছে নিৰাপদ স্বাধীনতা দিৱস আয়োজনৰ চৰকাৰী প্ৰস্তুতি৷