Not Found স্বামী তিহাৰ জে’লত, সুন্দৰী মুছাল হ’লগৈ পাক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা
Logo
image

স্বামী তিহাৰ জে’লত, সুন্দৰী মুছাল হ’লগৈ পাক প্ৰধানমন্ত্ৰীৰ উপদেষ্টা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ আগষ্টঃ সমবৰ্তী দুটা যাবজ্জীৱন কাৰাদণ্ড আৰু ৫টা ১০ বছৰীয়া কাৰাদণ্ডৰ শাস্তি শিৰত লৈ তিহাৰ কাৰাগাৰত বন্দী জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক৷ দিল্লী উচ্ছ ন্যায়ালয়ত ওলমি আছে তেওঁৰ ফাঁচীৰ আৰ্জি জনাই ‘নিয়া’ই তৰা গোচৰৰ বিচাৰ৷ জীৱনৰ এই চৰম সন্ধিক্ষণতো জে কে এল এফ-ৰ নেতাজন ভাৰত আৰু পাকিস্তান উভয়ৰ পৰা বিচ্ছিন্ন কৰি জম্মু-কাশ্মীৰক পৃথক দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ স্বপ্নত বিভোৰ৷ য়াছিন মালিকৰ দশা আফজল গুৰুৰ দৰেই হ’ব– অনুগামীয়ে বিচ্ছিন্নতাবাদী নেতাজনৰ অজান ভৱিষ্যতক লৈ শংকিত হৈ থকাৰ সময়তে তেওঁৰ পাকিস্তানীপত্নী মুছাল হুছেইন মুল্লিক পাকিস্তানৰ তদাৰকী চৰকাৰৰ মন্ত্ৰী হ’ল৷ অন্তৰ্ৱৰ্তীকালীন প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকৰ  নেতৃত্বাধীন তদাৰকী পাক চৰকাৰত য়াছিন মালিকৰ পত্নী মুছালক মানৱাধিকাৰ আৰু মহিলা সুৰক্ষা বিষয়ত স্বয়ং প্ৰধানমন্ত্ৰীৰ উপদেষ্টা নিয়োগ কৰা হৈছে৷ তদাৰকী চৰকাৰত এই পদ মন্ত্ৰীৰ  সমাৰ্থক৷ যিহেতু তদাৰকী চৰকাৰত অন্যান্য মন্ত্ৰীৰ পদ নাই আৰু অস্থায়ী প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকৰেই বিত্ত, বৈদেশিক পৰিক্ৰমা, গৃহ ইত্যাদি গুৰুত্বপূৰ্ণ দপ্তৰ চম্ভালিবলগীয়া হৈছে, সেয়ে অন্যান্য দপ্তৰ চম্ভালিবলৈ দায়িত্ব দিয়া কাকো মন্ত্ৰী হিচাপে অভিহিত কৰা হোৱা নাই৷ অৰ্থাৎ মুছালৰ দায়িত্ব এই মুহূৰ্তত এগৰাকী মন্ত্ৰীতকৈ কম নহয় আৰু তেওঁৰ পদমৰ্যাদাও মন্ত্ৰীৰ সমতুল্য৷ 

য়াছিন মালিকৰ পত্নী মুছাল লণ্ডন স্কুল অৱ ইক’নমিক্সৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী৷ পেছাত তেওঁ আছিল এগৰাকী চিত্ৰশিল্পী৷ ২০০৫ চনত পাকিস্তানত এখন সংবাদ মেলত য়াছিন মালিকৰ সৈতে মুছালৰ প্ৰথম পৰিচয় হয়৷ সেই পৰিচয় ক্ৰমাৎ প্ৰেমলৈ পৰিৱৰ্তিত হয় আৰু দুয়ো ২০০৯ চনত বিবাহপাশত আৱদ্ধ হয়৷ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকে ২০০৯ চনত ইছলামাবাদলৈ গৈ সুন্দৰী মুছালৰ সৈতে নিকাহ সম্পন্ন কৰে৷ মুছালৰ পৰিয়াল  পাকিস্তানৰ  অন্যতম বিখ্যাত পৰিয়াল হিচাপে পৰিচিত৷ মুছালৰ পিতৃ এম এ হুছেইন মুল্লিক আন্তৰ্জাতিক খ্যাতিসম্পন্ন অৰ্থনীতিবিদ৷ মাতৃ ৰেহানা হুছেইন মুল্লিক পাকিস্তান মুছলিম লীগৰ [এন] মহিলা বিভাগৰ সচিবপ্ৰধান৷ মুছালৰ ভ্ৰাতৃ হাইদৰ আলী হুছেইন মুল্লিক আমেৰিকাৰ ৱাশ্বিংটনৰ বাসিন্দা আৰু তেওঁ এগৰাকী খ্যাতনামা বৈদেশিক নীতি বিশেষজ্ঞ৷ স্বামী য়াছিন মালিকক ভাৰতত বিচ্ছিন্নতাবাদী সংগঠনলৈ আৰ্থিক সহায়ৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ পাছত মুছালে স্বামীৰ সপক্ষে জনমত সৃষ্টি কৰিবলৈ মানৱাধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন কৰি আহিছে৷ সামাজিকভাৱে সচেতন আৰু ঘাইকৈ মানৱাধিকাৰ উলংঘনৰ বিষয় মুছালে পাকিস্তানৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ সেয়ে য়াছিন মালিকৰ পাকিস্তানী পত্নী মুছালক পাকিস্তানৰ তদাৰকী চৰকাৰত এনে এটা গুৰু দায়িত্ব প্ৰদান কৰাটো মুঠেই অস্বাভাৱিক ঘটনা নহয়৷ পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হৈ প্ৰধানমন্ত্ৰীয়ে শপতগ্ৰহণ নকৰা পৰ্যন্ত এই তদাৰকী চৰকাৰখন স্থায়ী হ’ব আৰু তেতিয়ালৈকে মুছালৰ মন্ত্ৰীৰ সমপৰ্যায়ৰ এই দায়িত্ব অব্যাহত থাকিব৷

মুছালক এই দায়িত্ব অৰ্পণ কৰাৰ লগে লগে য়াছিন মালিকৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিৰুদ্ধে পত্নী মুছালৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় স্তৰত পাকিস্তানে জনমত গঢ়ি তুলিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷ ইয়াৰ পূৰ্বে মুছালে ৰাষ্ট্ৰসংঘ আৰু ৰাষ্ট্ৰসংঘৰ কেইবাটাও অংগৰ মঞ্চত য়াছিন মালিকৰ মানৱাধিকাৰ খণ্ডন কৰা হৈছে বুলি সফলভাৱে অভিযোগ তুলিবলৈ সক্ষম হৈছিল৷ মুছালৰ মতে ভাৰতত য়াছিন মালিকৰ বিৰুদ্ধে চৰকাৰী আৰু ন্যায়িকভাৱে এতিয়ালৈকে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেয়া হৈছে– যুদ্ধ অপৰাধ৷ উল্লেখ্য, য়াছিন মালিকে পাকিস্তানৰ পৃষ্ঠপোষকতা কৰা নাই বুলি বাৰম্বাৰ নিজৰ মত প্ৰকাশ কৰিছে৷ কিন্তু তেওঁক ভাৰতীয় ন্যায় ব্যৱস্থাত পাকিস্তানৰ পৃষ্ঠপোষক হিচাপেই গণ্য কৰি বিচাৰ কৰা হৈছে৷ য়াছিন মালিক বিচ্ছিন্নতাবাদী সেয়া সত্য, কিন্তু তেওঁ জম্মু-কাশ্মীৰক পাকিস্তানৰ সৈতে সংলগ্ন কৰিবলৈ আন্দোলন কৰা নাই৷ ইয়াৰ বিপৰীতে তেওঁ জম্মু-কাশ্মীৰক ভাৰত আৰু পাকিস্তান দুয়োখন দেশৰ পৰা বিচ্ছিন্ন কৰি পৃথক ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামত ব্ৰতী হৈ আছে৷ সেয়ে ‘নিয়া’ই তেওঁক ২০১৯ চনত গ্ৰেপ্তাৰ কৰাৰ পাছত আদালতে তেওঁৰ অপৰাধক বিৰলতম শ্ৰেণীত নপৰে বুলি ৰায় দি যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল৷ অৱশ্যে ‘নিয়া’ৰ আদালতৰ সেই ৰায়ক প্ৰত্যাহ৩ান জনাই তদন্তকাৰী ‘নিয়া’ই য়াছিন মালিকৰ ফাঁচীৰ দাবী জনাই দিল্লী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ য়াছিন মালিকৰ সমৰ্থকে দাবী কৰে, ভাৰতৰ দৰে গণতন্ত্ৰত এজন প্ৰধানমন্ত্ৰীৰ হত্যাকাৰীকো ক্ষমাদান কৰা হৈছে৷ এনেক্ষেত্ৰত য়াছিন মালিকৰ গোচৰ  পুনৰ বিবেচনা কৰা উচিত৷ তেওঁৰ সমৰ্থকৰ আশংকা, যিদৰে আফজল গুৰুক কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে ২০১৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ফাঁচী দি ৰাজনৈতিক লাভালাভৰ চেষ্টা চলাইছিল, সেইদৰে য়াছিন মালিকৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হ’ব পাৰে৷ পিছে এতিয়া সেই সকলোবোৰ আশা-আশংকাৰ পৰা দূৰত অৱস্থান কৰি তিহাৰ জে’লত কাৰাবাস খাটি থকা য়াছিন মালিকে নিশ্চয় পত্নীৰ কৃতিত্বত মনে মনে সন্তুষ্টিৰ হাঁহি মাৰিছে৷