Logo
image

ডিব্ৰুগড়ত বৃদ্ধি কনজাংটিভাইটিছ ৰোগৰ সংক্ৰমণ

'আমাৰ অসম'ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১৮ আগষ্টঃ ডিব্ৰুগড়ত বৃদ্ধি পাইছে কনজাংটিভাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ। জিলাখনত ভয়াৱহ ৰূপত সংক্ৰমিত হোৱা এই ৰোগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধিক প্ৰভাৱিত হৈছে। যাৰ ফলত আতংকিত হৈ পৰিছে অভিভাৱকসকল। কনজাংটিভাইটিছ এক সংক্ৰামক ৰোগ য'ত ভাইৰাছ বা বেক্টেৰিয়াৰ জৰিয়তে চকুত প্ৰভাৱ পেলায়। এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগ সষ্টম হৈ উঠিছে। স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন বিদ্যালয় আৰু ৰাজহুৱা স্থানত এই ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ সন্দৰ্ভত সচেতনতা আনিবৰ বাবে সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কার্যক্ৰমৰ ভ্ৰাম্যমান চিকিৎসা গোটৰ জৰিয়তে বিদ্যালয়সমূহত চকু পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰিছে। এই ৰোগত ব্যৱহৃত হোৱা প্ৰয়োজনীয় সকলো ঔষধ জিলা ঔষধাগাৰ আৰু চিকিৎসা কেন্দ্ৰসমূহত মজুত ৰখাৰ লগতে অনাগত দিনত ৰোগ বিধৰ সৈতে মোকাবিলা কৰিবলৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সাধাৰণতে চকু ৰঙা পৰা, চকুৰ পতা ফুলি উঠা, চকুৰ খজুৱতি, চকুৰ পৰা হালধীয়া বা পানীযুক্ত প্ৰস্ৰাৱ ওলোৱা, আঠাসদৃশ প্ৰস্ৰাৱ ওলায় চকু দুটা বন্ধ হৈ যোৱা ইত্যাদি কনজাংটিভাইটিছৰ লক্ষণ। আনহাতে শিশুৰ ক্ষেত্ৰত এই লক্ষণসমূহৰ উপৰিও জ্বৰো দেখা দিব পাৰে। কনজাংটিভাইটিছত আক্রান্ত হ’লে হাত দুখন চাবোন বা চেনিটাইজাৰেৰে সঘনাই চাফা কৰি থাকিব লাগে, পৰিষ্কাৰ পানীৰে চকুযুৰি ধুই থাকিব লাগে। আক্রান্ত চকুযুৰি হাতেৰে মোহাৰি থকা বা চুই থকাৰ পৰা বিৰত থাকিব লাগে। আক্রান্ত ব্যক্তিৰ ৰুমাল, গামোচা, বিছনা-চাদৰ, প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাৰ লগতে লক্ষণসমূহ থকালৈকে জনসমাগম হোৱা ঠাইত উপস্থিত থাকিব নালাগে। তদুপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত এই ৰোগ দেখা দিলে আৰোগ্য নোহোৱা পর্যন্ত বিদ্যালয়লৈ নাযাবলৈ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে। উল্লেখযোগ্য যে, চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো বন দৰৱ বা অন্য যিকোনো ঔষধ আক্রান্ত চকুযুৰিত প্ৰয়োগ কৰা অনুচিত। কোনো ব্যক্তিৰ কনজাংটিভাইটিছৰ লক্ষণসমূহে দেখা দিলে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে তেওঁলোকক ততালিকে স্বাস্থ্যকেন্দ্ৰলৈ গৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে এই সন্দৰ্ভত ৯৩৯৫০৭৭৯৭১ হেল্প লাইন নম্বৰ মুকলি কৰিছে। ইয়াৰ উপৰিও অন্য দুটা নম্বৰ ক্ৰমেঃ  ৯৪৩৫৩৫৮৩৭১ আৰু ০৩৭৩২৩১২৯৪০ নম্বৰ দুটা ৰাইজৰ বাবে মুকলি কৰিছে।