Logo
image

বিনিয়োগ শোচনীয়, তালিকাৰ শেষত অসম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ আগষ্টঃ অসমক দেশৰ ৫খন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্লোগান আঁওৰোৱাৰ সময়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ এক বিপৰীত অনাকাংক্ষিত ছবিহে উন্মোচন হৈছে৷ শ্ৰেষ্ঠ ৰাজ্য হোৱাটো দূৰৰে কথা ৰিজাৰ্ভ বেংকৰ এটা সমীক্ষাত অসমৰ স্থানত দেশৰ ভিতৰত সৰ্বনিম্নহে দেখা পোৱা গৈছে৷ সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি বিনিযোগৰ ক্ষেত্ৰত দেশৰ ভিতৰত তালিকাৰ আটাইতকৈ তলত আছে অসম৷ দেশৰ বিভিন্ন বেংকে বিভিন্ন প্ৰকল্পত বিনিয়োগৰ ভিত্তিত এই তালিকা প্ৰস্তুত কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ বিজেপি শাসিত অসমৰ দৰে ৰাজ্যত নতুন বিনিয়োগৰ বাবে বিনিয়োগকাৰী তথা বিত্তীয় প্ৰতিষ্ঠানৰ অনীহাৰ বিপৰীতে একেই  বিজেপি শাসিত উত্তৰ-প্ৰদেশ-গুজৰাটৰ দৰে ৰাজ্য বিনিয়োগৰ তালিকাৰ শীৰ্ষত আছে৷ ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত বিভিন্ন বেংকসমূহে দেশত ৫৪৭টা প্ৰকল্পৰ বিপৰীতে ২,৬৬,৫৪৭ কোটি টকা অনুমোদন দিছে৷ কিন্তু অসমত ইয়াৰ বিনিযোগৰ হাৰ হৈছে মাত্ৰ ০.৭ শতাংশ৷ অৰ্থাৎ দেশত ২,৬৬৫৪৭ কোটি টকা বিনিযোগৰ মাত্ৰ ১৮৬৫.৮৩ কোটি টকাহে বিনেযোগ হৈছে অসমত৷ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে বিনিযোগৰ ক্ষেত্ৰত তালিকাৰ আটাইতকৈ শেষত আছে অসম৷ অৱশ্যে অসমৰ বিপৰীতে বিত্তীয় প্ৰতিষ্ঠানৰ বিনিয়োগৰ শীৰ্ষত থকা পাঁচ ৰাজ্য হৈছে ক্ৰমে উত্তৰ প্ৰদেশ, গুজৰাট, উৰিষ্যা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক৷ ৰিজাৰ্ভ বেংকৰ তথ্য মতে এই পাঁচ ৰাজ্যতে দেশৰ ৫৭.২ শতাংশ ধন বিনিযোগ কৰা হৈছে৷  অৰ্থাৎ তালিকাৰ শীৰ্ষত থকা ৫ ৰাজ্যত বিভিন্ন বেংকে শতাধিক প্ৰকল্পত বিনিয়োগ কৰিছে সৰ্বমুঠ ২,০১,৭০০ কোটি টকা৷ অথচ ২০২১-২২ বৰ্ষত এই পাঁচখন ৰাজ্যত বিনিযোগ হৈছে মুঠ মূলধনৰ মাত্ৰ ৪৩.২ শতাংশ ধন৷ আৰ বি আইৰ প্ৰতিবেদনখনত লগতে উল্লেখ কৰা মতে ধন বিনিযোগৰ শীৰ্ষত থকা উত্তৰ প্ৰদেশত মুঠ মূলধনৰ ২৬.২ শতাংশ অৰ্থাৎ ৪৩,১৮০ কোটি টকা বিনিযোগ কৰিছে বিত্তীয় প্ৰতিষ্ঠানসমূহে৷ একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত ৩৭,৩১৭ কোটি টকা [১৪ শতাংশ], উৰিষ্যাত ৩১,৪৫২ কোটি টকা [১১.৮ শতাংশ], মহাৰাষ্ট্ৰত ২১০৫৭ কোটি টকা [৭.৯ শতাংশ] আৰু কৰ্ণাটকত ১৯৪৫৭ কোটি টকা [৭.৩ শতাংশ] বিনিযোগ কৰিছে৷ অৱশ্যে তালিকাত অসমৰ ওপৰত থকা ৰাজ্য ক্ৰমে গোৱাত ০.৮ শতাংশ আৰু কেৰালাত ০.৯ শতাংশ ধন বিনিযোগ কৰিছে৷ ৰিজাৰ্ভ বেংকেৰ একেখন তালিকাতে প্ৰকাশ পোৱা অনুসৰি ২০২২-২৩ বৰ্ষত দেশৰ বেংকিং প্ৰতিষ্ঠানসমূহে মুঠ ৫৪৭টা প্ৰকল্পত অনুমোদন দিলেও ইয়াৰ ভিতৰত অসমত অনুমোদন দিয়া প্ৰকল্পৰ সংখ্যা হৈছে মাত্ৰ ৬টা৷ অসমৰ বিপৰীতে গুজৰাটত ৮২টা প্ৰকল্প, উত্তৰ প্ৰদেশত ৪৫টা প্ৰকল্প, মহাৰাষ্ট্ৰত ৪৮টা প্ৰকল্প, কৰ্ণাটকত ৩৭টা প্ৰকল্প, মধ্য প্ৰদেশত ৩৫টা প্ৰকল্প, তামিলনাডুত ৪৪টা প্ৰকল্পত অনুমোদন জনাইছে৷ কেৱল দেশৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিনিয়োগেই নহয়, প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ [এফ ডি আই] ক্ষেত্ৰতো অসম তালিকাৰ শেষত আছে৷ ‘এডভাণ্টেজ আছাম’ৰ দৰে বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰাৰ পাছতো বিগত পাঁচ বছৰত অসমত প্ৰত্যক্ষ বিদেশী বিনিয়োগ অলপো আশাব্যঞ্জক নহয়৷