Logo
image

অৱতৰণৰ বাবে সাজু চন্দ্ৰযান

নতুন দিল্লী,  ১৭  আগষ্টঃ অৱশেষত চন্দ্ৰযান-৩ৰ অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰেৰণ কৰা চন্দ্ৰযান-৩য়ে বুধবাৰে চন্দ্ৰক অন্তিমবাৰৰ বাবে  পৰিক্ৰমা কৰে৷ ইয়াৰ পাছতে চন্দ্ৰযানে বৃত্তাকাৰ কক্ষপথত প্ৰৱেশ কৰে৷ লগে লগে আৰম্ভ হয়  লেণ্ডাৰ বিক্ৰমৰ বিচ্ছিন্নকৰণৰ প্ৰক্ৰিয়া৷ এতিয়া হাতত আৰু মাথো কেইটামান দিনহে বাকী৷ তাৰ পাছতে ২৩ আগষ্টত আহিব মাহেন্দ্ৰক্ষণ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰ’ই প্ৰকাশ কৰা মতে চন্দ্ৰযান-৩য়ে ইতিমধ্যে কক্ষপথ হ্ৰাসৰ কৌশল সমাপ্ত কৰি ১৫৩ কি.মি. X ১৬৩ কিলোমিটাৰ কক্ষপথত প্ৰৱেশ কৰিছে৷ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে লেণ্ডাৰ বিক্ৰমৰ বিচ্ছিন্নকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ তাৰ লগে লগে আৰম্ভ হ’ব ডিবুষ্ট অৰ্থাৎ মন্থৰ হোৱা প্ৰক্ৰিয়া৷ উল্লেখ্য চন্দ্ৰযান-৩য়ে শেষবাৰৰ বাবে চন্দ্ৰৰ কক্ষপথ ঘণ্টাত ৬০৪৮ কিলোমিটাৰ বেগত প্ৰদক্ষিণ কৰে৷ ইয়াৰ পাছতে গতি কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ বৃহস্পতিবাৰে লেণ্ডাৰ বিক্ৰমৰ বিচ্ছিন্নকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত এইবাৰ ঘণ্টাত মাত্ৰ ৩০ কিলোমিটাৰ বেগত ই উলম্বভাৱে চন্দ্ৰপৃষ্ঠলৈ লাহে লাহে অৱতৰণ কৰা আৰম্ভ কৰিব৷ ইতিমধ্যে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ দিন ইছৰ’ই ২৩ আগষ্ট নিৰ্ধাৰণ কৰি থৈছে৷ অৱতৰণৰ সময়ত বিক্ৰমৰ গতি হ্ৰাস কৰি প্ৰতি ছেকেণ্ডত তিনি মিটাৰ কৰা হ’ব৷ সেই অনুসৰি লেণ্ডাৰৰ গতিবেগ হ’ব ঘণ্টাত ১০ কিলোমিটাৰতকৈ সামান্য বেছি৷ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে জানিবলৈ দিয়া মতে অৱতৰণৰ এই সময়টো হ’ব ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলৰ বাবে আটাইতকৈ প্ৰত্যাহ৩ানৰ সময়৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতে চন্দ্ৰলৈ প্ৰেৰণ কৰা চন্দ্ৰযানৰ অভিযান শেষ মুহূৰ্তত বিফল হৈছিল৷