Logo
image

বিজেপিত চাফাই অভিযান ফণীপন্থীৰ ওপৰত বুলড’জাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ৰহস্যজনক মৃত্যুৰ পাছতে বিজেপিৰ বৰভেটিত কঁপনি উঠিছে৷ অটল বিহাৰী বাজপেয়ী ভৱনত এতিয়া যেন অতদিনে সুপ্ত হৈ থকা আগ্নেয়গিৰিহে প্ৰচণ্ড উদগীৰণ ঘটিছে৷ ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছতে অনুৰাগ চলিহাকে ধৰি একাংশ পাৱতগজা ন বিজেপি নেতা-নেত্ৰীৰ বিৰুদ্ধে চাকৰি, চিণ্ডিকেট, ঠিকা ঠুুকুলিৰ নামত লাখ লাখ টকা সংগ্ৰহৰ কাহিনী পোহৰলৈ আহিছে৷ যুদকূল ধবংসৰ দৰে বিজেপিৰ খোদ এজন নেতাই আন এজন নেতা বা নেত্ৰীক প্ৰহাৰ কৰা আৰম্ভ কৰিছে৷ অনুৰাগ চলিহাৰ গ্ৰেপ্তাৰৰ পাছতে কৃষাণ মৰ্চাৰ আন এগৰাকী নেত্ৰী তথা ৰাজ্যিক কাৰ্যালয়  সম্পাদিকা [যুটীয়া] তৃষ্ণা শৰ্মাই সুৰাৰ বিপণী আৰু চাকৰি দিয়াৰ নামত অনুৰাগে তেওঁৰ পৰা ৪০ লাখ টকা লোৱা বুলি চান্দমাৰি থানাত গোচৰ ৰুজু কৰিছে৷ তৃষ্ণা শৰ্মাই অনা এই অভিযোগৰ পাছতে কৃষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাই এক জাননী জাৰি কৰি তৃষ্ণা শৰ্মাক তৎকালীনভাৱে নিলম্বিত কৰে৷ ইফালে বৃহস্পতিবাৰে বিয়লিলৈ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত তৃষ্ণা শৰ্মাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰে৷ ইফালে ভাইৰেল হোৱা ইন্দ্ৰাণী তহবিলদাৰ, দ্বিবন ডেকা আৰু ৰিছা দাসৰ অডিঅ’ কথোপকথনত  ‘আমি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মূৰত কঠাল ভাঙিব লাগিব’ বুলি মন্তব্য কৰা ৰিছা দাসকো বিজেপিয়ে জনসংখ্যা ফাউণ্ডেচনৰ দায়িত্বৰ পৰা বহিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে প্ৰাক্তন ৰাজ্যিক সভাপতি, ৰাষ্ট্ৰীয় মুখপাত্ৰ, নেচনেল লিগেল চেলৰ সহ সমন্বয়ক তথা বৰ্তমানৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কালি ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এখন পত্ৰ লিখি ক্ষোভ প্ৰকাশ কৰাৰ লগতে সংবাদ মাধ্যমৰ আগত দলটোৰ একাংশ পাবতগজা নেতা-নেত্ৰীৰ বিৰুদ্ধে সৰব হৈছিল৷ কাৰ্যতঃ প্ৰদেশ বিজেপিৰ অভ্যন্তৰৰ ন পুৰণি বিজেপিৰ সংঘাতৰ ছবিখন উদঙাই সিদ্ধাৰ্থ ভট্টাচাৰ্যই তীক্ষ্ণ বাক্যবাণেৰে মন্তব্য কৰিছিল যে ‘হোৱা ভাতৰ ৰান্ধনি বহুত৷ বাজপেয়ীৰ ফটো ভৰিৰে মোহৰা যুৱ কংগ্ৰেছী এতিয়া বিজেপিত ডাঙৰ নেতা৷ ব্যৱসায়িক স্বাৰ্থত বেলেগক কিডনেপ কৰা মানুহো এতিয়া বিজেপিত বিয়াগোম নেতা৷’ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এই বিস্ফোৰণৰ পাছতে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক সভাপতি ভৱেশ কলিতাক বিজেপিত চাফাই অভিযান চলোৱাৰ বাবে এক কঠোৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷ কাৰ্যতঃ পূৰ্বৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ আমোলতে শেহতীয়া বছৰসমূহত প্ৰদেশ বিজেপিৰ বিভিন্ন মৰ্চা, কোষ আদিত একাংশ ঠগ প্ৰৱঞ্চক বা দালাল প্ৰবৃত্তিৰ লোকে অবাধে এণ্ট্ৰি পোৱা বুলি অভিযোগ উঠিছে৷ কাৰ্যতঃ ফণী শৰ্মাইয়ে এইসকল মূৰত তুলি লোৱা বুলিও অভিযোগ উঠিছে৷ এইসকল ফণীপন্থীৰ ওপৰত এতিয়া বুলডজাৰ চলাবলৈ সাজু হৈছে বাজপেয়ীভৱন৷ বৰ্তমানৰ নৱনিযুক্ত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে কালি অনুষ্ঠিত ৰাজ্যিক মৰ্চা কোষৰ বৈঠকত এই সন্দৰ্ভত কঠোৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷ এক কথাত ক’বলৈ গ’লে এনেবোৰ কাৰণতে ফণী শৰ্মাক বাজপেয়ী ভৱনৰ পৰা উৎখাত কৰি ৰবীন্দ্ৰ ৰাজুক অসমলৈ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত নিয়োজিত কৰা বুলিও প্ৰকাশ পাইছে৷ ৰাজুৰ বাজপেয়ীভৱনত ভৰি থোৱাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ এজন অতি ঘনিষ্ঠ নেতাই দূত হৈ নতুন দিল্লীত ৰাজুক গোপনে সাক্ষাৎ কৰা বুলিও জানিব পৰা গৈছে৷