Logo
image

পদপথৰ থলুৱা ব্যৱসায়ীৰ কাষত কটনিয়ান

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৯ আগষ্টঃ কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পদপথৰ থলুৱা ব্যৱসায়ীৰ কাষত থিয় দিলে কটনিয়ানে৷ বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থকা পদপথৰ দোকানসমূহ পুনৰ উক্ত স্থানত বহুওৱাৰ দাবীত শুকুৰবাৰে সন্ধিয়াৰ পৰা ৰাজপথত নামিল কটন বিশ্ববিদ্যালয়ৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থী৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাস, ছাত্ৰীনিবাসৰ শিক্ষাৰ্থীসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰী পক্ষৰ অত্যাচাৰ নচলিব, পথপথৰ ব্যৱসায়ীক কৰা অন্যায় নচলিব আদি চৰকাৰবিৰোধী বিভিন্ন শ্ল’গান দিয়ে৷ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে৷ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়খনৰ সন্মুখত থকা পদপথৰ খাদ্যৰ দোকান পুনৰ স্থাপনক লৈ শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা তিনি ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে৷ এই সম্পৰ্কে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰিতুৰাজ শইকীয়াই সংবাদ মাধ্যমক কয়-গুৱাহাটী পৌৰ নিগম কতৃৰ্পক্ষই ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে পদপথৰ থলুৱা ব্যৱসায়ীৰ খাদ্যৰ দোকানসমূহ উচ্ছেদ কৰিছিল৷ কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা কৰি দিয়া নাই৷ উক্ত স্থানত প্ৰায় ৪০খন মান খাদ্যৰ দোকান আছে৷ তেওঁলোকৰ প্ৰায়খিনিয়ে থলুৱা ব্যবসায়ী৷  আজি কটনৰ ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত সেই দোকানসমূহ পুনৰ স্থাপনৰ ব্যৱস্থা কৰা হৈছিল যদিও প্ৰশাসনে বাধা আৰোপ কৰে৷ কটনৰ সন্মুখৰ ক্ষুদ্ৰ ব্যৱসায়িক অন্যায় কৰা নচলিব৷ এই অন্যায় আমি সহ্য কৰিব নোৱাৰিম৷ আমাক গুৱাহাটী পৌৰ নিগমৰ মেয়ৰে দিয়া আশ্বাস অতি শীঘ্ৰে পূৰণ কৰক৷  উল্লেখ্য, কটন বিশ্ববিদ্যালয় কতৃৰ্পক্ষ আৰু ছাত্ৰ-সমাজৰ তীব্ৰ বিৰোধিতাত লক্ষ্মীনাথ বেজবৰুৱা পথক ‘খাও গলি’ হিচাপে ঘোষণা কৰা সিদ্ধান্ত বাতিল কৰিছিল গুৱাহাটী পৌৰ নিগমে৷  কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা মেয়ৰ মৃগেন শৰণীয়াক সাক্ষাৎ কৰা৷ ‘খাও গলি’ সন্দৰ্ভত হোৱা আলোচনাত মেয়ৰ মৃগেন শৰণীয়াই কটনত ‘খাওগলিৰ’ সিদ্ধান্ত বাতিল কৰা হৈছে বুলি কৈছিল৷ কটনৰ সমুখত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ দোকান দি পেট পোহ পাল দি থকা পদপথৰ ব্যৱসায়ীসকলৰ বিকল্প ব্যৱস্থাৰ কথাও আলোচনা কৰা হৈছিল৷ লগতে কটনৰ  ছাত্ৰসকলৰ যি দুই-এক বিপণী আছে তাৰ কথাও আলোচনা কৰা হৈছিল৷ এই সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াই তেওঁলোকৰ বাবে বিকল্প ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল৷ ‘কিন্তু কাৰ্যত সেয়া হৈ নুঠাত পুনৰ প্ৰতিবাদত নামিল কটনিয়ান৷