Logo
image

কলেজ-বিশ্ববিদ্যালয় শিক্ষকৰ টি-ছাৰ্ট, জীন্‌ছ পৰিধান নিষিদ্ধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ আগষ্টঃ ‘ৰাজ্যৰ কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষকে কৰ্তব্যৰ সময়ত টি-ছাৰ্ট, জিন্‌ছ বা ৰংচঙীয়া পোছাক পৰিধান কৰিব নোৱাৰিব৷ একেদৰে শিক্ষয়িত্ৰীসকলেও জিন্‌ছ, টি-ছাৰ্ট, লেংগিছ পিন্ধি শিক্ষানুষ্ঠানলৈ কৰ্তব্য সম্পাদনৰ বাবে আহিব নোৱাৰিব৷’– অৱশেষত চৰকাৰী তথা প্ৰাদেশিকীকৃত মহাবিদ্যালয়, বিশ্ববিদ্যালয়কে ধৰি উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত কৰ্মৰত শিক্ষকৰ বাবে ‘ড্ৰেছ কোড’ নিৰ্ধাৰণ কৰি দিলে উচ্ছ শিক্ষা বিভাগে৷ উচ্ছ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ স্বাক্ষৰিত এক জাননীৰ দ্বাৰা উচ্ছ শিক্ষা প্ৰতিষ্ঠানত কৰ্মৰত পুৰুষ শিক্ষকৰ বাবে মাৰ্জিত ছাৰ্ট-পেণ্ট, ধূতি-পাইজামা পিন্ধাত অনুমোদন জনোৱা  হৈছে৷ জাননীত পুৰুষ শিক্ষকসকলে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়লৈ ৱৰ্কিং আৱাৰত টি-ছাৰ্ট বা জীন্‌ছ পিন্ধি আহি কৰ্তব্য সম্পাদন কৰিব নোৱাৰিব বুলি কঠোৰভাৱে উল্লেখ কৰা হৈছে৷ আনহাতে, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে মাৰ্জিত চুৰিদাৰ [চেলোৱাৰ ছ্যুট], চাদৰ-মেখেলা, শাড়ী বা যিকোনো পৰম্পৰাগত পোছাক পৰিধান কৰি কৰ্তব্য সম্পাদন কৰিব পাৰিব বুলি জাননীত উল্লেখ কৰা হৈছে৷ শিক্ষয়িত্ৰীয়ে জিন্‌ছ, লেগিন্‌ছ, টি-ছাৰ্ট পৰিধান কৰিব নোৱাৰিব৷ পুৰুষ আৰু মহিলা দুয়োবিধ শিক্ষকে পৰিস্কাৰ, মাৰ্জিত ৰঙৰ পোছাক পিন্ধিব লাগিব বুলিও কোৱা হৈছে৷ ৰংচঙীয়া, কেজুৱেল বা পাৰ্টীৰ ড্ৰেছ পিন্ধি শিক্ষক-শিক্ষয়িত্ৰীসকল কামলৈ আহিব নোৱাৰিব৷ চৰকাৰী জাননী অমান্য কৰা শিক্ষকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে৷ উল্লেখ্য, চলিত মাহৰ পহিলাতে বজালীৰ পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়লৈ একাংশ নৱনিযুক্ত শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধি অহাক কেন্দ্ৰ কৰি কলেজখনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ কলেজখনৰ ছাত্ৰ একতা সভাই মহিলা শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পিন্ধি অহাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আনকি তলাবন্ধৰ দৰে কাৰ্যসূচীও গ্ৰহণ কৰিছিল৷ ইয়াক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল৷ সমগ্ৰ ঘটনাৰ সৈতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ো বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল৷ অৱশেষত ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগে ‘ড্ৰেছ কোড’ৰ সন্দৰ্ভত আনুষ্ঠানিক জাননী জাৰি কৰি উচ্ছ শিক্ষা প্ৰতিষ্ঠানত শিক্ষয়িত্ৰীসকলে মাৰ্জিত চুৰিদাৰ পিন্ধিব পাৰিব বুলি স্থিতি স্পষ্ট কৰিলে৷ লক্ষণীয় যে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক স্কুল পৰ্যায়ৰ শিক্ষয়িত্ৰীসকলে চৰকাৰী ‘ড্ৰেছ কোড’ অনুসৰি পূৰ্বৰ পৰাই চুৰিদাৰ পৰিধান কৰিব পাৰে যদিও ৰাজ্যৰ একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষয়িত্ৰীয়ে চুৰিদাৰ পৰিধান কৰিলে নানা মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷ বিশেষকৈ এইক্ষেত্ৰত যোৰহাটৰ ‘লাহিং গ্ৰাণ্ট হাইস্কুল’ত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে চুৰিদাৰ পিন্ধাৰ বাবেই মহিলা শিক্ষয়িত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷

প্ৰজ্ঞান ভাৰতীৰ অধীনত কলেজ বিশ্ববিদ্যালয়ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই ঘোষণা, ছাত্ৰই ভুল তথ্য দি সুবিধা ল’লে অধ্যক্ষও দায়ৱদ্ধ হ’ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত চলিত বৰ্ষৰ কলেজ-বিশ্ববিদ্যালয়ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে মাচুল ৰেহাইৰ বাবে উচ্ছ শিক্ষা বিভাগে আনুষ্ঠানিক জাননী জাৰি কৰিছে৷ ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগে জাৰি কৰা জাননী অনুসৰি বছৰি ২ লাখৰ তলৰ উপাৰ্জনৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্ছতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা এম এ, এমএছচি, এম কম পৰ্যন্ত নামভৰ্তিৰ মাচুল ৰেহাইৰ সুবিধা লাভ কৰিব৷ কলেজ বা বিশ্ববিদ্যালয়ৰ এডমিশ্বন কমিটীয়ে ছাত্ৰ-ছাত্ৰীয়ে দাখিল কৰা প্ৰমাণ পত্ৰৰ ভিত্তিত মাচুল ৰেহাইৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব৷ ভুৱা উপাৰ্জনৰ প্ৰমাণ পত্ৰৰে কোনো ছাত্ৰ-ছাত্ৰীয়ে আঁচনিৰ সুবিধা ল’লে সংশ্লিষ্ট ছাত্ৰ তথা কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ নাম ভৰ্তিৰ ৪৫ দিনৰ ভিতৰত উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে ছাত্ৰ-ছাত্ৰীৰ সন্দৰ্ভত সবিশেষ উচ্ছ শিক্ষা সঞ্চালকালয়ত দাখিল কৰিব লাগিব৷