উক্তি-বক্ৰোক্তি
দেশৰ বিভিন্ন স্থানত জি-২০১ বৈঠক অনুষ্ঠিত হৈ আছে৷ কেন্দ্ৰীয় চৰকাৰে দাবী কৰি আছে মণিপুৰৰ পৰিস্থিতি এতিয়া শান্তিপূৰ্ণ আৰু নিয়ন্ত্ৰণাধীন৷ সেয়ে জি-২০১ এখন গুৰুত্বপূৰ্ণ বৈঠক মোদী চৰকাৰে মণিপুৰতো অনুষ্ঠিত কৰক৷
– সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ
সমাজহিতৈষী, দেশপ্ৰেমিক অসমীয়া, অধ্যাপক দেৱেন দত্তৰ ওচৰত সমগ্ৰ অসমীয়া জাতি কেইবাটাও কাৰণত ঋণী৷ তাৰে এটা কাৰণ হৈছে অসমীয়া ভাষাৰ সাম্প্ৰতিক গঢ়-গতিত অক্লান্ত প্ৰহৰীৰ দৰে তেওঁ ৰখা নিৰীক্ষণ৷
– বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই
আৰ এছ এছে তেওঁলোকৰ সদস্যক দেশখনৰ সকলো প্ৰতিষ্ঠানত ভৰ্তি কৰিছে আৰু তেওঁলোকে সেই প্ৰতিষ্ঠান পৰিচালনা কৰি আছে৷ আনকি কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰীক সোধক, তেওঁলোকেই ক’ব, তেওঁলোকৰ মন্ত্ৰণালয় আৰ এছ এছেই চলাই আছে৷
– কংগ্ৰেছ নেতা ৰাহুল গান্ধী
মিঞা ভোট নালাগে বুলি ক’লে এইটো নহয় যে তেওঁ এজন কট্টৰ হিন্দুত্ববাদী নেতা৷
– বিজেপিৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই
যদিহে প্ৰিয়ংকা গান্ধীয়ে বাৰানসীৰ পৰা অহা সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে বিৰোধী জোঁট ‘ইণ্ডিয়া’ই প্ৰিয়ংকা গান্ধীৰ বিজয় সুনিশ্চিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিব৷
– শিৱসেনা [উদ্ধৱ] নেত্ৰী প্ৰিয়াংকা চতুৰ্বেদী
ৰাজেন গোহাঁইক দলে যিমান দিছে, আন কাকো দিয়া নাই৷ তেওঁক চাৰিবাৰকৈ সাংসদ বনাইছে, কেন্দ্ৰীয় মন্ত্ৰী বনাইছে, দলটোৰ সভাপতি বনাইছে, তাৰ পীছতো তেওঁক কেবিনেট মৰ্যাদা দি ৰাখি থৈছে৷ তেওঁক আৰু কি লাগে সেই কথাটো মই বুজি পোৱা নাই৷
– মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে আমেথিক ছুইংগামৰ দৰে ব্যৱহাৰ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগী শাসনলৈ অহাৰ পৰাহে আমেথিৰ উন্নয়ন হৈছে৷
– প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাচ নকভি
বেয়া দিনত মই বিজেপি চলাইছিলোঁ৷ এসময়ত নৰেন্দ্ৰ মোদী আহোঁতে নিজৰ বাইকত উঠাই মিটিঙলৈ আনিছিলোঁ৷ বাজপেয়ীৰ ফটো ভৰিৰে গচকা, ফটো ভৰিৰে মোহাৰি দিয়া ব্যক্তি আজি বিজেপিৰ পদবীত আছে৷
–বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য






