ভোক লাগিলেই বাদাম খায়? কিমান উপকাৰী এই অভ্যাস
ঘৰত টিভি চাই থাকোতে বা অফিচত ভোক লাগিলে কামৰ মাজে মাজে বহুতে চিনাবাদাম খায়৷ চিনাবাদাম সোৱাদযুক্ত হোৱাৰ উপৰি ইয়াত অজস্ৰ উপকাৰী গুণ থাকে৷ চিনাবাদামে সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে৷ কিন্তু নিতৌ বা সঘনাই চিনাবাদাম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰীনে? এই সম্পৰ্কে আগবঢ়োৱা হ’ল বিশেষজ্ঞৰ মতামত –
চিনাবাদামত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে৷ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে চিনাবাদামে৷ একেদৰে চিনাবাদামত ফাইবাৰ থকা বাবে হৃদৰোগৰ আশংকা কমে৷
উদ্ভিজ প্ৰ’টিনৰ উল্লেখনীয় উৎস হৈছে চিনাবাদাম৷ এশ গ্ৰাম বাদামৰ পৰা প্ৰায় ২৬ গ্ৰাম প্ৰ’টিন পোৱা যায়৷
বাদামত ই-ভিটামিন থাকে৷ ফলত ই অক্সিডেটিভ্ ষ্ট্ৰেছৰ পৰিমাণ কমোৱাত সহায় কৰে৷ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে চিনাবাদামে৷
চিনাবাদাম নিয়মিত খালে ওজন নিয়ন্ত্ৰণ হয়৷ তদুপৰি ইয়াত ফাইবাৰ থকা বাবে কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস পায়৷
আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ মতে সপ্তাহত চাৰি বা পাঁচ দিন ৬-৭ গ্ৰামকৈ চিনাবাদাম খালে উপকাৰ পোৱা যায়৷ অৱশ্যে যিসকলৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে চিনাবাদাম অত্যধিক খোৱাৰ পৰা আঁতৰি থকাই ভাল৷
পুষ্টি বিশেষজ্ঞ আৰু চিকিৎসকসকলৰ মতে কেঁচা বাদাম বা ৰোষ্ট কৰি খোৱা বাদামৰ পৰা সম্পূৰ্ণ পুষ্টিগুণ পোৱা নাযায়৷ একেদৰে বজাৰত পোৱা পেকেটজাত বাদামত অতিৰিক্ত নিমখ থকাৰ বাবে ইয়াৰ পৰা স্বাস্থ্যজনিত সমস্যাৰ আশংকা থাকে৷ সেয়ে পৰাপক্ষ বাদাম পানীত তিয়াই থোৱা উচিত৷ খোৱাৰ পূৰ্বে ৮-১০ ঘণ্টা সময় চিনাবাদাম পানীত তিয়াই ৰাখিলে বেছি উপকাৰ পোৱা যায়৷