Logo
image

ব্ৰিটিছৰাজৰ পৰা মোদীৰাজলৈ... দুটা শতিকাৰ সাক্ষী বিজুলীপ্ৰসাদৰ অৱশেষত মৃত্যু

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলি আৰু জিনজিয়াৰ প্ৰতিবেদক, ২২ আগষ্টঃ ব্ৰিটিছৰাজৰ পৰা মোদীৰাজলৈ দুটা শতিকাৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ সাক্ষী বিজুলী প্ৰসাদ আৰু নাই৷ দেশৰ ভিতৰতে বৰ্ষীয়ান পোহনীয়া হাতীটোৱে সোমবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে৷ ৯২ বছৰ পূৰ্বে তিনিবছৰীয়া হাতীটো ক্ৰয় কৰিছিল উইলিয়ামছন মেগৰ টি কোম্পানীয়ে৷ ব্ৰিটিছৰ অলিভাৰ চাহাবে হাতীটোক নাম দিছিল বিজুলী প্ৰসাদ৷ মেগৰ কোম্পানীৰ পৰিয়ালৰ সদস্য হৈ পৰা বিজুলী এসময়ত হৈ পৰিছিল কোম্পানীটোৰ আভিজাত্যৰ প্ৰতীক৷ বিজুলিৰ খাদ্য তালিকাত আছিল প্ৰতিদিনে ২৫ কেজি চাউল, সম পৰিমাণৰ গোমধান, বুটমাহ৷ সপ্তাহত কেইবাগাড়ীও কলগছ বিজুলী প্ৰসাদক যোগান ধৰি গৈছিল চাহ বাগিচাৰ কতৃৰ্পক্ষই৷ ইফালে সেই সময়ত বিজুলী প্ৰসাদক  পৰিচৰ্যাৰ বাবে ব্ৰিটিছৰ অলিভাৰ চাহাবে নিয়োগ কৰিছিল কেইবাজনো কৰ্মচাৰী৷ তাৰ লগতে  প্ৰতি সপ্তাহতে বিজুলী প্ৰসাদৰ শৰীৰৰ ওজন পৰীক্ষা কৰাৰ লগতে নিয়মিত বিজুলীৰ স্বাস্থ্য পৰীক্ষা কৰি পঠোৱা ব্যৱস্থা কৰিছিল বাগিচাখনৰ মুখ্য কাৰ্যালয় কলিকতালৈ৷ বৰ্তমান বিহালী চাহ বাগিচাত থকা বিজুলীক পশু চিকিৎসক ড॰ কুশল কোঁৱৰ শৰ্মাৰ তত্ত্বাৱধানত নিয়মিত স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল৷ কিন্তু কিছু দিন পূৰ্বে কৰ্ণাটকৰ বয়স্ক হাতী চামুণ্ডা প্ৰসাদৰ ৮২ বছৰ বয়সত মৃত্যু হোৱাৰ পিছত এতিয়া বিজুলী প্ৰসাদেই বৰ্ষীয়ান হাতী হিচাপে স্বীকৃতি লাভ কৰে৷ কিন্তু আজি হাতীটোৰ মৃত্যু খবৰে বাগিচা কতৃৰ্পক্ষৰ লগতে বিশ্বনাথ বিহালীৰ সকলোকে মৰ্মাহত কৰি তুলিছে৷ ইফালে, ঘটনাস্থলীত বৰগাং বন বিভাগ চিকিৎসক দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰিছে৷ হাতীটোৰ মৃত্যুৰ খবৰ পাই বিহালী বিধানসভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে বহু প্ৰকৃতি প্ৰেমী দল সংগঠনৰ নেতৃত্ববৃন্দ উক্ত স্থানত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উল্লেখ্য, পূৰ্বে বিজুলীক বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বৰগাঁও চাহ বাগিছাত ৰখা হৈছিল যদিও পিছত জিলাখনৰে বিহালী চাহ বাগিছাৰ বাসিন্দা হৈছিল বিজুলী প্ৰসাদ৷ বিজুলী প্ৰসাদৰ মৃত্যুত বিহালী চাহ বাগিচাখনতো শোকৰ ছাঁ পৰিছে৷  ব্ৰিটিছ চাহাব অলিভাৰে চাহ গছৰ মুড়া উঠাবলৈ অনা বিজুলী প্ৰসাদৰ বয়স প্ৰায় ৯৫বছৰ হৈছিল৷ দেশ স্বাধীন হোৱাৰ পাছত অসমৰ প্ৰায়বোৰ বাগিছাৰ দায়িত্ব ভাৰতীয় লোকক দিয়াৰ পাছতো এই বিজুলী প্ৰসাদক কেইবাজনো ব্ৰিটিছৰ লোকে চাবলৈ আহিছিল৷ ৮৪ বছৰৰ আগতে ব্ৰিটিছ চাহাব অলিভাৰে বিহালীলৈ অনাৰ পিচৰে পৰা বিহালী বাসীৰ বাবে অতি আদৰৰ এই হাতীটোৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি পুৱা বিহালীৰ বেদেতীত বহু লোক শেষ শ্ৰদ্ধা জনাবলৈ  সমাগম হয়৷ মাউত থমাচ মুণ্ডাই হাতীটোৰ মৃত্যুত উচুপি উচুপি উঠে৷ হাতীটোৰ দাত কাটি মৰণোত্তৰ পৰীক্ষা কৰি অন্তিম সৎকাৰ কৰা হয়৷ এই অন্তিম সৎকাৰত প্ৰকৃতিপ্ৰেমী সৎগঠন নেচাৰ্চ বন্য প্ৰাণৰ বিষয় ববীয়া, গ্ৰীণ ছ’চাইটীৰ বিষয়ববীয়া, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়, চাহ বাগিছাৰ কতৃৰ্পক্ষ, উদ্দীপ্ত চৰাৰ কৰ্মকৰ্তা, সাংবাদিককে ধৰি কেইবাটাও অনুষ্ঠানে অংশগ্ৰহণ কৰে৷ বিজুলী প্ৰসাদৰ মৃত্যুত ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে৷ বিজুলী প্ৰসাদৰ মৃত্যুৰ খবৰ পাই বিহালীকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ অগণিত পশুপ্ৰেমী আৰু প্ৰকৃতিপ্ৰেমীয়ে বিজুলী প্ৰসাদক শেষবাৰৰ বাবে চাবলৈ ঢাপলি মেলে৷ বিজুলী প্ৰসাদৰ চিকিৎসাৰ তদাৰক কৰি আহিছে বিশিষ্ট চিকিৎসা বিজ্ঞানী ড॰ কুশল  কোঁৱৰ শৰ্মাই৷ বিজুলী প্ৰসাদৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শৰ্মাই কয় যে বনৰীয়া হাতীৰ গড় আয়ুস ৬২-৬৫ বছৰ৷ ভাল পৰিচৰ্যা পালে ঘৰচীয়া হাতী ৮০ বছৰ পৰ্যন্ত জীয়াই থাকে৷ ৮-১০ বছৰ পূৰ্বে বিজুলী প্ৰসাদৰ দাঁত সৰিছিল৷ সেইবাবে বিজুলী প্ৰসাদে বহুদিন ধৰি একো খাব পৰা নাছিল৷ ফলশ্ৰুতিত তাৰ অৱস্থা দিনক দিনে বেয়ালৈ গৈ আছিল৷ পাছত তাৰ সকলো খাদ্য সলাই সিজোৱা খাদ্য দিয়াৰ ব্যৱস্থা কৰা হৈছিল আৰু লাহে লাহে তাৰ অৱস্থা ভাললৈ আহিছিল৷