Logo
image

প্ৰজ্ঞানক লৈ অৱতৰণৰ প্ৰস্তুতি লেণ্ডাৰ বিক্ৰমৰ

বেংগালুৰু, ১৮ আগষ্টঃ ‘চন্দ্ৰযান-৩ অভিযান’ৰ আন এক গুৰুত্বপূৰ্ণ পৰ্বৰ সূচনা হয় ৷ সেই অনুসৰি চন্দ্ৰৰ ভূমি স্পৰ্শ কৰিবলৈ কালিৰ দিনটোত চন্দ্ৰযান-৩ৰ পৰা লেণ্ডাৰ বিক্ৰম পৃথক হৈ পৰে৷ ইয়াৰ পৰৱৰ্তী সময়ত ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংশা কঢ়িয়াই লৈ চন্দ্ৰপৃষ্ঠ অভিমুখে লাহে লাহে অৱতৰণ কৰিব বিক্ৰমে৷ উল্লেখ্য যে এই বিক্ৰমৰ ভিতৰতে সোমাই আছে ৰ’ভাৰ প্ৰজ্ঞান নামৰ ক্ষুদ্ৰ যানখন৷ বিক্ৰমে চন্দ্ৰৰ মাটি স্পৰ্শ কৰাৰ পাছতে ওলাই আহিব প্ৰজ্ঞান৷ ইয়াৰ পাছত প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণ মেৰু বিচৰণ কৰি আৰম্ভ কৰিব বিভিন্ন পৰীক্ষা-নিৰীক্ষা৷ উল্লেখ্য যে অহা ২৩ আগষ্টত চন্দ্ৰ পৃষ্ঠত বিক্ৰমে অৱতৰণ কৰাৰ কথা আছে৷ কালি অৰ্থাৎ বুধবাৰে চন্দ্ৰযান-৩ য়ে চন্দ্ৰৰ অন্তিমটো কক্ষপথ প্ৰদক্ষিণ কৰি লাহে লাহে তাৰ পৰা ওলাই চন্দ্ৰৰ কাষ চাপিবলৈ আৰম্ভ কৰে৷ সেই সময়ত ১৬৩ কিলোমিটাৰ উচ্ছতাত চন্দ্ৰযানে অন্তিমটো কক্ষপথ প্ৰদক্ষিণ কৰি আছিল৷ ইয়াৰ পাছত আজি মূলযানখনৰ পৰা বিচ্ছিন্ন হৈ পৰে লেণ্ডাৰ বিক্ৰম৷ আৰু মাত্ৰ ছটা দিনৰ পাছত বিক্ৰমে চন্দ্ৰৰ মাটিত অৱতৰণ কৰাৰ কথা আছে৷ উল্লেখ্য যে যোৱা ১৪ জুলাইত শ্ৰীহৰিকটাৰ পৰা চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল৷ সেইদিনা দুপৰীয়া ২.৩৫ বজাত শ্ৰীহৰিকটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সফলভাৱে যাত্ৰা আৰম্ভ কৰে চন্দ্ৰযান-৩ য়ে৷ যাত্ৰাৰ ২২ দিনৰ পাছত চন্দ্ৰযানে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে যানখনে পৃথিৱীৰ কক্ষপথক প্ৰদক্ষিণ কৰি আছিল৷ মুঠ ৫ বাৰ চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ কক্ষপথত পৰিৱৰ্তন কৰে৷ উল্লেখ্য যে ইছৰ’ই চন্দ্ৰলৈ মানৱবিহীন মহাকাশ যান প্ৰেৰণৰ এইটো তৃতীয় অভিযান৷ ইয়াৰ পূৰ্বে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰটোৱে দুবাৰ অভিযান চলায় যদিও শেষ মুহূৰ্তত বিফল হয়৷ এইবাৰ সকলো ঠিকে ঠাকে থাকিলে অহা ২৩ আগষ্টৰ বিয়লি ৫.৪৭ বজাত ৰ’ভাৰ প্ৰজ্ঞানক পেটত লৈ চন্দ্ৰৰ মাটিত ভৰি দিব চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰমে৷ এই অভিযান যদি সফল হয় তেন্তে ভাৰতৰ মহাকাশ গৱেষণাই নিঃসন্দেহে এক নতুন মাত্ৰা লাভ কৰিব৷