Logo
image

ড° শ্বাহিল ৰফিকৰ 'আপলিফ্ট ইয়ৰ লাইফ' শীর্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বজুৰি বিভিন্ন শীৰ্ষ সংস্থা, চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে কাম কৰি কৰ্মক্ষেত্ৰখত নিজৰ নাম উজ্বলোৱা অসমৰ এগৰাকী স্বতন্ত্ৰ পৰামৰ্শদাতা ড° শ্বাহিল ৰফিকৰ 'আপলিফ্ট ইয়ৰ লাইফ' শীর্ষক গ্ৰন্থখন বুধবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁওত উন্মোচন কৰা হয়।

এক বিস্তৃত আৰু বৈচিত্ৰময় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰে পৰিপুষ্ট, লেখক  ড° শ্বাহিল ৰফিকৰ গ্ৰন্থখনে পাঠকক কেৱল মুক্ত আলোচনা জগতৰ অন্তৰ্দৃষ্টি প্ৰদান কৰাই নহয়, বৰঞ্চ নিজৰ ধৰেণেৰে জীৱনটো কেনেধৰনে আগুৱাই নিব পাৰি তাৰ এক সামগ্ৰিক দৃষ্টিভংগী প্ৰদান কৰা এক মোহময়ী পঠনযোগ্য সম্পদ হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ড° ৰফিকে এছিয়া, দক্ষিণ-পূব এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ ১২খন ভিন্ন ৰাষ্ট্ৰৰ প্ৰত্যাহ্বানমূলক পৰিৱেশত নিপুণভাৱে কৰ্ম সম্পন্ন কৰি নিজকে এজন বিশিষ্ট স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে তেওঁৰ দক্ষতাৰ উজ্জ্বল উদাহৰণ দাঙি ধৰিছে। কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই গ্ৰন্থখন উন্মোচন কৰা হয়।