Logo
image

দ্বাৰকাৰ পথত ৭,৫০০ কোটিৰ কেলেংকাৰি

নতুন দিল্লী, ১৭ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ দিনত এক কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ব্যয় কৰা হৈছে ২৫০.৭৭ কোটি টকা৷ ‘কেগ’ অৰ্থাৎ কম্পট্ৰ’লাৰ এণ্ড অডিটৰ জেনেৰেল অব ইণ্ডিয়াই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য৷ কেগে শেহতীয়াকৈ পোহৰলৈ অনা এই তথ্য অনুসৰি দিল্লীৰ দ্বাৰকা এক্সপ্ৰেছ ৱে’ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত সংঘটিত হৈছে এই ভয়াৱহ কেলেংকাৰি৷ কেগৰ মতে দিল্লীৰ ২৯ কিলো মিটাৰ দূৰত্বৰ এই পথছোৱা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ চনত ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰতি কিলোমিটাৰত ১৮.২ কোটি টকাকৈ ধাৰ্য কৰিছিল৷ কিন্তু আশ্চৰ্যজনকভাৱে পৰৱৰ্তী সময়ত উক্ত পথছোৱাৰ প্ৰতি কিলোমিটাৰ দূৰত্ব নিৰ্মাণৰ নামত খৰচ হয় প্ৰায় ২৫০.৭৭ কোটি টকাকৈ৷ অৰ্থাৎ প্ৰথম অৱস্থাত পথছোৱা নিৰ্মাণৰ বাবে ধাৰ্য কৰা মূল্যতকৈ ১৪ গুণ বেছি ব্যয় হয়৷ সেই অনুসৰি ২৯ কিলোমিটাৰ দূৰত্বৰ ঘাইপথছোৱা নিৰ্মাণৰ নামত প্ৰায় ৭,২৮৭.২৯ কোটি টকা ব্যয় হয়৷ এই ভয়ংকৰ কেলেংকাৰি পোহৰলৈ অহাৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰাধিকৰণকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ত হাহাকাৰৰ সৃষ্টি হৈছে৷ অকল দিল্লীৰ দ্বাৰকা এক্সপ্ৰেছ ঘাইপথ ছোৱাতেই নহয়৷ ভাৰতমালা প্ৰকল্পৰ অধীনত নিৰ্মাণ হোৱা আন কেইবাটাও পথৰ নিৰ্মাণত বিয়াগোম অনিময় হোৱা ধৰা পেলাইছে কেগে৷ সেই অনুসৰি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰায় ৭৫ হাজাৰ কিলো মিটাৰ পথ নিৰ্মাণত ৭.৫ লাখ কোটি টকাৰ কেলেংকাৰি হোৱাৰ তথ্য পোহৰলৈ আনিছে কেগে৷ উল্লেখ্য যে ভাৰত মালাৰ পথ নিৰ্মাণত প্ৰথম অৱস্থাত প্ৰতি কিলোমিটাৰত ১৫ কোটি টকাকৈ ধাৰ্য কৰা হৈছিল৷ কিন্তু আশ্চৰ্যজনকভাৱে পৰৱৰ্তী সময়ত প্ৰতি কিলোমিটাৰ পথ নিৰ্মাণত ১৫ কোটিৰ সলনি ২৫ কোটি টকালৈকে ব্যয়মূল্য খৰচ হোৱা বুলি দেখুওৱা হৈছে৷ সেই অনুসৰি ৭৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ৭.৫  লাখ কোটি টকাৰ কেলেংকাৰি হোৱাটো কেগে ধৰা পেলাইছে৷ অকল পথ নিৰ্মাণতেই নহয় মোদী চৰকাৰৰ দিনত আয়ুষ্মান ভাৰত, অযোধ্যা উন্নয়ন প্ৰকল্প, গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ পেন্সন আঁচনি আদিতো বৃহৎ অনিয়ম হোৱা ধৰা পেলাইছে কেগে৷ কেগৰ মতে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭.৫ লাখ মৃত ৰোগীৰ নামত চিকিৎসা কৰা দেখুৱাই কেইবা কোটি টকাৰ কেলেংকাৰি কৰা হৈছে৷ একেদৰে অযোধ্যা উন্নয়ন প্ৰকল্পৰ নামতো নীতিবৰ্হিভূতভাৱে টোল টেক্সৰ নামত ১৫৪ কোটি টকা আদায় কৰা হৈছে৷ সেই দৰে গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ৰ পেন্সন আঁচনিৰ ২.৮৩  কোটি টকা অন্য আঁচনিৰ নামত খৰচ কৰা হৈছে৷ মোদী চৰকাৰৰ দিনত হোৱা এই কেলেংকাৰি পোহৰলৈ অহাত স্বাভাৱিকতে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷