Logo
image

ৰাজখোৱা নতশিৰ, মুইভা আগ্ৰাসী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৯ আগষ্টঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম দুই শক্তিশালী বিদ্ৰোহী সংগঠন আলফা আৰু এন এছ চি এনৰ [আই এম] সৈতে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ৷ এই উদ্দেশ্যেৰে আলোচনাপন্থী দুয়োটা বিদ্ৰোহী সংগঠনৰ সৈতে অন্তিম পৰ্যায়ৰ শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে গৃহ মন্ত্ৰণালয়ে৷ সুদীৰ্ঘ ১২ বছৰ ধৰি অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া নেতৃত্বাধীন আলোচনাপন্থী  আলফা গোটৰ সৈতে কেন্দ্ৰই আলোচনা অব্যাহত ৰাখিলেও শেহতীয়াকৈ শান্তি চুক্তিৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ভাৰত চৰকাৰে৷ ইফালে, নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ [আই এম] লগত কেন্দ্ৰই ২০১৫ চনৰ ৩ আগষ্টত নগা ফ্ৰেমৱৰ্ক চুক্তি কৰিছিল যদিও এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে শান্তি চুক্তিত স্বাক্ষৰ কৰি নাগালেণ্ডত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰসৰ হৈছে মোদী চৰকাৰ৷ সেই লক্ষ্যৰে শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আলফাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকত আলফাৰ কেন্দ্ৰীয় নেতৃত্ব অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰী আৰু ৰাজু বৰুৱাই অংশ লোৱাৰ লগতে মধ্যস্থকাৰী এ কে মিশ্ৰও উপস্থিত থাকে৷ আলফাৰে এই বৈঠকৰ সমান্তৰালভাৱে ২১ আগষ্টত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ [আই এম] সৈতে নতুন দিল্লীত শান্তি আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ৷ গুৰুত্বপূৰ্ণ কথাটোৰ সৈতে সুদীৰ্ঘ ১২ বছৰ ধৰি আলোচনা চলাই অহা অসমৰ বিদ্ৰোহী সংগঠন আলফাই কেন্দ্ৰৰ সৈতে ‘দৰ-দাম’ কৰাত নতশিৰ হোৱা বুলিহে এতিয়া চৰ্চা লাভ কৰিছে৷ অৱশ্যে, ইয়াৰ বিপৰীতে নগা বিদ্ৰোহী সংগঠন এন এছ চি এন [আই এম]এ কেন্দ্ৰৰ পৰা প্ৰাপ্য অধিকাৰ কাঢ়ি অনাত আগ্ৰাসী স্থিতি গ্ৰহণ কৰিছে৷ অভিযোগ অনুসৰি পৃথক স্বাধীন ৰাজ্যৰ দাবী ত্যাগ কৰা আলফাই অসম আৰু অসমীয়াৰ স্বাৰ্থ তথা ভৱিষ্যত সুৰক্ষিত কৰা ১২ টা চৰ্ত দিলেও ইয়াৰে মূল চৰ্তটোকে অগ্ৰাহ্য কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অৰবিন্দ ৰাজখোৱা বাহিনীয়ে খিলঞ্জীয়া অসমীয়াৰ ৰাজনৈতিক অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ বাবে ৰাজ্যৰ ৮৮ শতাংশ বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ চৰ্ত  আৰোপ কৰিলেও সেই চৰ্ত মানি ল’ব নোৱাৰে বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰে৷ আলফাই ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ১১২ টা সমষ্টি ভূমিপুত্ৰ খিলঞ্জীয়াৰ হাতত সংৰক্ষিত কৰাৰ বাবে দিয়া প্ৰস্তাৱক কাৰ্যতঃ নাকচ কৰিছে কেন্দ্ৰৰ মোদী চৰকাৰে৷ আনকি শুকুৰবাৰে গৃহ মন্ত্ৰণালয়ৰে হোৱা বৈঠকত কেন্দ্ৰই নিৰ্বাচন আয়োগৰ শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াক সুৰক্ষিত কৰিব বুলিহে বুজনি দিয়ে আলফাক৷ স্বাভাৱিকতেই কেন্দ্ৰৰ এই যুক্তিত অৰবিন্দ বাহিনীয়ে নতশিৰ হোৱা বুলিও দিছপুৰৰ এটা সূত্ৰই জানিবলৈ দিছে৷ অৱশ্যে চুক্তি সম্পূৰ্ণ কৰাৰ স্বাৰ্থত কেন্দ্ৰ আৰু আলফাৰ মাজত পুনৰ দুই এবাৰ আলোচনা হ’ব বুলিও সদৰি কৰিছে সূত্ৰটোৱে৷  আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই শন্তি আলোচনাত অংশ নোলোৱাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে আলোচনাপন্থী আলফা গোটটোৰ দাবীক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷  লক্ষণীয়ভাৱে আলফাৰ ৩৪ বছৰীয়া সংগ্ৰামী ইতিহাসত ১০ হাজাৰো অধিক তেজাল যুৱকে আত্মবলিদান দিলে যদিও মূৰকত কেন্দ্ৰীয় চৰকাৰৰ টেবুলৰ পৰা বিদ্ৰোহী সংগঠনটোৱে নিজৰ অধিকাৰ কাঢ়ি অনাত চৰম ব্যৰ্থ হোৱা বুলিও একাংশ আলফা সদস্যই ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷ অৱশ্যে, অৰবিন্দ ৰাজখোৱা বাহিনীৰ এই দুৰ্বল স্থিতিৰ বিপৰীতে নগা বিদ্ৰোহী সংগঠন এন এছ চি এম [আই এম]ৰ বৃহত্তৰ নাগালিমৰ মানচিত্ৰত অসমৰ নগা অধ্যুষিত এলেকা চামিলকৰণত ভাৰত চৰকাৰে অনুমোদন দিয়া বুলি ১৪ আগষ্টৰ নাগালেণ্ডৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত হেব্ৰনৰ পৰা সদম্ভ ঘোষণা কৰিছে বিদ্ৰোহী সংগঠনটোৰ মূৰব্বী থুইংগালেং মুইভাই৷ অথচ অসম চৰকাৰে বিগত সময় চোৱাত নাগালিমত অসমৰ ভূমি অন্তৰ্ভুক্ত নহয় বুলি দাবী কৰি আহিছিল যদিও মুইভাৰ আগ্ৰাসী স্থিতিত কেন্দ্ৰই যে সেও মানিছে সেয়া বিদ্ৰোহী নেতাজনৰ ঘোষণাই স্পষ্ট কৰিছে৷ কেৱল অসমেই নহয়, উত্তৰ-পূবৰ অৰুণাচল আৰু মণিপুৰৰ নগা বসতিপূৰ্ণ ভূমিও বৃহত্তৰ নাগালিমত একত্ৰিকৰণ হ’ব বুলিও মুইভাই ঘোষণা কৰিছে৷ কেন্দ্ৰৰ সৈতে হোৱা পূৰ্বৰ আলোচনাত নগাৰ পৃথক পতকা আৰু সংবিধানক লৈ কিছু মত বিৰোধ থকাত শান্তি চুক্তি স্বাক্ষৰত বিলম্ব হৈছিল যদিও এইবাৰ কেন্দ্ৰ আৰু এন এছ চি এন [আই এম] দুয়োপক্ষই ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চুক্তি স্বাক্ষৰ বাবে সাজু হৈছে৷ এন এছ চি এন [আই এম]এ দাবী কৰা মতে ডিচেম্বৰৰ নগাৰ সৈতে কেন্দ্ৰই ঐতিহাসিক চুক্তি সম্পাদন কৰিব৷ অহা ২১ আগষ্টত দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে অনুষ্ঠিত হ’বলগীয়া আলোচনাৰ পৰিপ্ৰেক্ষিত এন এছ চি এনে বৃহস্পতিবাৰে ডিমাপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ‘খ্ৰীষ্টানৰ বাবে নাগালিম’ শ্ল’গানেৰে ২১ আগষ্টত ভাৰত চৰকাৰৰ সৈতে এন এছ চি এনে শান্তি আলোচনাত ভাগ লোৱাৰ লগতে নগাৰ সাৰ্বভৌমত্বৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ যুঁজ দিয়াৰ বাবে সংকল্প লোৱা বুলিও বিদ্ৰোহী সংগঠনটোৱে এটা বিবৃতিত স্পষ্ট কৰি দিছে৷

লোকসভা নিৰ্বাচনৰ পূৰ্বেই শান্তি চুক্তিঃ অনুপ চেতিয়া

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ দীৰ্ঘদিনৰ বিৰতিৰ পাছত অৰবিন্দ ৰাজখোৱা আলোচনাপন্থী আলফা নেতৃবৰ্গৰ সৈতে আজি নতুন দিল্লীত এখন গোপন বৈঠকত মিলিত হয় শান্তি আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই৷ অজ্ঞাত স্থানত অনুষ্ঠিত কেন্দ্ৰীয় গৃহ বিভাগৰ সচিব পৰ্যায়ৰ বৈঠকত মূলত আলফাৰ অন্যতম দাবী হিচাপে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে৷ এক বিশেষ সূত্ৰৰ পম খেদি জানিব পৰা মতে, মধ্যস্থতাকাৰী এ কে মিশ্ৰই যোৱা এপ্ৰিল মাহত আলফা নেতৃবৃন্দৰ আগত শান্তি চুক্তিৰ এখন খচৰা উপস্থাপন কৰিছিল৷ পিছে খচৰাত আলফাৰ ১২ দফীয়া দাবী ছনদৰ অন্যতম ৰাজনৈতিক তথা সাংবিধানিক অধিকাৰৰ বিষয়টোৱে স্থান লাভ কৰা নাছিল৷ আজিৰ বৈঠকত উক্ত বিষয়ৰ ওপৰতে আলফা নেতৃবৰ্গৰ সৈতে মধ্যস্থতাকাৰীজনে বিশদ আলোচনা কৰে৷ কিন্তু ৰাজনৈতিক অধিকাৰৰ বিষয়টোকলৈ এতিয়াও কিছু জটিলতা থকা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে৷ শীঘ্ৰেই আলফা নেতৃবৃন্দৰ সৈতে পুনৰ আন এলানি বৈঠক অনুষ্ঠিত হ’ব৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, খুব কমদিনৰ ভিতৰতেই আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে৷ ইপিনে আজিৰ বৈঠকত অংশগ্ৰহণ কৰা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰিত হ’ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত ইংগিত প্ৰদান কৰিছিল৷ চেতিয়াৰ মতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ঐতিহাসিক তথা দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি শান্তি চুক্তি সম্পাদিত হ’ব৷ উল্লেখ্য, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি নিশা নতুন দিল্লীত উপস্থিত হৈছে৷ মুখ্যমন্ত্ৰীজনেও আজি আলফা নেতৃবৰ্গৰে হোৱা বৈঠকত অংশ ল’ব বুলি ধাৰণা কৰা হৈছিল যদিও জানিব পৰা মতে তেওঁ ব্যক্তিগত কাৰ্যসূচীলৈহে দিল্লী ভ্ৰমণলৈ আহিছে৷ উল্লেখ্য, ২০১১ চনত তদানিন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমৰ ওচৰত অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলোচনাপন্থী আলফা নেতৃবৰ্গই ১২দফীয়া দাবী চনদ দাখিল কৰিছিল যদিও ১২ বছৰ পাছতো শান্তি চুক্তি স্বাক্ষৰিত নহ’ল৷ এতিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐতিহাসিক চুক্তিখন সম্পাদিত হয় নে নহয় সেয়া লক্ষ্যণীয় বিষয় হ’ব৷