Logo
image

গৌৰৱ গগৈ কংগ্ৰেছ ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ আগষ্টঃ কংগ্ৰেছৰ শীৰ্ষতম নীতি নিৰ্ধাৰক গোট ‘কংগ্ৰেছ ৱকিং কমিটিত [চি ডব্লিউ চি] অন্তৰ্ভুক্ত হ’ল অসমৰ সাংসদ গৌৰৱ গগৈ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই আজি ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নতুন শীৰ্ষতম কাৰ্যকৰী সমিতিখন গঠন কৰি দিয়ে৷ ৩৯ জনীয়া কংগ্ৰেছ ৱকিং কমিটীত [চি ডব্লিউ চি] দ্বিতীয়বাৰৰ বাবে অন্তৰ্ভুক্ত হৈছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ৷ তাৎপৰ্যপূৰ্ণভাৱে ৩৯জনীয়া  কমিটীখনত দলটোৰ কেইবাজনো বিদ্ৰোহী নেতাকো অন্তৰ্ভুক্ত কৰিছে৷ উদাহৰণস্বৰূপে ৰাজস্থানত অশোক গেহলটৰ বিৰোধী বুলি জনাজাত শচীন পাইলটকো স্থান দিয়া হৈছে৷ একেদৰে মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা শশী থাৰুৰকো কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে৷ দলটোৰ জি-২৩ গোটৰ সদস্য আনন্দ শৰ্মাকো কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে৷ উল্লেখ্য যে কংগ্ৰেছৰ উদয়পুৰৰ চিন্তন বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে কংগ্ৰেছৰ নতুন সমিতিখনৰ ৫০ শতাংশ সদস্যৰ বয়স ৫০ বছৰৰ তলৰ হ’ব লাগিব, কিন্তু সেই চৰ্ত আজি গঠিত ৱকিং কমিটীত প্ৰতিফলিত নহ’ল৷ কেৱল মাত্ৰ প্ৰিয়ংকা গান্ধী, গৌৰব গগৈ আৰু কে পেটেল হৈছে কংগ্ৰেছ ৱকিং কমিটীত অন্তৰ্ভুক্ত হোৱা ৫০ বছৰৰ তলৰ যুৱ মুখ৷ বংগৰ পৰা অধীৰৰঞ্জন চৌধুৰী আৰু দীপা দাসমুখি কংগ্ৰেছ ৱকিং কমিটীত অন্তৰ্ভুক্ত হৈছে৷ উত্তৰ পূবৰ মিজোৰামৰ পৰা লালথানহাওলা আৰু মণিপুৰৰ পৰা গাইখাংগামেও কংগ্ৰেছৰ কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে৷ আজি গঠিত ৩৯জনীয়া চি ডব্লিউ চিৰ সদস্যসকল হ’ল ক্ৰমে– মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী ডঃ মনমোহন সিং, ৰাহুল গান্ধী, অধিৰৰঞ্জন চৌধুৰী, একে এচনী, অম্বিকা চোনি, মীৰা কুমাৰ, দ্বিগ্বিজয় সিং, পি চিদাম্বৰম, তাৰিক আনোৱাৰ, লাল থানহাৱাল, মুকুল ৱাচনিক, আনন্দ শৰ্মা, অশোক ৰাও চৱন, অজয় মাকেন, চৰঞ্জিত সিং চান্নী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, কুমাৰী চেলজা, গাইখাংগাম, এন ৰঘুবীৰা ৰেড্ডী, শশী থাৰুৰ, তাম্ৰধবজ চাহু, অভিষেক মনু সিংভি, চলমান খুৰ্ছিদ, জয়ৰাম ৰমেশ, জীতেন্দ্ৰ সিং, ৰণদীপ সিং সুৰজেৱালা, শচীন পাইলট, দীপক বাবাৰিয়া, জগদীশ ঠাকুৰ, জি এম মীৰ, অমিনাশ পাণ্ডে, দীপা দাস মুন্সি, মহেন্দ্ৰ জিৎ সিং মালবীয়, গৌৰৱ গগৈ, চয়দ নাছিৰ হুছেইন, কমলেশ্বৰ পেটেল, কেচি বেণুগোপাল৷ আনহাতে, চি ডব্লিউ চিৰ ৩২ জনীয়া স্থায়ী আমন্ত্ৰিত সদস্যসকল হ’ল ক্ৰমে– বীৰাপ্পা মৈলী, হৰিশ ৰাৱট, পৱন কুমাৰ বনচাল, মোহন প্ৰকাশ, ৰমেশ চেন্নিথালা, বি কে হৰিপ্ৰসাদ , প্ৰতিভা সিং, মনীষা তিৱাৰী, তাৰিক হামিদ, দীপেন্দৰ সিং হুদা, গিৰীশ ৰায়া চোদংকাৰ, টি চুব্বাৰামী ৰেড্ডী, কে ৰাজু, চন্দ্ৰকান্ত হান্দোৰ, মীনাক্ষী নটৰাজক, ফুলো দেৱী নেতাম, দামোদৰ ৰাজা নৰসিংহ, সুদীপ্ত ৰায় বৰ্মন, এ চেল্লা কুমাৰ [ভাৰপ্ৰাপ্ত], ভক্তচৰণ দাস [ভাৰপ্ৰাপ্ত], অজয় কুমাৰ [ভাৰপ্ৰাপ্ত], হৰিশ চৌধুৰী [ভাৰপ্ৰাপ্ত], ৰাজীৱ শুক্লা [ভাৰপ্ৰাপ্ত], মণিক্কাম ঠাকুৰ [ভাৰপ্ৰাপ্ত], মুখবিদ ৰন্ধাৱা [ভাৰপ্ৰাপ্ত], মণিকাৰণ্ডি ঠাকৰে [ভাৰপ্ৰাপ্ত], ৰজনী পেটেল [ভাৰপ্ৰাপ্ত], কানহাইয়া কুমাৰ [ভাৰপ্ৰাপ্ত], গুৰদ্বীপ চাপ্পাল [ভাৰপ্ৰাপ্ত], শচীন্ন ৰাও [ভাৰপ্ৰাপ্ত], দেৱেন্দ্ৰ যাদৱ [ভাৰপ্ৰাপ্ত], মনীষ চত্ৰথ [ভাৰপ্ৰাপ্ত]৷ চি ডব্লিউ চিৰ বিশেষ আমন্ত্ৰিত ন গৰাকী সদস্য হ’ল– পল্লম ৰাজু, পৱন খেৰা, গণেশ গোদিয়াল, কোডিকুনিল সুৰেশ, যশোমতী ঠাকুৰ, সুপ্ৰিয়া শ্ৰীনেট, প্ৰিনিটি চিন্দে, অলকালাম্বা আৰু বমশী চান্দ ৰেড্ডী৷ উল্লেখ্য যে কংগ্ৰেছৰ কৰ্ণধাৰ সমিতি স্থান লাভ কৰি আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈক দলৰ শতাধিক কৰ্মীয়ে বিমানবন্দৰতে বিপুলভাৱে আদৰণি জনায়৷ উল্লেখ্য যে মুম্বাইৰ পৰা বিমানেৰে আহি বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় যে– ‘এয়া অসমবাসীৰ মৰম আৰু আশীৰ্বাদৰ বাবেই সম্ভৱ হৈছে৷’ বিমানৰ পৰা নামিয়েই বিজেপি আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়– ‘বিজেপিত এগৰাকী বেমাৰী সোমাইছে৷ তেওঁ এটা সময়ত মাৰাত্মক স্থিতি ল’ব আৰু কিছুদিনৰ ভিতৰতে বিজেপি দল নাইকীয়া হ’ব৷’