Logo
image

স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত দীঘলীপুখুৰীপাৰত বৰ্ণাঢ্য অনুষ্ঠান, আতচবাজী

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৪ আগষ্টঃ স্বাধীনতাৰ অমৃত মহোৎসৱৰ সমাপন কাৰ্যসূচী ‘মেৰী মাটি, মেৰা দেশ’ৰ লগত সংগতি ৰাখি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্‌মুহূৰ্তত দেওবাৰে অসম চৰকাৰৰ বিশেষ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ অংশ হিচাপে লতাশিল খেলপথাৰৰ পৰা গুৱাহাটীৰ ৰাজপথত প্ৰথমবাৰৰ বাবে অসম আৰক্ষীৰ দ্বাৰা আটকধুনীয়া কুচকাৱাজ, দীঘলীপুখুৰীৰ পাৰত চমকপ্ৰদ আতচবাজী, দৃষ্টিনন্দন লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসমবাসী ৰাইজক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ অহা ১৫ আগষ্টত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সমূহ ৰাইজক ব্যাপক উৎসাহ-উদ্দীপনাৰে যোগদান কৰাৰ বাবে আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দুটা কাৰ্যসূচীৰ আয়োজন কৰিছে৷ ইয়াৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী হিচাপে প্ৰতিগৰাকী ব্যক্তিয়ে নিজ গৃহত জাতীয় পতাকা উত্তোলন কৰি নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰিবলৈ তেওঁ আহ্বান জনায়৷ ফটো আপলোড কৰাৰ পাছত তেওঁলোকে এখন প্ৰশস্তি-পত্ৰ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ‘মেৰী মাটি, মেৰা দেশ’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ মাটি হাতত লৈ পঞ্চপ্ৰাণ প্ৰতিজ্ঞা কৰাৰ ফটো নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰাৰ বাবেও তেওঁ ৰাইজক আহ্বান জনায়৷ এই ফটো আপলোড কৰিলেও এখন প্ৰশস্তি-পত্ৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ লগতে কয় যে স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ সামৰণিৰ লগতে আমাৰ দেশৰ অমৃতকাল আৰম্ভ হৈছে৷ এই অমৃতকালৰ আৰম্ভণিত দেশৰ বাবে সকলোকে আকৌ এবাৰ মন-প্ৰাণ উৎসৰ্গিত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায়৷ দেওবাৰৰ অনুষ্ঠানৰ সফল উদ্‌যাপনৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ শলাগ লয়৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা, সাংসদ কুইন ওজা, মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, মেজৰ জেনেৰেল আৰ কে ঝা, মেয়ৰ মৃগেন শৰণীয়া প্ৰমুখ্যে উচ্ছপদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷ উল্লেখ্য, দেওবাৰৰ এই মাৰ্চ পাষ্টত অসম কমাণ্ডো বেটেলিয়ন, অসম আৰক্ষী বেটেলিয়ন, অসম আৰক্ষী বেটেলিয়ন বেণ্ড, এন চি চিৰ অসম মহিলা গোট, এন চি চিৰ অসম নৌসেনা গোট, এন চি চিৰ অসম বায়ু সেনা গোট, অসম আৰক্ষী ক্ৰীড়া দল, অসম বন সুৰক্ষা বাহিনী গোটৰ উপৰি সন্দিকৈ মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়, কে চি দাস কমাৰ্চ কলেজ, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, দিছপুৰ মহাবিদ্যালয়, আৰ জি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী কলেজ, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে৷ দেওবাৰৰ এই মাৰ্চ পাষ্টত সৰ্বমুঠ ৬০০গৰাকীয়ে অংশগ্ৰহণ কৰে৷