Logo
image

ভাৰত স্বচ্ছ হ’লনে

ঈশ্বৰ প্ৰাপ্তিৰ বাবে নিকা মন এটাৰ বাদেও যে নিকা দেহ আৰু নিকা পৰিৱেশ অপৰিহাৰ্য তাক দেশবাসীক বুজাই তুলিবলৈ জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমান সময়ত দেশৰ অধিকাংশ ঈশ্বৰ উপাসনাস্থলীৰেই পৰিৱেশ কদৰ্যময়৷ ছাগলী, পাৰৰ মল-মূত্ৰৰে ভৰি থকা ঈশ্বৰৰ উপাসনাস্থলীত কোনো সময়ত ভৰি দিবলৈকে ঘিণ লগাৰ দৰে হয়৷ অপৰিষ্কাৰ পৰিৱেশ আৰু কেঁচা খাদ্যসামগ্ৰী ভালকৈ নোধোৱাৰ বাবে কোনো ঠাইত মন্দিৰৰ ভোগ বা মাহ-প্ৰসাদ খাই বহু লোক অসুস্থ হোৱাৰ বাতৰিও পোৱা যায়৷ কেৱল ঈশ্বৰৰ বাসস্থানেই নহয়, ৰাস্তা-ঘাট, নলা-নৰ্দমা, বাছ আস্থান, ৰে’ল ষ্টেচন, চৰকাৰী চিকিৎসালয় আদিৰ অতি ঘৃণনীয়ৰূপে সাধাৰণ মানুহৰো জীৱন তিক্ততাময় কৰি তুলিছে৷ এনেবোৰ পৰিস্থিতিৰ বাবেই হয়তো দেশৰ প্ৰধানমন্ত্ৰীয়ে  দেশ শাসনৰ ভাৰ লৈয়েই স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিলে৷ প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপত দেশৰ বাহিৰে-ভিতৰে থকা লক্ষাধিক গুণমুগ্ধই ভূয়সী প্ৰশংসা কৰাৰ লগতে হাত উজান দিয়াৰো প্ৰতিশ্ৰুতি দিলে৷ স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণিতে সাংবাদিকৰ কেমেৰাৰ আগত ৰাজপথত ঝাড়ু¸ দিবলৈ অহা মানুহৰ অভাৱ নাছিল৷ মন্ত্ৰী, এম এল এৰ পৰা আৰম্ভ কৰি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনবোৰৰ প্ৰকোপ কি চাবা! বিদ্যালয়-মহাবিদ্যালয়ে, ৰাস্তাই-ঘাটে যেন স্বচ্ছ ভাৰতৰ আখৰাহে চলিব ধৰিলে৷ কিছুদিনৰ বাবে হয়তো মুখত কাপোৰ বান্ধি হাতত ঝাড়ু লৈ ৰাস্তা সৰাটো ষ্টেটাছ ছিম্বলেই হৈ পৰিল৷ কিন্তু কালক্ৰমত সকলো ফুটুকাৰ ফেন৷ মানুহৰ অপৰিৱৰ্তিত মানসিকতাই চৰকাৰৰ সকলো প্ৰচেষ্টাক চেঁচাপানী ঢালিবলৈ উঠিপৰি লাগিল৷ কেমেৰাৰ সন্মুখত ঝাড়ু লোৱাজনেই গাড়ীৰ ভিতৰৰ পৰা খালী খোৱাপানীৰ বটলটো ৰাস্তালৈ দলিয়ায়৷ চৰকাৰী পুঁজি লৈ স্বচ্ছ ভাৰতৰ প্ৰচাৰ চলোৱা অভিভাৱকৰ সন্তানেই টিফিনত দিয়া কলটোৰ বাকলি স্কুলবাছৰ পৰা ৰাস্তালৈ দলিয়ায়৷ স্বচ্ছতাৰ বাবে চুবুৰীয়াক গালি পৰাজনৰ উৎপাততে অফিচ-কাছাৰী বা চিকিৎসালয়ৰ খটখটীৰ বেৰত শিৱ, গণেশ, ৭৮৬ বা যীশুৰ ফটো লগাবলগীয়া হয়৷ বিদ্যালয়-মহাবিদ্যালয়ৰ দেৱালৰ ৰং শিখৰ ৰজনীগন্ধাৰ প্ৰকোপত চিনিবই নোৱাৰি৷ ৰাজহুৱা শৌচাগাৰ থাকিলেও পথৰ কাষতে মূত্ৰ ত্যাগ কৰাটো এতিয়াও বহুততে পুৰণিক’লীয়া অভ্যাস৷ গুৱাহাটীকে ধৰি বহু মহানগৰত চেপ্টিক টেংকৰ পৰা নিৰ্গত পানী ধৰি ৰাখিবলৈ বহুতৰে ঘৰত শোষক গাঁতৰ ব্যৱস্থা নাই৷ ফলত তেনে পানী আমাৰেই ঘৰৰ মুখৰ নলাটোলৈ ঠেলি দিবলগীয়া হৈছে৷ আপুনি-মই পেলোৱা প্লাষ্টিকে যেতিয়া নলাবোৰ আবদ্ধ কৰি পেলায়, তেতিয়া বৰষুণৰ বতৰত চেপ্টিক টেংকৰ পানী আমাৰ পাকঘৰ সোমায়৷ জগৰীয়া কোন? মানসিকতাৰ পৰিৱৰ্তনৰ অবিহনে স্বচ্ছ ভাৰত এটা অলীক কল্পনা৷ স্বচ্ছতাৰ ক্ষেত্ৰত অসমৰ স্থান এশৰো অধিক হোৱাত আচৰিত হ’বলগীয়া একো নাই৷ ছ’চিয়েল মিডিয়াত ঠাট্টা-মস্কৰাৰে আনৰ ওপৰত দোষ জাপি দিয়াৰ সলনি নিজৰ লগতে সন্তানৰো মানসিকতাৰ পৰিৱৰ্তন কৰাটো বাঞ্ছনীয়; অন্যথা মোদী নালাগে মহাত্মা গান্ধীয়েও স্বচ্ছতা আনিব নোৱাৰে৷