Logo
image

আৰক্ষী মেদহীন হ’বই লাগিব, কঠোৰ ডিজিপি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ আগষ্টঃ অসম আৰক্ষীত এতিয়াৰে পৰা আৰু নেদেখিব পেটুৱা পুলিচ৷ নিশা নিশা হেণ্ডকাফসহ পলায়ন কৰা অভিযুক্তক ধৰিবলৈ পিছে পিছে খেদি খেদি পেটুৱা পুলিচে ব্যৰ্থ হৈ গুলী চলাই এনকাউণ্টাৰ কৰা বুলি উঠা অভিযোগো এতিয়াৰে পৰা নোহোৱা হ’ব৷ কিয়নো অসম  আৰক্ষীৰ ৬৭ হাজাৰ বিষয়া-জোৱানৰ বুধবাৰৰে পৰা আৰম্ভ হৈছে বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং৷ অৰ্থাৎ এতিয়াৰে বি এম আই ৩০তকৈ অধিক ধৰা পৰা মেদবহুল আৰক্ষীক স্বেচ্ছামূলক অৱসৰ দিব গৃহ বিভাগে৷ অসম আৰক্ষীক প্ৰকৃতাৰ্থত ফিট ৰখাৰ স্বাৰ্থতে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে ১৬ আগষ্টৰ পৰা আৰম্ভ হৈছে বডী মাছ ইনডেস্ক চমুকৈ বি এম আই টেষ্টিং৷ মেদবহুল হৈ পৰা আৰক্ষীৰ লোকসকলক নিজকে ফিট ৰখাৰ বাবে দিয়া সময়সীমাৰ অন্ত পৰাৰ পাছত বুধবাৰৰে পৰা আৰম্ভ হৈছে বি এম আই পৰীক্ষা৷ ১৬ আগষ্টৰ পৰা ৰাজ্যৰ ৩৫টা স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ ৩১ আগষ্টলৈ চলিব এই বি এম আই টেষ্টিং৷ বুধবাৰে গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজেই বি এম আই পৰীক্ষাৰ সন্মুখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে৷ বি এম আই পৰীক্ষাত সম্পূৰ্ণ ফিট হিচাপে আৰক্ষী সঞ্চালকপ্ৰধান বি এম আই ৩০১ শাখাৰ অন্তৰ্ভুক্ত হয়৷ উল্লেখ্য, এই পৰীক্ষা উচ্ছতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয়– আৰক্ষীৰ লোকসকলক তিনি মাহৰ সময়সীমা দিয়া হৈছিল আৰু সেই সময়সীমাৰ পাছত ১৬ আগষ্টৰ পৰা বি এম আই পৰীক্ষা আৰম্ভ কৰা হৈছে৷ ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেচ বনোৱা হৈছে৷ আমি অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰাখিব বিচাৰিছোঁ৷ অহা বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেচাৰ আৰু ব্লাড চুগাৰ টেষ্ট কৰাৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ পৰৱৰ্তী সময়ত চিটি স্কেন, এক্সৰে আৰু আল্ট্ৰাছাউণ্ড কৰাৰ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷ আৰক্ষী সঞ্চালকপ্ৰধানজনে লগতে কয় যে ৩১ আগষ্টলৈ বি এম আই পৰীক্ষা চলিব৷ এঘণ্টাত ৩৫০জন লোকৰ পৰীক্ষা কৰিব পৰা যায়৷ এই পৰীক্ষাৰ পাছত ৩০ প্লাছ বি এম আই থকাসকলক দেৰগাঁও ট্ৰেইনিং চেণ্টাৰলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱা হ’ব৷ এমাহৰ পৰা তিনি মাহলৈ চলিব এই প্ৰশিক্ষণ৷ পৰ্যায়ক্ৰমে অসম আৰক্ষীৰ লোকসকলক সম্পূৰ্ণ ৰূপে ফিট কৰি তোলা হ’ব৷ উল্লেখ্য, বি এম আই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ সকলো অৱতীৰ্ণ হ’ব লাগিব৷