Logo
image

ইন্দ্ৰাণী-মৃত্যুৰ শিপা পালেগৈ ৰঘুপতি-এপিএছচিপৰ্যন্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৮ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই কেঁচু খান্দোতে এতিয়া সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ বিজেপি নেতা অনুৰাগ চলিহাৰ সৈতে অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰি একাংশ বিজেপি নেতা আৰু ভেৰণীয়া গুণ্ডাই কিষাণ মৰ্চাৰ সম্পাদক ইন্দ্ৰাণী তহবিলদাৰক ব্লেকমেইল তথা মানসিক নিৰ্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ ইন্দ্ৰাণীৰ মৃত্যুৰ ঘটনাত প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ নাম সাঙোৰ খাই পৰিছে৷ তদুপৰি জে’ল ফেৰৎ বিজেপি নেতা দ্বিবন ডেকা, ভেৰণীয়া গুণ্ডা অভিমন্যু দাস, কুলদীপ দাস, আৰ এছ এছৰ শীৰ্ষ নেতা উমেশ চক্ৰৱৰ্তীৰ ভতিজা তথা নলবাৰী সংস্কৃত কলেজৰ অধ্যাপক অসীম চক্ৰৱৰ্তী, কিষাণ মৰ্চাৰ নেতা ৰেখান্ত দাসকো অভিযুক্ত কৰা হৈছে৷ মহানগৰ আৰক্ষীয়ে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰে জড়িত থকা অন্যতম মূল অভিযুক্ত অনুৰাগ চহিলাক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিলেও দিছপুৰৰ হেঁচাত আন কোনো এজন অভিযুক্তকে এই পৰ্যন্ত জেৰাৰ বাবেও তলব কৰা নাই আৰক্ষীয়ে৷ অথচ দ্বিবন ডেকাৰ পৰা আৰম্ভ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য, ভৱেশ কলিতালৈ প্ৰতিজনেই ইন্দ্ৰাণীৰ মৃত্যুৰ বাবে সমানে জগৰীয়া৷ ইতিমধ্যে আত্মগোপন কৰি থকা অভিমন্যু দাস আৰু দ্বিবন ডেকাই আৰক্ষীৰ চমন পালেই থানাত হাজিৰ হ’ব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে৷ কিন্তু ইমানৰ পাছতো মহানগৰ আৰক্ষীয়ে এগৰাকী মহিলাক মৃত্যুৰ মুখলৈ ঠেলি দি একপ্ৰকাৰ হত্যা কৰাৰ অপৰাধত অভিযুক্তকেইজনক সোধা-পোছাৰ বাবেও তলব নকৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ লক্ষণীয়ভাৱে কিষাণ মৰ্চাৰ নেত্ৰীগৰাকীৰ আত্মহত্যাৰ ঘটনাই একাংশ বিজেপি নেতাৰ চৰিত্ৰ উন্মোচন কৰাৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইন্দ্ৰাণী তহবিলদাৰ ঘটনাই সমাজত কোনো ইতিবাচক প্ৰভাৱ নেপেলায় বুলি যুক্তি দি সংবাদ পৰিৱেশনৰ পৰা বিৰত থাকিবলৈকো সাংবাদিকক নীতি শিক্ষা দিবলৈ কুণ্ঠাবোধ কৰা নাই৷ অৱশ্যে বিজেপি নেতৃত্বই ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ ঘটনাটোক গাপ দিবলৈ চেষ্টা চলালেও পলাতক অভিযুক্ত অভিমন্যু দাসে সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰে  ন ন ক’লা অধ্যায় পোহৰলৈ আনিছে৷ ইন্দ্ৰাণীৰ আত্মহত্যাৰ বাবে বিজেপি নেতা দ্বিবন ডেকাই মূল দোষী বুলি পুনৰবাৰ সজোৰে দাবী কৰিছে দ্বিবনৰ একমাত্ৰ সহযোগী পলাতক অভিমন্যু দাসে৷ অনুৰাগ চলিহাৰ মোবাইল ফোনটো লৈ অহাৰ কথা স্বীকাৰ কৰিলেও ইন্দ্ৰাণী আৰু অনুৰাগৰ অন্তৰংগ মুহূৰ্তৰ ফটোখন দ্বিবন ডেকাইহে ভাইৰেল কৰা বুলি নিজৰ দাবীত অটল আছে অভিমন্যু৷ আনকি দ্বিবন ডেকাই ফটোখন বিজেপিৰ শীৰ্ষ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যকো দিয়াৰ কথা সদৰী কৰিছে অভিমন্যু দাসে৷ তাৎপৰ্যপূৰ্ণভাৱে ইন্দ্ৰাণীৰ আত্মহত্যাৰ মুখ খুলিবলৈ গৈ অভিমন্যু দাসে এইবাৰ অভিনেতা ৰবি শৰ্মাৰ ‘ৰঘুপতি’ চিনেমাখনত এছআই কেলেংকাৰি ধন বিনিয়োগ হোৱাৰ লগতে এপিএছচিৰ চাকৰিৰ নামত দ্বিবন ডেকাই প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ বিস্ফোৰক তথ্য ফাদিল কৰিছে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অভিমন্যু দাসে কয়– ‘দ্বিবন ডেকাই বিজেপিৰ শীৰ্ষ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যক যদিহে ইন্দ্ৰাণী তহবিলদাৰৰ বিশেষ ফটোখন শ্বেয়াৰ কৰাৰ কথা পাহৰিছে, তেনেহ’লে সেই ফটোখন আন কোন কোন বিজেপি নেতালৈ শ্বেয়াৰ কৰিছিল তাকো পাহৰাতো অসম্ভৱ নহয়৷ যদিহে পুৰণি বিজেপি কৰ্মী হিচাপে সিদ্ধাৰ্থ ভট্টাচাৰ্যক দ্বিবন ডেকা চিনি পাই, তেনেহ’লে পুৰণি বিজেপি কৰ্মী আৰু গুৰুত্বপূৰ্ণ পদবীত থকা ইন্দ্ৰাণী তহবিলদাৰক চিনি নোপোৱাৰ যুক্তি নাই৷ ইয়াৰ পাছতো ফটোখনত থকা মহিলাগৰাকী ইন্দ্ৰাণী হয় নে নহয়, তাক জানিবলৈ সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ফটোখন শ্বেয়াৰ কৰি সোধাৰ যুক্তি ক’ত? আৰক্ষীয়ে দ্বিবন ডেকাৰ মোবাইল জব্দ কৰি পৰীক্ষা কৰিলেই সকলো স্পষ্ট হৈ পৰিব৷ মই অনুৰাগ চলিহাৰ মোবাইলটো অনাৰ কথা সত্য৷ কিন্তু মোবাইল অনা আৰু ফটোখন ভাইৰেল কৰাৰ দুয়োটা বেলেগ বিষয়৷ দ্বিবন ডেকাই কৈছে– মই মোবাইলটো ভাবুকি দি আনিছিলো৷ কিন্তু অনুৰাগ চলিহাই পইচা দিব নোৱাৰি ফোনটো লৈ যাওঁক বুলি নিজেই দিছিল৷ যদিহে মই মোবাইলটো ভাবুকি দি আনিছিলো, তেনেহ’লে সোমবাৰৰ পৰা শুকুৰবাৰলৈ ইমান কেইটা দিনত কিয় আৰক্ষীক অভিযোগ নিদিলে অনুৰাগে৷ মই ইন্দ্ৰাণী তহবিলদাৰক বন্ধ কোঠাত কোনো নিৰ্যাতন চলোৱা নাছিলো৷ নংপুৰ যিখন কেফে কফিত আমি লগ হৈছিলো তাৰ চিচিটিভি পৰীক্ষা কৰিলেই ওলাই পৰিব৷ মই বিতৰ্কিত মানুহ নহয়, দ্বিবন ডেকাহে বিতৰ্কিত৷ দ্বিবন ডেকাই যদি অনুৰাগ চলিহাৰ ওচৰলৈ মোক নপঠালেহেঁতেন, তেনেহ’লে মই এই বিতৰ্কলৈ নাহিলোহেঁতেন৷ মোৰ ঘৰত অসীম চক্ৰৱৰ্তী আৰু দ্বিবন ডেকাই এছআই কেলেংকাৰিত অভিযুক্ত সুৰজ শৰ্মাক অপহৰণ কৰি বিটিএডিত ৰখাৰ পৰিকল্পনা কৰিছিল৷ সুৰজ শৰ্মাৰ পৰা এছআই কেংলেংকাৰিৰ ২ কোটি টকা ধন পাবলৈ আছিল দ্বিবন ডেকাই৷ সেই ধন উদ্ধাৰৰ বাবেই সুৰজ শৰ্মাক অপহৰণৰ পৰিকল্পনা কৰিছিল দ্বিবন আৰু অসীম চক্ৰৱৰ্তীয়ে৷ সুৰজ শৰ্মাৰ পত্নী তিনিচুকীয়াৰ কোন বাগানৰ পৰা ধন তুলিবলৈ যায় তাক নিৰীক্ষণ কৰাৰ বাবে মানুহ নিয়োগ কৰিছিল দ্বিবন ডেকাই৷ এদিন আগতে দ্বিবন ডেকাই কল্যাণ ভাগৱতীকো মুকলি ভাবুকি দিছিল যে– যদিহে এই ঘটনাক লৈ কল্যাণে মুখ খোলে তেনেহ’লে তাৰ কথা বেয়া আছে৷ মই পলাতক হৈ থকাৰ কাৰণ হৈছে দ্বিবন ডেকাই মোক হত্যাৰ ভাবুকি দিছে৷ দ্বিবন ডেকাৰ আৰু বহু কেলেংকাৰি আছে৷ ৰঘুপতি চিনেমাখনৰ এজন প্ৰযোজন হৈছে সুৰজ শৰ্মা৷ সুৰজ শৰ্মা আৰু দ্বিবন ডেকাই মিলি এটা সময়ত এছআই কেলেংকাৰিৰ ধন ৰঘুপতি চিনেমাখনত বিনিয়োগ কৰিছিল৷ যেতিয়া ৰঘুপতিৰ দ্বিতীয়জন প্ৰযোজকৰ লগত কাজিয়া হৈছিল, তেতিয়া সুৰজ শৰ্মা আৰু দ্বিবন ডেকাই মিলি প্ৰযোজনজনক  ভুৱা ৰেপ কেছৰ গোচৰ দিম বুলিও ভাবুকি দিছিল৷ তাৰ ভিডিঅ’ প্ৰমাণ মোৰ হাতত মজুত আছে৷ এছ আই কেলেংকাৰিত জে’ল যোৱাৰ  পাছত মুখ্যমন্ত্ৰীয়ে জে’লৰ পৰা দ্বিবন ডেকাক উলিয়াই অনা বুলি দ্বিবন ডেকাই আমাৰ আগত কৈছিল৷ আনকি দ্বিবন ডেকাৰ ঘৰলৈ চি এমে ৫০ হাজাৰ টকা পঠাই দিয়া বুলিও দাবী  কৰিছিল৷ আমাৰ বিশ্বাস নহয় যে, চি এমে ইমান বেয়া মানুহ এজনক সহায় কৰিব! আনকি চি এমৰ আশীৰ্বাদতে জে’লত থকাৰ সময়ত হাস্পতালত কটোৱা বুলিও জনাইছিল দ্বিবনে৷ আনকি দুমাহ পূৰ্বে অসীম চক্ৰৱৰ্তীৰ পৰা চাকৰি দিয়াৰ নামত ১৫ লাখ টকা লৈছিল দ্বিবন ডেকাই৷ শেহতীয়াকৈ মেইনছ অনুষ্ঠিত হৈ যোৱা এপিএছচি পৰীক্ষাৰ ৩জন প্ৰাৰ্থীৰ পৰা চাকৰিৰ নামত ৩০ লাখ টকা লৈছে দ্বিবন ডেকাই৷ এজন চৰকাৰী অফিচিয়েলে দ্বিবন ডেকাৰ হাতত এই ৩০ লাখ টকা দিছিল৷ দ্বিবন ডেকাই ঠগ-প্ৰৱঞ্চনা কৰি আছে৷ দ্বিবনৰ লগত থকা কুলদীপে চাকৰি আৰু ৱাইন শ্বপৰ লাইচেন্সৰ নামত পইচা তোলে৷ যিটো ল’ৰাই কোনো কাম নকৰে, যাৰ এটকাও ইনকম নাই, সেই ল’ৰাটোৱে বৰক্ষেত্ৰীত ইমান ডাঙৰ ঘৰ বনাইছে কেনেকৈ?’ লক্ষণীয়ভাৱে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাত ভাইৰেল অডিঅ’ ক্লিপিঙত ইন্দ্ৰাণী আৰু দ্বিবন ডেকাৰ সৈতে কথা পতা ৰিয়া দাসে এইবাৰ সংবাদ মাধ্যমৰ আগত মানসিক নিৰ্যাতনৰ বাবে আত্মহত্যা কৰিব বুলিও ভাবুকি দিছে৷ ইন্দ্ৰাণী তহবিলদাৰক সহায়ৰ বাবে দ্বিবন ডেকাৰ সৈতে কথা পতা ৰিয়া দাসক ইতিমধ্যে বিজেপিৰ সভাপতি ভৱেশ ডেকাই তলব কৰিছে৷ আনহাতে অনুৰাগ চলিহাক চাকৰিৰ নামত ৪০ লাখ টকা দিয়া কিষাণ মৰ্চাৰ কাৰ্যালয় সম্পাদিকা তৃষ্ণা শৰ্মাক দলৰ পৰা নিলম্বন কৰিছে নেতৃত্বই৷ মুঠৰ ওপৰত ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া বিজেপি দলৰ একাংশই যে এতিয়া চাকৰিৰ নামত বজাৰ গঢ়ি তুলিছে সেয়া স্পষ্ট হৈ পৰিছে৷ সেয়েহে ইন্দ্ৰাণী মৃত্যুৰ আৰক্ষীৰ তদন্তই কিমান দূৰলৈ শিপা মেলিব পাৰিব সেয়া সময়তহে স্পষ্ট হ’ব৷