Logo
image

৩টাকৈ পদুম পুখুৰী ধবংস কৰিলে গুৱাহাটী বিঃবিঃ কতৃৰ্পক্ষই

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২১ আগষ্টঃ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্যত অনবদ্য অৰিহণা যোগাই অহা তিনিটাকৈ পদুম পুখুৰী কতৃৰ্পক্ষৰ চৰম অৱহেলাত কেতিয়াবাই মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে৷ প্ৰকৃতিপ্ৰেমী আৰু পৰিবেশকৰ্মীসকলে কৰা অভিযোগ অনুসৰি বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ নিৰ্মাণ আৰু উন্নয়নৰ দায়িত্বত থকা অভিযান্ত্ৰিক কাৰ্যালয়ৰ একাংশ অভিযন্তাৰ গাফিলতি,  বৈজ্ঞানিক পদ্ধতিৰে উন্নয়নৰ কাম কৰাৰ সলনি নিজৰ খেয়াল খুচি মতে কাম কৰা, পৰিবেশ আৰু প্ৰকৃতি সংৰক্ষণৰ দিশটোলৈ পিঠি দি আদি বিভিন্ন কাৰণৰ বাবে তিনিটাকৈ পদুম পুখুৰী মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল৷ তাৰ ভিতৰত দুটা পুখুৰী আছিল বিশ্ববিদ্যালয়খনৰ চিকিৎসালয়ৰ পাছফালে যোৱা পথটোৰ দাঁতিত আৰু ছাত্ৰীনিবাস চৌহদৰ সীমাৰ উত্তৰ দিশত৷ এটা আছিল বৰ্তমানৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পূব দিশত আৰু আৰ চি চি-ৰ নম্বৰ ছাত্ৰাবাসৰ সন্মুখত৷ এটা সময়ত পুখুৰী কেইটা প্ৰাকৃতিক কাৰণত মৃত্যুৰ গতি কৰাত ২০১৭-১৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য ডঃ মৃদুল হাজৰিকাৰ তৎপৰতাত পুখুৰী কেইটা চাফ চিকুণ কৰি পুনৰজীবিত কৰাত পদুম ফুল ফুলিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু পৰবৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক বিভাগকে ধৰি কতৃৰ্পক্ষৰ চৰম অৱহেলা আৰু হেমাহীৰ বাবে পুখুৰীকেইটা মৃত্যুৰ মুখত পৰে৷  স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পূব দিশত থকা পুখুৰী আৰু ছাত্ৰীনিবাসৰ সীমাৰ দেৱালৰ লগতে থকা এটাসহ দুটা পদুম পুখুৰীত এতিয়া পদুম ফুলৰ সলনি কেৱল জলজ উদ্ভিদ আৰু হাবি বননিৰে ভৰপূৰ হৈ পৰিছে৷ ছাত্ৰী নিবাসৰ সীমাত থকা এটা পুখুৰীতহে কেইটামান পদুম ফুলে প্ৰাকৃতিকভাৱে স্বভাৱসিদ্ধভাৱে ফুলি আছিল৷ কিন্তু এই লৈ কিছুদিন পূৰ্বে একাংশ সংবাদ মাধ্যমত প্ৰকাশত পুখুৰীকেইটা মৃত্যুমুখত পৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ পাছত বিশ্ববিদ্যালয় চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ তাৰ পাছত বিগত এটা সপ্তাহ ধৰি বিশ্ববিদ্যালয়ৰ আভিযান্ত্ৰিক বিভাগে পুখুৰীকেইটা চাফ চিকুণ কৰাৰ নামত পূৰ্বতে থকা অবশিষ্ট যিকেইটা পদুম ফুলি আছিল সেইকেইটাও জে চি বিৰে  একেবাৰে মহতিয়াই পেলালে৷ ফলত পুখুৰীটো একেবাৰে পদুম ফুল শূন্য হৈ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰকৃতিপ্ৰেমী লোকসকলে কৰা অভিযোগ অনুসৰি জে চি বিৰে পুখুৰী চাফ - চিকুণ কৰি থকাৰ সময়ত অভিযান্ত্ৰিক বিভাগৰ কোনো অভিযন্তা বা কৰ্মচাৰী সেই স্থানত উপস্থিত নাছিল৷ ফলত জে চি বিৰ চালকে নিজৰ খুচি মতে পুখুৰীটোত থকা অবশিষ্ট পদুম ফুলকেইটাৰো অস্তিত্ব নোহোৱা কৰি পেলায়৷  উল্লেখ্য যে পুখুৰীকেইটালৈ পূৰ্বতে থকা পানীৰ স্বাভাৱিক সোঁত বা সুঁতি সমূহৰে পানীৰ স্বাভাৱিক প্ৰবাহ বন্ধ হৈ পৰাৰ বাবে পুখুৰীকেইটা মৃত্যুৰ মুখলৈ গতি কৰিছে৷  ইফালে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকী নিজেই এজন পৰিবেশবিদ আৰু প্ৰায়োগিক উদ্ভিদ বিজ্ঞানৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন গৱেষক হোৱা স্বত্ত্বেও কিদৰে পানীৰ স্বাভাৱিক প্ৰবাহ অব্যাহত ৰাখি পদুম ফুলৰ পুখুৰীকেইটা জীয়াই ৰাখি বিশ্ববিদ্যালয় চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্য অক্ষুণ্ণ ৰাখিব পাৰি তাৰ প্ৰতি পিঠি দিয়া বাবে চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্যত নতুন মাত্ৰা প্ৰদান কৰি অহা তিনিটাকৈ পদুম পুখুৰীৰ অকাল মৃত্যু হোৱা বুলি প্ৰকৃতিপ্ৰেমী সকলে গভীৰ দুখ আৰু আক্ষেপ প্ৰকাশ কৰিছে৷