Logo
image

সৰ্বানন্দ-ঘনিষ্ঠ লক্ষ্যক লক্ষ্যভ্ৰষ্ট কৰি দায়িত্ব ল’লে জয়ন্ত-মানৱে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৪ আগষ্টঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল শিবিৰক ওফৰাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী-বিধায়কে দখল কৰিলে অসম এথলেটিছ সন্থাৰ বিষয়বাব৷ উল্লেখ্য যে দেওবাৰে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হয় সন্থাৰ বাৰ্ষিক সাধাৰণ সভা৷ সভাত ৰাজ্যৰ ৩৫ খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে৷ এই সাধাৰণ সভাতে সন্থাৰ নতুন বিষয়ববীয়া বাচনিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ সভাপতি পদত মনোনয়ন পত্ৰ দাখিল কৰিছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ ৰূপে পৰিচিত সন্থাৰ সদ্য বিদায়ী সভাপতি লক্ষ্য কোঁৱৰে৷ সন্থাৰ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ দিন আছিল ৫ আৰু ৬ আগষ্ট৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আছিল ৯ আগষ্ট৷ লক্ষণীয়ভাৱে ৯ আগষ্ট পৰ্যন্ত সভাপতি পদৰ প্ৰতিদ্বন্দ্বিতা কৰা দুয়োজন প্ৰাৰ্থীৰ এজনেও নিজৰ মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ ফলত নিৰ্বাচন আবশ্যৰম্ভী হৈ পৰে৷ কিন্তু পৰৱৰ্তী সময়ত লক্ষ্য কোৱৰে ভোট যুদ্ধত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ঘোষণা কৰে যদিও সন্থাৰ সংবিধান মতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় উকলি যোৱাৰ পিছত এই সিদ্ধান্ত কাৰ্যকৰী নোহোৱাত ভোট নিশ্চিত হৈ পৰে৷ কিন্তু শেষ মুহূৰ্তত লক্ষ্য কোঁৱৰ ভোটৰ পৰা আঁতৰি থকাৰ ফলত আলোচনা আৰু বুজাবুজিৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিনা প্ৰতিদ্বন্দ্বিতাৰে অসম এথলেটিকছ সন্থাৰ সভাপতি নিৰ্বাচিত হয়৷ সভাপতি পদত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে জ্যেষ্ঠ উপ-সভাপতি পদত বিজেপিৰ মিত্ৰদল ইউপিপিএলৰ বিধায়ক জয়ন্ত বসুমতাৰী, উপ-সভাপতি পদত অশোক কুমাৰ ভৰালী, কৰুণাধৰ দত্ত আৰু লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰীৰ শিবিৰৰ অন্যতম মানব ডেকা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷ সাধাৰণ সম্পাদক পদত বিজেপি নেতা তথা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যানৰ সদস্য সচিব গীতাৰ্থ গোস্বামী তথা জ্যেষ্ঠ যুটীয়া সম্পাদক পদত নিপন ডেকাই চাৰিটাকৈ ভোটত জয়ী হয়৷ যুটীয়া সচিব পদত মুখ্যমন্ত্ৰী শিবিৰৰ অতি ঘনিষ্ট অগপ নেতা আব্দুৰ ৰহিম জিব্ৰান আৰু ছেমুৱেল দৈমাৰী, কোষাধ্যক্ষ পদত এমট্ৰনৰ উপাধ্যক্ষ তথা বিজেপি নেতা ঋতুবৰণ শৰ্মা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়৷ সন্থাৰ কাৰ্যকৰী সদস্য হিচাপে অঞ্জন গোস্বামী, বাবুল খান, ধ্ৰুৱজ্যোতি কলিতা, নিমেজ ব্ৰহ্ম আৰু সুদীপ কুমাৰ দাস বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷ উল্লেখ্য যে ক্ৰীড়া জগতৰ অন্যতম গুৰুত্বপূৰ্ণ সংস্থা হিচাপে বিবেচিত অসম এথলেটিকছ সন্থাৰ দ্বিতীয়বাৰৰ বাবে সভাপতি পদ দখলৰ যুঁজত নামি শেষ মুহূৰ্তত ৰণ ক্ষেত্ৰৰ পৰা আঁতৰিবলৈ বাধ্য হয় সোণোৱালপন্থী লক্ষ্য কোঁৱৰ৷ নতুন সমিতিৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাধাৰণ সভাক উদ্দেশ্যি দিয়া ভাষণৰ অন্তত সভাপতি কোঁৱৰে আগন্তুক চাৰিবছৰীয়া কাৰ্যকালৰ বাবে আগবঢ়োৱা সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰে৷ উল্লেখ্য, সাধাৰণ সম্পাদক পদত নিৰ্বাচিত গীতাৰ্থ গোস্বামীও মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা শিবিৰৰে লোক৷