Logo
image

তদন্ত চলিছে, মই এতিয়া বেছি কথা নকওঁ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ আগষ্টঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাই বাজপেয়ী ভৱনত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে মুখা খোল খাবলৈ আৰম্ভ কৰিছে ইজনৰ পিছত সিজনকৈ দলীয় নেতাৰ৷ দলটোৰ একাংশ  নেতাই বাজপেয়ী ভৱনত বহিয়ে চাকৰিৰ বজাৰ এখন মেলি লোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতে অধিক অস্বস্তিত পৰিছে দল আৰু চৰকাৰ৷ কেৱল চাকৰিয়ে নহয় ঠিকা, সুৰাৰ দোকান আবণ্টন আদিৰ দৰে কামতো জড়িত হৈ চৰকাৰখনক বিব্ৰত কৰি তুলিছে এইসকল নেতা-নেত্ৰীয়ে৷ যাৰ বাবে এতিয়া যেন এই সন্দৰ্ভত অধিক একো ক’ব বিচৰা নাই স্বয়ং মুখ্যমন্ত্ৰীয়েও৷ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোৰ নিকা তদন্ত হোৱাৰ স্বাৰ্থত একো ক’ব নিবিচাৰিলেও তেওঁৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিন্তু এনেধৰণৰ বাতৰি প্ৰকাশৰ পৰা বিৰত থাকিবলৈয়ে সংবাদ মাধ্যমক নীতি শিক্ষা দিছে৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্ৰথমবাৰৰ কাৰণে মত প্ৰকাশ কৰি কয়– যেতিয়া কোনোবাই আত্মহত্যা কৰে বা হত্যা হয় তেতিয়া গোটেই বিষয়টো আৰক্ষীয়ে চোৱা-চিতা কৰে৷ তদন্তৰ সময়ছোৱাত যিমানে আমি কম কথা ক’ম সিমানে ভাল৷ যদি তদন্তৰ সময়ত আমি কথা কৈ থাকোঁ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যদি কথা কয় তেতিয়া তদন্তটোক প্ৰভাৱিত কৰাৰ অভিযোগ আহিব৷ মই গৃহমন্ত্ৰীও, মুখ্যমন্ত্ৰীও৷ গতিকে নীৰৱতাই সকলোতে সহায় কৰিব৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ অতি ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মাধ্যমে কেনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ কৰিব লাগে তাৰে উপদেশ দি কয়– এই ধৰণৰ বাতৰিবিলাকে সমাজত কোনো ধনাত্মক প্ৰভাৱ নেপেলায়৷ এই বাতৰিবিলাকত চিনেমাৰ দৰে মানুহে ৰস লয়৷ মানুহে চাই থাকে৷ ইয়াৰ দৰ্শকো বেছি হ’ব পাৰে৷ কিন্তু এনে কথাবিলাকে সমাজত কোনো ইতিবাচক প্ৰভাৱ নেপেলায়৷ সংবাদ মাধ্যমলৈ অনুৰোধ যিহেতু এনেকুৱা ধৰণৰ বাতৰিয়ে সমাজখনক ক্ষতিহে কৰে সেয়ে সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ বাতৰি নেদেখুৱালে ভাল৷ কোন দোষী কোন নিৰ্দোষী আইনে বিচাৰ কৰিব৷ ইন্দ্ৰাণী তহবিলদাৰৰ নৱমযদশম শ্ৰেণীত পঢ়ি থকা কন্যাৰ ওপৰত এনে বাতৰিয়ে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব? তাইৰ ওপৰত কেনেকুৱা মানসিক চাপ এটা পৰিব সেইটো ভাবি চাব লাগে৷ সংবাদ মাধ্যমে বিষয়টো বিবেচনা কৰি চাব লাগে৷