Logo
image

সুৰা বিক্ৰী নকৰাকৈয়ে তেলেংগানা আবকাৰীৰ আয় ২,৬৩৯ কোটি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ আগষ্টঃ এটোপালো সুৰা বিক্ৰী নকৰাকৈ তেলেংগানাৰ আবকাৰী বিভাগে ২,৬৩৯ কোটি টকা আয় কৰাৰ ঘটনাই সকলোৰে চকু কঁপালত তুলিছে৷ কেৱল সুৰাৰ দোকান আবণ্টন দিয়াৰ বাবে চৰকাৰে প্ৰতিখন আবেদনৰ বিপৰীতে লোৱা ধনেৰেই এই বিশাল পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিছে তেলেংগানাৰ আবকাৰী বিভাগে৷ ৰাজ্যখনৰ  আবকাৰী বিভাগে প্ৰতিখন আবেদনৰ বিপৰীতে দুই লাখ টকাকৈ আবেদনকাৰীৰ পৰা সংগ্ৰহ কৰিছে৷ মুঠতে ১.৩২ লাখ আবেদনকাৰীয়ে সুৰাৰ দোকানৰ বাবে আবেদন জনাইছিল৷ কাইলৈ সোমবাৰে লটাৰীৰ জৰিয়তে সুৰাৰ দোকানসমূহ আবণ্টন কৰা হ’ব৷ সৌভাগ্যবানজনে সুৰাৰ দোকান লাভ কৰিলেও যাৰ নাম লটাৰীত নুঠে তেওঁ দোকানো নাপাব আৰু আবেদনৰ সৈতে জমা দিয়া দুই লাখ টকাও ঘূৰাই নাপাব৷ আনহাতে, সুৰাৰ দোকান যাৰ ভাগ্যত উঠে তেওঁলোকে পঞ্চাশ লাখৰ পৰা ১.১ কোটি টকা বছৰি তেলেংগানাৰ আবকাৰী বিভাগক পৰিশোধ কৰিব লাগিব৷