Logo
image

মহাকাশত ৰাছিয়াৰ ব্যৰ্থতা

ছোভিয়েট ৰাছিয়াৰ মহাকাশ অভিযানত অভূতপূৰ্ব সাফল্যৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে চলোৱা ৰাছিয়াৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে৷ দেওবাৰে ৰাছিয়াৰ চন্দ্ৰযান লুনা-২৫ অনাকাংক্ষিতভাৱে চন্দ্ৰৰ বুকুত ভাগি পৰাৰ লগে লগে ৪৭ বছৰৰ পাছত ৰাছিয়াই চন্দ্ৰৰ বুকুলৈ চলোৱা অভিযান ব্যৰ্থ প্ৰমাণিত হৈছে৷ মহাকাশ ইতিহাসত প্ৰথমবাৰৰ বাবে ১৯৫৯ চনতে ৰাছিয়াই চন্দ্ৰৰ বুকুত এখন যান অৱতৰণ কৰাবলৈ সক্ষম হৈছিল৷ লুনা-২ নামৰ মানৱনিৰ্মিত কিন্তু মানৱবিহীন যানখনে পৃথিৱীৰ আটাইতকৈ কাষৰ মহাজাগতিক অংগত [চেলেষ্টিয়েল বডী] অৱতৰণ কৰাৰ ঘটনাটো আছিল মানৱ ইতিহাস আৰু মহাকাশৰ অভিযানত অভূতপূৰ্ব ঘটনা৷ কিয়নো তাৰ আগলৈকে পৃথিৱীৰ  পৰা  ৩,৮৪,৪০০ কিলোমিটাৰ দূৰৈৰ চন্দ্ৰত মানুহে নিৰ্মাণ কৰা এখন যান গৈ উপনীত হ’ব বুলি  নিশ্চিত হোৱাটো স্বপ্ন সদৃশ আছিল৷ কোৱা বাহুল্য মাথোঁ, তেতিয়াৰ পৰা তাহানিৰ ছোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজত ‘স্পেচ ৰেচ’ বা মহাকাশ যুদ্ধৰ প্ৰতিযোগিতা আৰম্ভ হৈ গৈছিল৷ সেই দুৰ্দান্ত ‘স্পেচ ৰেচ’ত  বিগত অদ্ধৰ্ শতিকাত দুয়োখন দেশে সীমাহীন সাফল্য অৰ্জন কৰিছে৷ ছোভিয়েট ৰাছিয়াই মানৱবিহীন যান বাৰম্বাৰ চন্দ্ৰত অৱতৰণ কৰোৱাইছে আৰু তাকেই প্ৰত্যাহ্বান হিচাপে লৈ আমেৰিকাই চন্দ্ৰৰ বুকুত মানৱৰ অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷ চন্দ্ৰত প্ৰথমবাৰৰ বাবে মানৱে ভৰি থোৱাৰ ঘটনাৰো ৫৪ বছৰ অতিক্ৰান্ত হৈছে৷ তাৰ পাছত, অৰ্থাৎ এনে উপৰ্যুপৰি সাফল্যৰ অন্তত ৰাছিয়াই পঠোৱা এখন চন্দ্ৰযান চন্দ্ৰৰ বুকুত ভাগি পৰিব পাৰে বা অভিযানটো চূড়ান্তভাৱে ব্যৰ্থ হ’ব পাৰে, তেনে কথা সাধাৰণ মানুহে ভবাটো কঠিন আছিল৷ কিন্তু অচিন মহাকাশত চলোৱা প্ৰায় প্ৰত্যেকটো অভিযানেই নিত্য নতুন৷ কিয়নো পূৰ্বে এটা অভিযান সফল হোৱাৰ অৰ্থ এয়া নহয় যে, পৰৱৰ্তী মহাকাশ অভিযানটো সফল হ’বই৷ এতিয়ালৈকে চন্দ্ৰৰ বুকুলৈ মুঠতে ১০৯টা অভিযান চলোৱা হৈছে আৰু ইয়াৰ ৬৮টা অভিযানহে সফল হৈছে৷ ব্যৰ্থ হৈছে ৪১টা চন্দ্ৰ অভিযান৷ সফল অভিযান কেইটাৰ কৃতিত্ব যিদৰে সিংহভাগ আমেৰিকা আৰু তাহানিৰ ছোভিয়েট ৰাছিয়াৰ, ঠিক সেইদৰে ব্যৰ্থ ৪১ টা অভিযানৰ গৰিষ্ঠসংখ্যকৰ অংশীদাৰ এই দুয়োখন দেশেই৷  প্ৰসংগতঃ, লুনা-২৫ চন্দ্ৰৰ বুকুত ভাগি যোৱাৰ ফলত চন্দ্ৰ অভিযানৰ ব্যৰ্থতাৰ সংখ্যা  ৪২ টালৈ বৃদ্ধি হ’ল৷  এই পৰিসংখ্যাৰ পৰা অন্ততঃ এটা বিষয় নিশ্চিত হৈ পৰে যে মহাকাশলৈ চলোৱা প্ৰত্যেকটো অভিযানেই জটিল আৰু দুৰূহ৷ আমাৰ পৃথিৱীৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈত থকা মহাকাশ কেন্দ্ৰলৈ চলোৱা অভিযান যিমান কঠিন, পৃথিৱীৰ পৰা প্ৰায় ৪ লাখ কিলোমিটাৰ দূৰৈত থকা চন্দ্ৰলৈ চলোৱা অভিযান তাতকৈ বহুগুণে কঠিন৷ লুনা-২৫ৰ ব্যৰ্থতাৰ ঘটনাই এই বাস্তৱ সত্য পুনৰবাৰ প্ৰতীয়মান কৰিছে৷ 

ৰাছিয়াৰ লুনা-২৫ কিয় ব্যৰ্থ হ’ল সেয়া তদন্তসাপেক্ষ৷ এতিয়াই  ৰাছিয়াৰ ৪৭ বছৰৰ পাছত চলোৱা চন্দ্ৰ অভিযানৰ ব্যৰ্থতাৰ নিৰ্দিষ্ট কাৰণ বিচৰাটো অতি আগতীয়া হ’ব৷ কিন্তু এটা কথা নিশ্চিত, এই ব্যৰ্থতা কেৱল এখন দেশৰ বুলি ক’ব নোৱাৰি৷ পৃথিৱীৰ বাহিৰলৈ চলোৱা অভিযানৰ ব্যৰ্থতাৰ দায় সামগ্ৰিকভাৱে মানৱ জাতিৰ৷ এইক্ষেত্ৰত ৰাছিয়াই পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ মহাকাশ অভিযানৰ সাফল্যৰ ধাৰাবাহিকতা আৰু উত্তৰাধিকাৰ আগবঢ়াই নিয়াত ব্যৰ্থ হৈছে৷ কিয়নো ইয়াৰ আগলৈকে যিমান সফল অভিযান সম্পন্ন কৰা হৈছিল সেই সকলোবোৰ অভিযান হৈছিল ছোভিয়েট ৰাছিয়াৰ অধীনত৷ দেশখন খণ্ড খণ্ড হৈ যোৱাৰ পাছত সকলো শক্তিৰ উত্তৰাধিকাৰ ৰাছিয়াৰ কান্ধত অৰ্পণ হ’লেও মহাকাশ অভিযানৰ ক্ষেত্ৰত ৰাছিয়াই সেই উত্তৰাধিকাৰ আগবঢ়াই নিব নোৱাৰিলে৷ কিয়নো ছোভিয়েট ৰাছিয়া খণ্ডিত হোৱাৰ পাছত এয়া আছিল ৰাছিয়াৰ প্ৰথমটো চন্দ্ৰ অভিযান৷ সেই প্ৰথম চন্দ্ৰ অভিযানতে ৰাছিয়া ব্যৰ্থ হ’ল৷ ৰাছিয়াৰ মহাকাশ অভিযানৰ ব্যৰ্থতাৰ মূল কাৰণ হৈছে দেশখনে পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ দৰে মহাকাশ বিজ্ঞান আগবঢ়াই নিব পৰা নাই৷ আনকি লুনা-২৫ অভিযানৰ পূৰ্বে ৰাছিয়াৰ মহাকাশ বিজ্ঞান সংস্থা ৰছকছমছৰ মুৰব্বী ইউৰি বৰিছ’ভে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক পোনপটীয়াকৈ কৈছিল যে এই অভিযানৰ সাফল্যৰ সম্ভাৱনা মুঠেই ৭০ শতাংশ৷ অৰ্থাৎ তেওঁ এতিয়াই ৰছকছমছে লুনা-২৫ক চন্দ্ৰলৈ প্ৰেৰণ কৰিব পৰা ক্ষমতা নথকা বুলি আওপকীয়াকৈ বুজাই দিছিল৷ পিছে চৰকাৰৰ হেঁচাত পৰিয়েই সম্পূৰ্ণ প্ৰস্তুতি নথকাকৈ লুনা-২৫ক চন্দ্ৰলৈ প্ৰেৰণ কৰা হোৱা বুলি ইউৰি বৰিছ’ভৰ বক্তব্যৰ পৰা উন্মোচিত হৈছে৷ ৰাছিয়াৰ মহাকাশ বিজ্ঞানীয়ে বিগত বহুবছৰ ধৰি অহৰহ অভিযোগ তুলি আহিছে, ৰাছিয়াৰ মহাকাশ গৱেষণাৰ পৰিচালনা এতিয়া পুতৌলগা, ইয়াত প্ৰৱেশ কৰিছে সীমাহীন দুৰ্নীতিয়ে৷ কঠোৰ প্ৰশাসনৰ অভাৱত এসময়ৰ বিশ্বশ্ৰেষ্ঠ মহাকাশ গৱেষণাৰ থলীত লাহে লাহে পতন ঘটিবলৈ আৰম্ভ কৰিছে৷ সম্ভৱতঃ লুনা-২৫ৰ ব্যৰ্থতা ৰাছিয়াৰ মহাকাশ বিজ্ঞানীৰ সেই অভিযোগৰ সত্যতা প্ৰমাণ কৰাৰ বাবে যথেষ্ট৷