Logo
image

বিমানবন্দৰত মুখ স্কেন কৰিয়েই প্ৰৱেশ কৰিব পাৰিব যাত্ৰীয়ে

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২১ আগষ্টঃ উত্তৰ পূবৰ প্ৰথমটো আন্তৰ্জাতিক পৰ্যায়ৰ আৰু দেশৰ অন্যতম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হোৱা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ অহা বিমান যাত্ৰীসকলে এতিয়াৰে পৰা বিমানবন্দৰত প্ৰৱেশ পথত পৰিচয় পত্ৰ দেখুওৱাকে ধৰি আন আন আনুষংগিক কামত অযথা সময়ৰ অপচয় কৰিব নালাগে৷ কিয়নো বিমানবন্দৰটোৰ পৰিচালনাৰ দায়িত্বত থকা আদানী গ্ৰূপে যাত্ৰী সকলৰ মূল্যবান সময় ৰাহি কৰাৰ বাবে নতুন নতুন প্ৰযুক্তিৰে সমৃদ্ধ সা - সুবিধা সমূহ দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে৷ এই প্ৰয়াসৰ অংশহিচাপে দেওবাৰে বিমানবন্দৰৰ প্ৰধান প্ৰৱেশ পথ এটাত ‘‘ডি জি যাত্ৰা’’ নামৰ এটা অত্যাধুনিক ডিজিটেল পদ্ধতিৰ শুভাৰম্ভ কৰা হয়৷ এই নতুন ডি জি যাত্ৰা পদ্ধতিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ এই উপলক্ষে আদানী গ্ৰূপৰ কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মুৰব্বী ভৈৰৱ বৰুৱাই আঁত ধৰা চমু অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় - আজিৰ দিনটো অসম আৰু উত্তৰ পূবৰ ৰাইজৰ লগতে উত্তৰ পূবৰ বিমান পৰিবহণ ক্ষেত্ৰখনৰ বাবেও এটা ঐতিহাসিক দিন৷ এতিয়াৰে বিমানবন্দৰলৈ অহা যাত্ৰীয়ে পূৰ্বৰ দৰে প্ৰৱেশ পথত নিৰাপত্তাৰক্ষীক পৰিচয় পত্ৰ দেখুৱাই প্ৰৱেশ কৰা আদি কামবোৰ নোহোৱা হব৷ নিদিষ্ট এপটো ডাউনলোড কৰি তাত কেৱল নিজৰ মুখ স্কেন কৰিয়েই যাত্ৰীয়ে প্ৰৱেশ পথৰে বিমানবন্দৰত প্ৰৱেশ কৰি বিমানৰে যাত্ৰা কৰিবলৈ সক্ষম হব৷ ইয়াৰ ফলত যাত্ৰীৰ সময় ৰাহি হোৱাৰ লগতে আন আন আনুষঙ্গিক বহু কাম স্বয়ংক্ৰিয়ভাবে সম্পন্ন হব৷ আনহাতে এনে অত্যাধুনিক ডিজিটেল পদ্ধতি বৰঝাৰ বিমানবন্দৰত শুভাৰম্ভ কৰা বাবে মন্ত্ৰী পাটোৱাৰীয়ে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয় আৰু আদানী গ্ৰূপক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ সচিব প্ৰধান ৰাজীৱ বাঞ্চালে কয় গুৱাহাটী বিমানবন্দৰটো উত্তৰ পূবৰ ভিতৰতে অন্যতম ব্যস্ততাপূৰ্ণ বিমানবন্দৰ৷ এই ডি জি যাত্ৰা পদ্ধতি ইতিমধ্যেই দেশৰ ১২টা প্ৰধান বিমানবন্দৰত প্ৰৱৰ্তন কৰা হৈছে৷ পৰৱৰ্তী সময়ত দেশৰ আন আন বিমানবন্দৰ সমূহতো এই পদ্ধতি পৰ্যায়ক্ৰমে প্ৰৱৰ্তন কৰা হব বুলি ৰাজীৱ বাঞ্চালে সদৰি কৰে৷ তেনেদৰে গুৱাহাটী বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই অনুষ্ঠানটোত ভাগ লৈ কয় বৰ্তমান গুৱাহাটী বিমানবন্দৰত এটা প্ৰৱেশ পথত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছে৷ তেনেদৰে প্ৰথম পৰ্যায়ত ইণ্ডিগো আৰু আকাশা এয়াৰ নামৰ দুটা বিমান পৰিবহণ সংস্থাই এই নতুন পদ্ধতিত সংযুক্ত হৈছে৷ অহা ছেপ্তেম্বৰ মাহৰ পৰা গুৱাহাটী বিমানবন্দৰত সেৱা আগবঢ়াই অহা আন আন বিমান পৰিবহণ সংস্থা এই নতুন পদ্ধতিত সংযুক্ত হব৷ তেনেদৰে বৰ্তমান নিৰ্মাণৰত অৱস্থাত থকা বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন মুকলি হলে তাত এই পদ্ধতি সকলো প্ৰৱেশ পথত ব্যৱহাৰ কৰা হব বুলি উৎপল বৰুৱাই সদৰি কৰে৷ অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিব আদিল খান, আদানী গ্ৰূপৰ গণমাধ্যম বিষয়া ৰুমা দেৱী কেওটকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে৷