Logo
image

কংগ্ৰেছৰ জনপ্ৰিয়তা বাঢ়িছে, বিজেপি বিধায়ক ৰমাকান্তৰ ক্ষোভ

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ২১ আগষ্টঃ ৰাজ্যৰ শাসকীয় বিজেপি দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা সংঘাত আৰু শৃংখলাহীনতাই কেন্দ্ৰীয় নেতৃত্বক চিন্তিত কৰি তোলাৰ সময়তে মৰিগাঁৱৰ শাসকীয় বিজেপি দলৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিজেপি দলৰ আভ্যন্তৰীণ বিশৃংখলতাক লৈ ক্ষোভ উজাৰিছে৷ দেওবাৰে তেওঁ মৰিগাঁৱত কৰা কেতবোৰ বিস্ফোৰক মন্তব্যই দলৰ ভিতৰে বাহিৰে তীব্ৰ চাঞ্চল্যৰ  সৃষ্টি কৰিছে৷ বিজেপিৰ বিধায়ক তথা তিৱা জনগোষ্ঠীৰ সংগ্ৰামী নেতা দেউৰীয়ে দেওবাৰে মৰিগাঁৱত সংবাদ মাধ্যমৰ আগত গভীৰ ক্ষোভ ব্যক্ত কৰি কয়– বিজেপি দল কাৰো পৈতৃক সম্পত্তি নহয়৷ কিন্তু নতুনকৈ দললৈ অহা সকলে বিজেপি দলটোক পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে৷ এইসকলৰ কাম-কাজ দেখি দলটোৰ প্ৰতি মানুহ অতিষ্ঠ হৈ পৰিছে৷ যাৰ ফলত দলটো অধঃপতনে যাবলৈ ধৰিছে৷ বৰ্তমান দলটো যিধৰণে চলি আছে সেইধৰণে চলিলে আৰু অলপ দিন পাছতে ধবংস হ’ব৷ লাহে লাহে মানুহৰ বিজেপিৰ প্ৰতি আস্থা নোহোৱা হ’বলৈ ধৰিছে৷ পুৰণি কৰ্মকৰ্তাসকল আঁতৰি যাবলগীয়া হৈছে দুখ আৰু বেদনাত৷ নতুনখিনিৰ আত্মঅহংকাৰ বৃদ্ধি পাইছে৷ এনে  হ’লে বিজেপি দল আৰু বেছিদিন নিটিকে৷ বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি বহুতৰ ক্ষোভ আৰু অসন্তুষ্টি আছে৷ ভয়তে মাত মতা নাই৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত দলটোৰ পুৰণা কাৰ্যকৰ্তাসকলে বহু কষ্ট স্বীকাৰ কৰি ২০১৬ চনত দলটোক ৰাজ্যৰ শাসনলৈ অনাৰ লগতে আজিৰ এই পৰ্যায়লৈ আনিলে৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজেন গোহাঁই, অশোক শৰ্মা আদি নেতাসকলৰ আজি দলত যথাযোগ্য সন্মান নাই৷ বেয়া দিনত কষ্ট কৰাসকল আজি ভাল দিনত আঁতৰি যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ পুৰণা নেতা আৰু কাৰ্যকৰ্তাসকল আঁতৰি গ’লে অসমত বিজেপি দল বেছিদিন জীয়াই নাথাকিব৷ তেওঁ গভীৰ আক্ষেপেৰে কয়– সদনত আইন প্ৰণয়ন কৰা কামৰ বাহিৰে বিজেপিৰ বিধায়কসকলৰ আন কাম এক প্ৰকাৰ নোহোৱা হৈ পৰিছে৷ মাটি ফুটি ওলোৱা গছ ডালেহে আকাশ চুব পাৰে, পাৱত গজা গছে নোৱাৰে৷ দলটোৰ পুৰণি কৰ্মকৰ্তাসকল তৃণমূল পৰ্যায়ৰ পৰা অহা লোক৷ তেওঁ লোকক অৱমাননা কৰিলে দলটো বেছিদিন শাসনত থাকিব নোৱাৰিব৷ সেই বাবে সময় থাকোঁতেই দলৰ নেতৃত্বই সংশোধন হোৱা উচিত৷