Logo
image

নিচেই কাষৰ পৰা বিক্ৰমে পঠিয়ালে চন্দ্ৰৰ ছবি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ আগষ্টঃ চন্দ্ৰত অৱতৰণ কৰাৰ পথত আৰু এঢাপ আগবাঢ়িল চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰম৷ শুকুৰবাৰে স্বয়ংক্ৰিয়ভাৱে নিজৰ গতি আৰু হ্ৰাস কৰিলে বিক্ৰমে৷ চন্দ্ৰৰ উপবৃত্তাকাৰ কক্ষপথত প্ৰৱেশ কৰাৰ বাবেই এই গতি হ্ৰাস কৰাৰ কৌশল অৱলম্বন কৰা বুলি ইছৰ’ৱে প্ৰকাশ কৰিছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ টুইটাৰত কোৱা হৈছে, এতিয়ালৈকে লেণ্ডাৰৰ স্বাস্থ্যৰ অৱস্থা একেবাৰে সঠিক হৈ আছে আৰু অৱতৰণৰ পূৰ্বে কৰা সকলো পৰিকল্পনা সফল হৈছে৷ উল্লেখ্য, লেণ্ডাৰ বিক্ৰমৰ শৰীৰত লগাই ৰখা হৈছে বহুকেইটা স্বয়ংক্ৰিয় কেমেৰা৷ তাৰেই এটা কেমেৰাৰ পৰা তোলা চন্দ্ৰৰ ফটো বিক্ৰমে ইছৰ’লৈ প্ৰেৰণ কৰিছে৷ ইছৰ’ই তেনে ফটোৰ এটা ক’লাজ তৈয়াৰ কৰি সকলোৰে বাবে মুকলি কৰি দিছে৷ সেই ছবিত দেখা গৈছে চন্দ্ৰৰ কজলা বৰণৰ মাটি আৰু ওখোৰা-মোখোৰা সমতল৷ ইছৰ’ই জনোৱা মতে দেওবাৰে দুপৰীয়া ২ বজাত আৰু এবাৰ গতি নিয়ন্ত্ৰণ কৰিব বিক্ৰমে৷ উল্লেখ্য, বৃহস্পতিবাৰে চন্দ্ৰযানৰ মূল অংশৰ পৰা লেণ্ডাৰ বিক্ৰম পৃথক হৈছিল৷ অহা বুধবাৰে বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ কথা৷ বিক্ৰমৰ গন্তব্যস্থল হৈছে চন্দ্ৰৰ দক্ষিণ মেৰু৷ এতিয়ালৈকে চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো মহাকাশযানে অৱতৰণ কৰা নাই৷ যদিহে বিক্ৰমে প্ৰথমে আৰু সফলভাৱে দক্ষিণমেৰুত অৱতৰণ কৰিব পাৰে তেন্তে সেয়া হ’ব চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক নতুন ইতিহাস৷ অৱশ্যে তাৰো পূৰ্বে ৰাছিয়াই ইতিমধ্যে প্ৰেৰণ কৰা লুনা-২৫ য়ে ২১ আগষ্টত সেই অনাবিষ্কৃত দক্ষিণ মেৰুত অৱতৰণ কৰাৰ সম্ভাৱনা আছে৷ ৰাছিয়াই এতিয়াও তেওঁলোকৰ যানখনৰ অৱতৰণৰ দিন ৰাজহুৱা কৰা নাই৷ সেয়ে বাজীমাৎ কোনে কৰে সেয়া এতিয়াও অনিশ্চিত৷