Logo
image

ডেংগিৰ সংহাৰ ৰাজ্যত, স্বাস্থ্য দপ্তৰ নিৰ্লিপ্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ আগষ্টঃ ৰাজ্যত ডেংগি আৰু জাপানিজ এন্‌কেফেলাইটিছৰ সংক্ৰমণে অধিক জটিল ৰূপ ধাৰণ কৰিছে৷ বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰি ডেংগি আৰু জাপানিজ এনকেফেলাইটিছে ঘাটক ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ কাৰ্বিআংলং জিলাৰ ডিফু চহৰত ডেংগিৰ সংক্ৰমণে ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ পাহাৰীয়া জিলাখনৰ সদৰ ডিফুত ঘৰে ঘৰে ডেংগি ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে৷ স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবেই ডেংগিৰ দ্ৰুত সংক্ৰমণে পৰিস্থিতি জটিল কৰি তুলা বুলিও চৰ্চা লাভ কৰিছে৷ এই পৰ্যন্ত ডিফুত ২০৪১তকৈ অধিক লোক ডেংগিত আক্ৰান্ত হৈছে৷ তদপুৰি জিলাখনত চাৰিজন ৰোগীৰ মৃত্যু হৈছে৷  চৰকাৰী তথ্য মতে শনিবাৰে পৰ্যন্ত ৰাজ্যত ৩,৪৬৩জন লোক ডেংগিত আক্ৰান্ত আক্ৰান্ত হৈছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ১২৬জন লোকৰ দেহত ডেংগি পজিটিভ ধৰা পৰিছে৷ শনিবাৰে কাৰ্বি আংলং জিলাতে সৰ্বাধিক ১১৭জন লোক ডেংগিত আক্ৰান্ত হৈছে৷ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো ডেংগিৰ প্ৰাদুৰ্ভাৱ ক্ৰমাত বৃদ্ধি পাব ধৰিছে৷ শনিবাৰে মহানগৰীত তিনিজন লোকৰ দেহত ডেংগি পজিটিভ ধৰা পৰিছে৷ তদুপৰি বিগত ২৪ ঘণ্টাত কামৰূপত দুজন আৰু ডিমা হাচাও, গোলাঘাট, হোজাই, শিৱসাগৰত এজনকৈ লোক ডেংগিত আক্ৰান্ত হৈছে৷ এডিছ মহে কামোৰিলে ডেংগিত আক্ৰান্ত হয় যদিও এই মহৰ বংশবৃদ্ধি প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰয়োজনীয় সজাগতা আৰু প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ মহৰ উৎপত্তি তথা কণি পাৰিব পৰা স্থানসমূহ চিনাক্ত কৰি ৰাইজক সজাগ কৰাটো স্বাস্থ্য বিভাগৰ দায়িত্ব আছিল৷ কিন্তু তাকে নকৰি এতিয়া বিভাগীয় ব্যৰ্থতা ঢাকিবলৈ এইবাৰ ডেংগিৰ প্ৰতিৰোধত সাৱধানতা গ্ৰহণ নকৰা সাধাৰণ নাগৰিককহে ৫০০ টকাৰ পৰা ৫ হাজাৰ টকালৈ জৰিমনা বিহিব বুলি সকীয়নি প্ৰদান কৰিছে৷ লক্ষণীয়ভাৱে ডেংগিৰ সমান্তৰালভাৱে জাপানিজ এনকেফেলাইটিছ আৰু এন্‌কেফেলাইটিছ সদৃশ ৰোগেও ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ জাপানিজ এনকেফেলাইটিছত ৰাজ্যত এই পৰ্যন্ত ৪২৬জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪জন ৰোগীৰ মৃত্যু হৈছে৷ অৱশ্যে ২০২২ বৰ্ষত আজিৰ দিনটোলৈ জাপানিজ এনকেফেলাইটিছত ৰাজ্যত ৩৭৭জন লোকহে আক্ৰান্ত হৈছিল৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৮জন লোকৰ দেহত জাপানিজ এনকেফেলাইটিছ পজিটিভ ধৰা পৰিছে৷ শনিবাৰে ডিব্ৰুগড়ত তিনিজন, নগাঁৱত দুজন, শোণিতপুৰত দুজন আৰু ধুবুৰীত এজন লোক জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ অৱশ্যে জাপানিজ এনকেফেলাইটিছত ৰোগতকৈ এনকেফেলাইটিছ সদৃশ [এ ই এছ] ৰোগত আক্ৰান্ত আৰু মৃতকৰ সংখ্যাই অভিলেখ ৰচিছে যদিও মন্ত্ৰী কেশৱ মহন্তৰ স্বাস্থ্য বিভাগে এনকেফেলাইটিছ সদৃশ ৰোগীৰ তথ্য গপে দিয়াহে পৰিলক্ষিত হৈছে৷

ডেংগি প্ৰতিৰোধত সাৱধান নহ’লে ৫,০০০ টকাপৰ্যন্ত জৰিমনা

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ডেংগুৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ল’বলগা সাৱধানতা গ্ৰহণ নকৰিলে এতিয়াৰে পৰা ভৰিব লাগিব জৰিমনা৷ জৰিমনাৰ পৰিমাণ ৫০০ৰ পৰা ৫,০০০ টকা পৰ্যন্ত৷ কাৰ্বি আংলঙৰ সদৰ ডিফুত ডেংগুৰ সংক্ৰমণ বৃদ্ধিক লৈ বাৰুকৈয়ে চিন্তিত হৈ পৰা কাৰ্বি আংলং স্বাস্থ্য বিভাগে ডিফু পৌৰসভাৰ পৰামৰ্শ অনুসৰি গ্ৰহণ কৰিছে এই ব্যৱস্থা৷ চলিত বৰ্ষত ২০৪১জন ডিফুৰ বাসিন্দা ডেংগুত আক্ৰান্ত হোৱাক লৈ কঠোৰ হৈছে জিলা স্বাস্থ্য বিভাগ৷ ইতিমধ্যে ডেংগুত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৪জনকৈ লোক৷ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো সংক্ৰমণ প্ৰতিৰোধ নোহোৱাত স্বাভাৱিকতে উদ্বেগ  বৃদ্ধি পাইছে স্বাস্থ্য বিভাগৰ৷ শুকুৰবাৰে সন্ধিয়া কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সভাকক্ষত আয়োজিত এক সংবাদ মেলত এই হতাশজনক তথ্য প্ৰকাশ কৰে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ বৰছিং ৰংপিয়ে৷ ডিফু পৌৰসভাৰ ১৪টা ৱাৰ্ডতে স্বাস্থ্য বিভাগে সজাগতামূলক সকলো প্ৰচেষ্টা গ্ৰহণ কৰিও সফল নোহোৱাত এতিয়া সাধাৰণ ৰাইজক সতৰ্কতামূলক জাননী জাৰি কৰিবলৈয়ো আগবাঢ়িছে স্বাস্থ্য বিভাগ৷ এডিছ ম’হে ডেংগুৰ সংক্ৰমণ কিদৰে বৃদ্ধি কৰে, সেই বিষয়েও উল্লেখ কৰে যুটীয়া স্বাস্থ্য সঞ্চালকজনে৷