Logo
image

সমষ্টি পুনৰ নিৰ্ধাৰণত ৰাষ্ট্ৰপতি মুৰ্মুৰ মোহৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ আগষ্টঃ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত চীল-মোহৰ লগালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কালি টুইটযোগে এই কথা সদৰী কৰি কয় যে এয়া অসমৰ ইতিহাসৰ এক মাইলৰ খুঁটি৷ উল্লেখ্য, যোৱা ১১ আগষ্টত প্ৰকাশ পাইছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে আজি এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনাত অনুমোদন দিয়াৰ লগে লগে কাৰ্যকৰী হ’ল চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণ৷ উল্লেখ্য, এই  সমষ্টি পুনৰ নিৰ্ধাৰণত অসমৰ মানচিত্ৰৰ পৰা চিৰদিনলৈ নোহোৱা হৈ পৰিল কেইবাটাও বিধানসভা আৰু লোকসভা সমষ্টি৷ উজনি অসমৰ ঐতিহাসিক শিৱসাগৰ জিলাৰ পৰা বিলুপ্ত কৰা হ’ল আমগুৰি সমষ্টি৷ শিৱসাগৰ সমষ্টিৰ পৰা আহোম জনগোষ্ঠীৰ প্ৰভূত্ব নিঃশেষ কৰি আমগুৰি সমষ্টিৰ ৭০ শতাংশ অঞ্চল শিৱসাগৰ সমষ্টিৰ সৈতে সংযুক্ত কৰি আমগুৰি সমষ্টিটোক কৰ্তন কৰিলে৷ ইয়াৰ বিপৰীতে শিৱসাগৰ সমষ্টিৰ বৃহৎ অংশ সমীপৱৰ্তী ডিমৌ সমষ্টিৰ সৈতে অন্তৰ্ভুক্ত কৰা হ’ল৷ একেদৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টি, বিটিএডিৰ চেপাগুৰি সমষ্টি, পূব গুৱাহাটী সমষ্টি, পশ্চিম গুৱাহাটী সমষ্টি, সৰুক্ষেত্ৰী সমষ্টি, দক্ষিণ অভয়াপুৰী, পানেৰী, যমুনামুখ আদি কেইবাটাও সমষ্টি বিলুপ্তি কৰি নতুন জনগাঁথনি আৰু নতুন নতুন গাঁও অন্তৰ্ভুক্ত কৰি নতুন নামেৰে নামাকৰণ কৰা হ’ল৷ ৰাজ্যৰ মুঠ ১৯ বিধানসভা সমষ্টিৰ নাম আৰু মানচিত্ৰ সালসলনি হ’ল৷ মানকাচৰ সমষ্টিৰ নতুন নাম হ’ল বিৰসিং-জুৰা সমষ্টি, দক্ষিণ শালমাৰা সমষ্টিৰ নতুন নাম হ’ল মানকাচৰ সমষ্টি, মানিকপুৰ সমষ্টিৰ নাম হ’ল সৃজনগ্ৰাম সমষ্টি, ভৱানীপুৰ সমষ্টিৰ নাম হ’ল ভৱানীপুৰ-সৰভোগ সমষ্টি, ৰূপসী সমষ্টিৰ নাম হ’ল পকাবেতবাৰী সমষ্টি৷ ঠিক সেইদৰে বকো [এছটি] সমষ্টিৰ নতুন নাম হ’ল বকো-ছয়গাঁও সমষ্টি, হাজো [এছচি] সমষ্টিৰ নতুন নাম হ’ল হাজো-শুৱালকুছি সমষ্টি, গোৱৰ্ধন সমষ্টিৰ নাম হ’ল মানাস সমষ্টি, বটদ্ৰৱা সমষ্টিৰ নাম হ’ল ধিং সমষ্টি ৷ একেদৰে, নগাঁও সমষ্টিৰ নাম হ’ল নগাঁও-বটদ্ৰৱা সমষ্টি, চতিয়া সমষ্টিৰ নাম হ’ল ন-দুৱাৰ সমষ্টি, চাবুৱা সমষ্টিৰ নাম হ’ল চাবুৱা-লাহোৱাল সমষ্টি, মৰাণ সমষ্টিৰ নাম হ’ল খোৱাং সমষ্টি, ডিমা হাছাও [এছটি] সমষ্টিৰ নাম হ’ল হাফলং সমষ্টি, আলগাপুৰ সমষ্টিৰ নাম হ’ল আলগাপুৰ-কাটলিচেৰা সমষ্টি, বদৰপুৰ সমষ্টিৰ নাম হ’ল উত্তৰ কৰিমগঞ্জ সমষ্টি, পূৰ্বৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নতুন নাম হ’ল দক্ষিণ কৰিমগঞ্জ সমষ্টি, দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নতুন নাম হ’ব পাথাৰকান্দি সমষ্টি আৰু ৰাতাবাৰী [এছচি] সমষ্টিৰ নাম হ’ল ৰাম কৃষ্ণ নগৰ সমষ্টি৷ লক্ষণীয়ভাৱে দৰং লোকসভা সমষ্টিৰ নতুন নাম হ’ল দৰং-ওদালগুৰি সমষ্টি৷

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ কংগ্ৰেছৰ ভূমিকা দুৰ্বলঃ অখিল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ লোকসভা নিৰ্বাচন জিকিবলৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বক কঠোৰ সমালোচনা কৰি শিৱসাগৰৰ বিধায়কজনে কয়– সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত কংগ্ৰেছৰ ভূমিকা দুৰ্বল৷ যথেষ্ট পৰিমাণে দুৰ্বল৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ যি বে-আইনী আৰু অসাংবিধানিক কাম বিজেপি চৰকাৰে কৰিলে তাৰ বিৰুদ্ধে কংগ্ৰেছে যি সৱল ভূমিকা ল’ব লাগিছিল সেয়া কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কংগ্ৰেছে৷ আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ৷ উচ্ছতম ন্যায়ালয়ে সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া সাংবিধানিকভাৱে নোহোৱা বুলি মন্তব্য কৰিছে৷ বিজেপিয়ে এনেকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে যাতে সকলো সমষ্টিত বিজেপি জয়ী হৈ আহিব পাৰে৷ বিজেপিৰ হাতিয়াৰৰ দৰে কাম কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷