Logo
image

ইন্দ্ৰাণী-কাণ্ডত তোলপাৰ বাজপেয়ী ভৱন; পুৰণি বিজেপিৰ বিদ্ৰোহৰ জুই উমি উমি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপিৰ ৰাজ্যিক সদৰ অটল বিহাৰী বাজপেয়ী ভৱনত৷ বিজেপি নেত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ বৃহৎ প্ৰশ্নৰ মুখামুখি হৈছে ‘অচ্ছে দিন’ৰ সপোন দেখুওৱা ৰাজনৈতিক দলটো৷ এই ঘটনাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা চৰম অস্বস্তিত পৰিছে৷ ফণীন্দ্ৰ নাথ শৰ্মাই অসম এৰাৰ পাছত অসমৰ দায়িত্ব লৈয়েই বিমোৰত পৰিছে নৱনিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু৷ দলৰ পুৰণি নেতা-কৰ্মীৰ বিদ্ৰোহৰ উমি উমি জ্বলা জুইৰ তাপে দহিছে নতুন সাংগঠনিক সাধাৰণ সম্পাদৰ দায়িত্বপ্ৰাপ্ত ৰাজুক৷ বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব লৈয়েই ইন্দ্ৰাণী তহবিলদাৰৰ     মৃত্যুক লৈ ৰাজ্যিক বিজেপিত সৃষ্টি হোৱা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তৎপৰ হৈছে ৰবীন্দ্ৰ ৰাজু৷ বিজেপিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা আন নেতাৰ সৈতে কথা পাতি ঘটনাৰ বুজ লৈছে ৰাজুৱে৷ তেওঁ উক্ত ঘটনা সন্দৰ্ভত কাৰণ বিচাৰি কাৰ্যতঃ মূৰে-কপালে হাত দিছে৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ নামো সাঙোৰ খোৱাত কাৰ্যতঃ অস্বস্তিত পৰিছে ৰাজু৷ দলৰ বিভিন্ন পৰ্যায়ৰ কেইবাজনো নেতা-কৰ্মীৰ নাম কেলেংকাৰিত সাঙোৰ খোৱাৰ কথা ৰাজহুৱা হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজুৱে বিজেপিৰ নেতাসকলক কঠোৰ সকীয়নি দি কয়– আপোনালোকে অনুশাসন মানি চলক৷ যাৰ যি ইচ্ছা সেয়া দলত থাকি কৰিব নোৱাৰিব৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নামো সাঙোৰ খাই পৰাৰ পাছত আচম্বিতে তৎপৰ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা৷ তেওঁ বুধবাৰে পুৱা কেইবাটাও পৰ্যায়ত অনুষ্ঠিত কৰিছে ৰুদ্ধদ্বাৰ বৈঠক৷ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে বুধবাৰে পুৱাই প্ৰথমে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে৷ পৰৱৰ্তী সময়ত দলৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সৈতে জৰুৰীভাৱে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতিজনে৷ বিজেপিৰ ৮টা ভাতৃ-ভগ্নী সংগঠনৰ সৈতে বৈঠকত বহে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে৷ বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয়– বেয়া দিনত দল কেনেকৈ চলাব লাগে সেই কথা বিজেপিৰ পুৰণি কৰ্মীসকলেহে জানে৷ ইফালে, বিয়লিৰ ভাগত বিজেপিৰ জ্যেষ্ঠ তথা পুৰণি কেইবাজনো নেতাই পৃথকে বৈঠকত মিলিত হয়৷ উল্লেখ্য, ৰমেন ডেকা, ৰাজেন গোহাঁই আদি প্ৰবীণ নেতাই দীৰ্ঘদিনে ক্ষোভ অসন্তুষ্টি ব্যক্ত কৰি আহিছে৷