Logo
image

মোক এনকাউণ্টাৰ কৰক! প্ৰবীণ আগৰৱালাৰ অনুৰোধ

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদক, ১৭ আগষ্টঃ ৰঙিয়াৰ মাতৃ-কন্যা মৃত্যুৰ অভিযুক্ত স্বামী তথা পিতৃ প্ৰবীণ আগৰৱালাক কালি আদালতে দুদিনৰ বাবে আৰক্ষী জিম্মাত দিয়ে৷ পত্নী-কন্যাৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত প্ৰবীণ আগৰৱালাই আদালতলৈ নিয়াৰ সময়ত পুনৰ কয়– ‘আমাৰ মৃত্যুৰ সিদ্ধান্ত আছিল সামূহিক৷ প্ৰথমে কন্যা, দ্বিতীয়তে পত্নী আৰু তৃতীয়তে মই আত্মঘাতী হোৱাৰ সিদ্ধান্ত লৈছিলোঁ৷ ইয়াত কোনো তৃতীয় পক্ষ নাই৷ মোক আৰক্ষীয়ে মাৰিলেও মাৰক, ৰাইজে মাৰিলেও মাৰক৷ লাগিলে মোক আৰক্ষীয়ে এনকাউণ্টাৰ কৰক৷’ উল্লেখ্য, দুদিন পূৰ্বে প্ৰবীণ আগৰৱালাৰ পত্নী পিনু আগৰৱালা আৰু কন্যা কণিকা আগৰৱালাৰ থকা কোঠাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ ভাৰাঘৰৰ পৰা পলায়ন কৰা স্বামী তথা পিতৃ প্ৰবীণ আগৰৱালাক আৰক্ষীয়ে চাপৰমুখত আটক কৰিছিল৷ ইফালে কালি কণিকা আগৰৱালাই অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-ছাত্ৰীয়ে কণিকাৰ মৃত্যুত শোকপ্ৰকাশ কৰে৷