Logo
image

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এজাহাৰ

ডিজিটেল সংবাদ, নগাঁওঃ এইবাৰ অসম ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে আৰক্ষী থানাত তৰিলে গোচৰ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পতাকা অৱমাননা কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছে নগাঁৱত। ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ আৰু ছেণ্ডেল পৰিধান কৰি পতাকা উত্তোলন কৰা বিজেপিৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে গৰজি উঠিছে নগাঁৱৰ সচেতন নাগৰিক। কেৱল সমালোচনাতে ক্ষান্ত নাথাকি ৰাজ্যিক বিজেপিৰ সভাপতিৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰো তৰিলে নগাঁৱৰ দুই নাগৰিকে। 

স্বাধীনতা দিৱসৰ দিনা বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ছেণ্ডেল পিন্ধি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। তদুপৰি তেওঁ ৰাজ্যিক কাৰ্যালয়ত ওলোটাকৈও ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল। এই কাৰ্যৰ বাবে ব্যাপক ভাবে সমালোচিত হৈছে বিজেপি নেতাজন৷

বিজেপিৰ সভাপতিজনৰ এনে কাৰ্যত ক্ষুব্ধ হৈছে নগাঁৱৰ সচেতন নাগৰিক দুলাল বৰা আৰু বিৰিঞ্চি বৰা। বিজেপিয়ে ইচ্ছাকৃতভাৱে ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে। তেওঁলোকে ৰাষ্ট্ৰীয় পতাকাক অৱমাননা কৰা কাৰ্যৰ উচ্চ পৰ্যায়ৰ দাবী জনোৱাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে। অৱশ্য শাসকীয় দলৰ নেতাজনৰ ক্ষেত্ৰত আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত পৰিলক্ষিত হ'ব ।