Logo
image

পুনৰ ২৫০ কোটি টকা ঋণ ল’লে ৰাজ্যই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ আগষ্টঃ দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰকল্প অনুমোদন তথা পুজি বিনিয়োগত অসম দেশৰ ভিতৰতে অন্তিম স্থানত থকাৰ তথ্য ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উন্মোচন হোৱাৰ সময়তে নিজা ৰাজহ সংগ্ৰহতো অসম যে দেশৰ প্ৰায় শেষৰফালে আছে, সেয়া ইতিমধ্যে সংসদৰ মজিয়াত উন্মোচন হৈছে৷ অসমৰ নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস হৈ অহাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ বাবে এতিয়া ঋণ লোৱাৰ কোনো বিকল্প নোহোৱা হৈ পৰিছে৷ ৰাজ্য চৰকাৰে পুনৰ পাঁচ বছৰলৈ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ লোৱাৰ বাবে সাজু হৈছে৷ মঙলবাৰে দেশৰ আন ৬খন ৰাজ্যৰ লগতে অসম চৰকাৰেও ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ ল’ব৷ এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকে বিগত ১৮ আগষ্টতে নিবিদা প্ৰকাশ কৰিছে৷ সংসদৰ চলিত অধিৱেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা ৰাজহৰ পৰিমাণ আছিল মাত্ৰ ২৯,০৬১ কোটি টকা৷ অথচ অসমৰ বিপৰীতে মহাৰাষ্ট্ৰ , উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বাৰ্ষিক ৰাজহৰ পৰিমাণ ডেৰ লাখ কোটি টকাতকৈ অধিক৷ কিন্তু ইয়াৰ পাছতো হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অসম চৰকাৰে প্ৰতিমাহেই হাজাৰ কোটি টকাকৈ ঋণ লৈ আহিছে৷ বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় ১ লাখ ৩৭ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে৷ তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ ৩৬ হাজাৰ কোটি টকা আছিল যদিও পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ ৮০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছিল৷ অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম দুটা বৰ্ষতে ঋণৰ পৰিমাণ ৰ লাখ ৩৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে৷