ফেটি লিভাৰ হ’লে এইবোৰ লক্ষণে দেখা দিয়ে
অনিয়মীয়া জীৱন-যাপন আৰু অতিৰিক্ত ওজনৰ বাবে বহুতেই ফেটি লিভাৰত আক্ৰান্ত হয়৷ প্ৰাথমিক অৱস্থাতে ধৰা পৰিলে ফেটি লিভাৰ প্ৰতিৰোধ কৰিব পৰা যায়৷ সাধাৰণতে শৰীৰত কলেষ্টে’ৰলৰ মাত্ৰা বাঢ়িলে ফেটি লিভাৰ হোৱাৰ আশংকা বাঢ়ে৷ ফেটি লিভাৰত আক্ৰান্ত হ’লে খাদ্য তালিকা সলনি কৰিব লাগে৷ ফেটি লিভাৰত আক্ৰান্ত হ’লে কিছুমান লক্ষণে দেখা দিয়ে৷ এনে লক্ষণে দেখা দিলে লগে লগে চিকিৎসকৰ পৰামশ লোৱা উচিত৷ সঠিক সময়ত চিকিৎসাৰ ব্যৱস্থা নকৰিলে ই লিভাৰৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ ফলত লিভাৰৰ কাৰ্যক্ষমতা হ্ৰাস পায় আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থ দূৰ কৰাত বাধাৰ সৃষ্টি হয়৷
ফেটি লিভাৰত আক্ৰান্ত হোৱা লক্ষণ–
⬛ প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’লে ই ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷
⬛ সাধাৰণ পৰিশ্ৰমতে ভাগৰুৱা অনুভৱ কৰিলে ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷
⬛ ফেটি লিভাৰত আক্ৰান্ত হ’লে ছাল শুকায়৷ লগতে ছালৰ স্বাভাৱিক বৰণ সলনি হ’বলৈ ধৰে৷
⬛ মাজে সময়ে পেটৰ বিষত ভুগিব পাৰে৷
⬛ ফেটি লিভাৰত আক্ৰান্ত হ’লে শৰীৰৰ পেশী ক্ষয়প্ৰাপ্ত হোৱাৰ আশংকা থাকে৷ তদুপৰি মুখমণ্ডলত বযসৰ ছাপ পৰা আৰম্ভ কৰে৷
⬛ পেটত মেদ জমা হ’লে তাৎক্ষণিকভাৱে লিভাৰ পৰীক্ষা কৰিব লাগে৷
⬛ লিভাৰৰ সমস্যাৰ প্ৰাথমিক লক্ষণ হ’ল ডিহাইড্ৰেছন৷ এনে সময়ত পেট খালি যেন অনুভৱ হোৱাৰ উপৰি সঘনাই পিয়াহ লাগে৷
⬛ শৰীৰৰ ওজন বৃদ্ধিৰ উপৰি মিঠাজাতীয় খাদ্যৰ প্ৰতি আসক্তি বাঢ়িলেও ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷
⬛ হঠাৎ উচ্ছ ৰক্তচাপৰ সমস্যাই দেখা দিলে সাৱধান হওক৷
ফেটি লিভাৰৰ প্ৰতিৰোধৰ উপায়–
⬛ প্ৰতিদিনে প্ৰচুৰ পৰিমাণে পানী খাওক
⬛ পানীৰ লগত নিমখ আৰু নেমুৰ ৰস মিহলাই খালে উপকাৰ পোৱা যায়৷
⬛ কেঁচা হালধীৰ ৰসে লিভাৰ সুস্থ ৰখাত সহায় কৰে৷
⬛ লিভাৰ সুস্থ ৰাখিবলৈ মেগনেছিয়াম আৰু ভিটামিন ‘বি’ উপলব্ধ খাদ্য গ্ৰহণ কৰক৷