Logo
image

পিঁয়াজে কন্দুৱাইছে ৰাইজক, উদাসীন প্ৰশাসন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ আগষ্টঃ চাউল-দাইলৰ পাছত এইবাৰ পিয়াঁজৰ মূল্য বৃদ্ধিয়ে কন্দুৱাইছে ৰাইজক৷ মাত্ৰ এসপ্তাহতে পিয়াঁজৰ মূল্য প্ৰতিকেজিত ২০টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ অৰ্থাৎ এসপ্তাহ পূৰ্বে প্ৰতি কেজি পিয়াঁজ খুচুৰা বজাৰত ৩০ টকাকৈ বিক্ৰী হৈ আহিছিল যদিও এতিয়া বজাৰত প্ৰতিকেজি পিয়াঁজ ৫০ টকাকৈ বিক্ৰী কৰিছে৷ কৃত্ৰিম নাটনিয়ে বণিয়াই পিয়াঁজৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উঠাৰ পাছতো হাত সাৱটি বহি আছে খাদ্য আৰু অসামৰিক যোগান বিভাগ৷ ফাঁচী বজাৰৰ বণিয়াৰ কৃত্ৰিম নাটনিৰ দোহাই দি গুৱাহাটী মহানগৰীত একাংশ অসাধু খুচুৰা বেপাৰীয়ে প্ৰতি কেজি পিয়াঁজ ৬০টকা পৰ্যন্ত চৰা দামত বিক্ৰী কৰিছে৷ পিয়াঁজৰ এনে অস্বাভাৱিক মূল্য বৃদ্ধিৰ পাছতো কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰহস্যজনকভাৱে মৌনতাহে অৱলম্বন কৰিছে৷ পিয়াঁজৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত খাদ্য আৰু যোগান বিভাগৰ কামৰূপ মহানগৰ জিলাৰ উপ-সঞ্চালক বিপুল তালুকদাৰৰ সৈতে ‘আমাৰ অসম’ৰ ফালৰ পৰা যোগাযোগ কৰা হৈছিল যদিও দায়িত্ববাহী বিষয়াজনে অজ্ঞাত কাৰণত কোনো উত্তৰ দিব নিবিচাৰিলে৷ জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াজনৰ এই স্থিতিয়ে এটা কথা স্পষ্ট কৰিছে যে ফাঁচী বজাৰৰ বণিয়াৰ কমিচনৰ লোভতেই তথ্য গাপ দি সাধাৰণ গ্ৰাহকৰ ডিঙি চেপা দিছে মহানগৰ জিলা প্ৰশাসনে৷ চকুৰ সন্মুখত পিয়াঁজৰ মূল্য বৃদ্ধি দেখিও ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা যোগান বিভাগৰ উপ-সঞ্চালকৰ দৰে বিৰুদ্ধে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু বিভাগীয় মন্ত্ৰী ৰণজিৎ দাসে তদন্ত কৰিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷ আনকি ফাঁচী বজাৰৰ বণিয়াৰ সৈতে কমিচনৰ স্বাৰ্থতে গ্ৰাহকসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ বিষয়ে জ্ঞাত হোৱাৰ পৰা বিৰত ৰাখিবলৈ  কামৰূপ মহানগৰ জিলা প্ৰশাসনে দৈনিক আলু -পিয়াঁজৰ দামৰ তালিকা ৰাজহুৱা কৰাৰ পৰা বিৰত থকা বুলিও অভিযোগ উঠিছে৷ কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ আন আন জিলাসমূহতো প্ৰতিকেজি পিয়াঁজৰ মূল্য  এবাৰতে ৩০ টকাৰ পৰা ৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পিয়াঁজৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে কি পদক্ষেপ ল’ব, সেয়াহে লক্ষণীয় হ’ব৷