Logo
image

অক্ষয় কুমাৰৰ ছবিত অসম আৰক্ষীক উপহাস

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১০ আগষ্টঃ বলীউডৰ অন্যতম এজন জনপ্ৰিয় অভিনেতা হৈছে অক্ষয় কুমাৰ৷ অক্ষয় কুমাৰৰ ছবিয়ে চিত্ৰানুৰাগীক আলোড়িত কৰি আহিছে৷ অৱশ্যে বহু সময়ত অক্ষয়ৰ চিনেমা ফ্লপ হোৱাত দৰ্শক-অনুৰাগীক আশাহতও কৰিছে৷ বলীউডৰ ছবিত অসম আৰু অসমীয়া বিভিন্ন সময়ত জিলিকি উঠিছে৷ বলীউডৰ কেইবাখনো ছবিৰ অসমত দৃশ্যগ্ৰহণ হোৱাৰ লগতে অভিনেতা-অভিনেত্ৰীৰ সংলাপতো অসমৰ নাম বাৰে বাৰে উচ্ছাৰিত হৈছে৷ স্বাভাৱিকতেই বলীউডৰ ছবিত অসমৰ প্ৰসংগই স্থান পালে অসমবাসীক উৎফুল্লিত কৰি তোলে৷ বলীউদৰ কুইন হিচাপে খ্যাত কংগনা ৰানাৱাটৰ মুক্তি পাবলগীয়া নতুন ছবি ‘ইমাৰ্জেন্সী’ৰ অধিকাংশ দৃশ্যই অসমত শ্বুটিং হৈছে৷ শেহতীয়াকৈ বক্স অফিচত ১০০ কোটি টকাৰ ক্লাবত স্থান পোৱা বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি অ’ এম জি-২ত অভিনেতাজনে মহাদেৱ শিৱৰ চৰিত্ৰত অভিনয় কৰাক লৈ দেশজুৰি বিতৰ্কৰো সৃষ্টি হৈছে৷ কিন্তু দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱা অ’ এম জি-২ ছবিখনৰ এটা দৃশ্যত অসম আৰক্ষীয়ে নিজৰ কাৰ্যকলাপৰ বাবে উপহাসৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কেৱল ইমানেই নহয়, বলীউডৰ এই নতুন ছবিখনত অসমৰ আন এক অবাঞ্ছিত অভিলেখৰ তথ্যও দাঙি ধৰা হৈছে৷ বিদ্যালয়ৰ পাঠ্যক্ৰমত ‘যৌন শিক্ষা’ অন্তৰ্ভুক্তিৰ দাবীক লৈ অ’ এম জি-২ ছবিখন নিৰ্মাণ কৰা হৈছে৷ কিন্তু ছবিখনত ইণ্টাৰনেটত পৰ্ণগ্ৰাফী ছাৰ্চ কৰাৰ ক্ষেত্ৰত অসম শীৰ্ষত আছে বুলিও অভিহিত কৰা হৈছে৷ ছবিখনৰ মূল ছৰিত্ৰ কান্তি শৰণ মুদগালৰ নাম ভূমিকাত অভিনয়  কৰিছে জনপ্ৰিয় অভিনেতা পংকজ ত্ৰিপাঠীয়ে৷ কান্তি শৰণ মুদগালৰ ১৬ বছৰীয়া পুত্ৰই যৌন উত্তেজক টেবলেট সেৱন কৰি ইৰেক্টাইল ডিছফাংচনজনিত সমস্যাত ভুগি চিকিৎসালত ভৰ্তি হৈছিল৷ বিদ্যালয়ৰ চৌহদত ছাত্ৰজনৰ হস্তমৈথুনৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাত শিক্ষানুষ্ঠান কতৃৰ্পক্ষই বহিষ্কাৰ কৰিছিল ছাত্ৰজনক৷ পুত্ৰক পুনৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে পিতৃয়ে কিদৰে আদালতত যুঁজ কৰিবলগীয়া হৈছিল আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমত ‘যৌন শিক্ষা’ অন্তৰ্ভুক্তিৰ বাবে কৰা প্ৰচেষ্টাকে ছবিখনত সুন্দৰ ৰূপত দাঙি ধৰা হৈছে৷ এই আইনী যুঁজতে আদালতত যুক্তি দাঙি ধৰি অভিনেতা পংকজ ত্ৰিপাঠীয়ে অসম পৰ্ণগ্ৰাফী ছাৰ্চত দেশৰ ভিতৰতে শীৰ্ষত আছে বুলিও কোৱা দেখা গৈছিল৷ কেৱল ইমানেই নহয়, অসম আৰক্ষীয়ে বিভিন্ন সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৰাজনৈতিক গোচৰত একাংশ বিৰোধী নেতাক গ্ৰেপ্তাৰ কৰি আনি দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ কাৰ্যৰ বাবেই বলীউডৰ ছবিখনত অসম আৰক্ষীৰ ‘কৰ্ম দক্ষতা’ক ঋণাত্মকভাৱে উপস্থাপন কৰা দেখা গ’ল৷ ছবিখনৰ নায়ক পংকজ ত্ৰিপাঠীয়ে ধৰ্মীয় আৱেগত আঘাত হনা এটা মন্তব্য বাবে দেশৰ বিভিন্ন ৰাজ্যত ৭৩খন এফ আই আৰ দাখিল কৰা বুলি কোৱা হৈছে৷ বিশেষ দৃশ্যটোত স্থানীয় এজন আৰক্ষীয়ে নায়ক পংকজ ত্ৰিপাঠীক কয় যে তেওঁৰ ধৰ্মীয় আৱেগত আঘাত হনা মন্তব্যৰ বাবে বিভিন্ন ৰাজ্যত ৭৩খন এফ আই আৰ দাখিল হৈছে৷ ইয়াৰে এখন এফ আই আৰ দাখিল হৈছে গুৱাহাটীত৷ সেই কথাকে ক’বলৈ গৈ আৰক্ষীজনে অভিনেতা পংকজ ত্ৰিপাঠীক কয়–‘ৱাহা তো [গুৱাহাটী] তুঝে জানা হি পড়েগা, কিউ কি গুৱাহাটী পুলিচ লেনে আয়া হে্য৷’ অৰ্থাৎ অসমীয়া ভাবাৰ্থ হৈছে – ‘আপুনি তালৈ যাবই লাগিব কাৰণ আপোনাক ধৰিবলৈ গুৱাহাটী আৰক্ষী আহি আছে৷’ লক্ষণীয়ভাৱে বাস্তৱত অসম আৰক্ষীয়ে ইতিপূৰ্বে প্ৰধানমন্ত্ৰীৰ সন্দৰ্ভত কৰা এটা ব্যক্তব্যৰ বাবে চাটাৰ্ড ফ্লাইট লৈ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক৷ তদুপৰি নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত কৰা আন এক বিতৰ্কিত মন্তব্যৰ বাবে দিল্লী বিমান বন্দৰত বিমানৰ ভিতৰৰ পৰাই অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ পৱন খেড়েক৷ ৰাজনৈতিক গোচৰত বিৰোধী নেতাক গ্ৰেপ্তাৰত অসম আৰক্ষীয়ে ইতিমধ্যে দেশৰ ভিতৰতে কুখ্যাতি অৰ্জন কৰিছে৷ যাৰ বাবে অক্ষয় কুমাৰৰ ছবিখনত মূল নায়কজনক গ্ৰেপ্তাৰৰ বাবে গুৱাহাটী আৰক্ষী আহি থকা বুলি কোৱা সংলাপে এতিয়া স্মাৰ্ট অসম আৰক্ষীকে উপহাস কৰা বুলিও বিভিন্নজনে সমালোচনা কৰা দেখা গৈছে৷